ETV Bharat / bharat

ভাৰতীয় জাতীয় কংগ্ৰেছৰ 138 বছৰীয়া ইতিহাসৰ অৱলোকন

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 1:13 PM IST

INC Foundation Day: 138 টা বসন্ত গৰকিলে ভাৰতীয় জাতীয় কংগ্ৰেছে (INC) ৷ 28 ডিচেম্বৰ অৰ্থাৎ আজি ভাৰতীয় জাতীয় কংগ্ৰেছে 138 তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ ভাৰতৰ ৰাজনীতিত ৰাজনৈতিক দৃশ্যপটত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যাত্ৰাৰ ওপৰত আলোকপাত কৰোঁ আহক...

Indian National Congress Foundation Day
ভাৰতীয় জাতীয় কংগ্ৰেছৰ 138 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ : ভাৰতীয় জাতীয় কংগ্ৰেছ, চমুকৈ কংগ্ৰেছ, ভাৰতৰ অন্যতম ৰাজনৈতিক দল। আজি অৰ্থাৎ 28 ডিচেম্বৰত দলটোৱে ভাৰতৰ ৰাজনীতিৰ ইতিহাসত গৌৰৱোজ্জ্বল 138 টা বসন্ত গৰকে ৷ 1885 চনৰ 28 ডিচেম্বৰত ব্ৰিটিছৰাজৰ অধীনত কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল।

অৱসৰপ্ৰাপ্ত ব্ৰিটিছ ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া এলান অক্টাভিয়ান হিউমে শিক্ষিত ভাৰতীয়সকলৰ মাজত অসামৰিক আৰু ৰাজনৈতিক আলোচনাৰ দিশ আগবঢ়াবলৈ এই মঞ্চৰ প্ৰতিষ্ঠা কৰিছিল ৷ এই দলটোৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত আছিল এ. ও. হিউম, দাদাভাই নৰোজী আৰু দিনশা ৱাচা। উনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ মাজভাগলৈ, কংগ্ৰেছে ভাৰতীয় স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰি ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল ৷

নীতি আৰু গাঁথনি:

এক পদানুক্ৰমিক গাঁথনিৰ দ্বাৰা পৰিচালিত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকলক লগত লৈ এখন ৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰে । এই সন্মিলনে দলৰ সভাপতি আৰু সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ কাৰ্য্যালয়-বাহক নিৰ্বাচিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 20 জন সদস্যৰে গঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি) মুখ্যতঃ দলৰ সভাপতিৰে নিযুক্ত কৰিব পৰা গুৰুত্বপূৰ্ণ ক্ষমতা আছে । লগতে দলটোৱে ভালেকেইটা সমিতি আৰু শাখা সংগঠিত কৰি এই সমিতিসমূহত যুৱ আৰু মহিলাসকলক সামৰি লয় ৷

1990 দশকৰ মাজভাগত দলটোত সদস্যৰ সংখ্যা 40 নিযুতৰ পৰা 20 নিযুতলৈ হ্ৰাস পাইছিল ৷ যদিও দলটো বিচলিত নহৈ ভাৰতৰ ৰাজনীতিৰ ইতিহাসত নিজৰ স্বকীয়তা অক্ষুন্ন ৰাখিছিল ৷ INC ৰ প্ৰথম অধিৱেশন 1885 চনৰ 28-31 ডিচেম্বৰত অনুষ্ঠিত হৈছিল ৷ এই অধিৱেশনত ইয়াত 72 জন প্ৰতিনিধি উপস্থিত আছিল।

ইতিহাস:

কংগ্ৰেছ দলে আৰম্ভণিতে এক মিশ্ৰিত অৰ্থনীতিৰ পৰিকাঠামোৰ ভিতৰত সমাজতান্ত্ৰিক অৰ্থনৈতিক নীতি অনুসৰণ কৰিছিল । 1990 দশকত দলটো এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছিল যেতিয়া, দলটোৱে বজাৰ সংস্কাৰৰ অৰ্থে মুক্ত অৰ্থনীতি আৰু ব্যক্তিগতকৰণক প্ৰাধান্য দিছিল ৷ দলটোৱে সদায়েই জাত-জনজাতি নিৰ্বিশেষে সকলো নাগৰিকৰ বাবে সম অধিকাৰৰ সপক্ষে ধৰ্ম নিৰপেক্ষ নীতি পালন কৰি নিজ প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰি আহিছে ৷

আমেৰিকা আৰু ৰাছিয়াৰ ক’ল্ড ৱাৰৰ সময়ত কংগ্ৰেছ দলটোৱে দুয়োখন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কৰ ওপৰত গুৰুত্ব দি বৈদেশিক নীতিৰ নেতৃত্ব দিছিল । অৱশ্যে, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে পিচত পাকিস্তানৰ প্ৰতি আমেৰিকাৰ সমৰ্থনৰ বাবে 1971 চনত ছোভিয়েট ইউনিয়নৰ সৈতে বন্ধুত্ব চুক্তি স্বাক্ষৰ কৰে ।

তাৎপৰ্য:

দেশৰ ইতিহাসত INC ৰ তাৎপৰ্য গুৰুত্বপূৰ্ণ । 1885 চনত দলটো প্ৰতিষ্ঠা হোৱাৰ পিচত ভাৰতীয়সকলৰ বাবে একমাত্ৰ প্ৰতিনিধি সংস্থা হিচাপে কাম কৰা দল বুলি গণ্য কৰা হৈছিল কংগ্ৰেছক ৷ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ তিনিও পৰ্যায়তে কংগ্ৰেছে নিজ আধিপত্য বিস্তাৰ কৰিছিল । 1947 চনত স্বাধীনতাৰ পিচত কংগ্ৰেছ ভাৰতৰ প্ৰভাৱশালী ৰাজনৈতিক দল হৈ পৰে।

প্ৰাক-গান্ধীবাদী পৰ্যায়: প্ৰাক-গান্ধীবাদী পৰ্যায়ত কংগ্ৰেছে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল । স্বাধীনতাৰ পূৰ্বে জৱাহৰলাল নেহৰুৱে সঘনাই ইউৰোপীয় কমিউনিষ্ট আৰু পূৰ্বৰ ইউএছএছআৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল ৷ নেহৰুৱে ৰাষ্ট্ৰ নিৰ্মাণ, ঔদ্যোগীকৰণ আৰু বৈদেশিক নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল ৷

NIC: 1885 চনত দলটো গঠন কৰাৰ লক্ষ্য আছিল দেশৰ শাসনত অধিক ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা । 1905 চনৰ ভিতৰত আইএনচিয়ে ভিতৰত সাংবিধানিক পদ্ধতিৰ সন্দৰ্ভত মাত মতা এক মধ্যমীয়া সংগঠনৰ পৰা এক মৌলবাদী শক্তিলৈ বিকশিত হৈছিল। একেটা চনতে হোৱা বংগ বিভাজন দলটোৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে চিহ্নিত হৈছিল ৷ তাৰ পিচতে কংগ্ৰেছ এক গণ আন্দোলনলৈ ৰূপান্তৰিত হয় ৷

মহাত্মা গান্ধীঃ

1915 চনত দলটোত মহাত্মা গান্ধীৰ আগমনে কংগ্ৰেছক অধিক উৎসাহিত কৰে ৷ দলটোৱে ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰি 'সত্যাগ্ৰহ' আৰু আইন অমান্যৰ দৰে স্বাধীনতা সংগ্ৰামৰ নতুন কাৰ্যসূচী হাতত লয় ৷ মহাত্মা গান্ধী নেতৃত্বই অভিজাত আৰু জনসাধাৰণ দুয়োৰে পৰা সমৰ্থন লাভ কৰিছিল ৷ তাৰ পিচতে জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল আৰু সুভাষ চন্দ্ৰ বসুৰ দৰে নেতাৰ উদ্ভৱ হৈছিল । 1907 চনত চুৰাট অধিৱেশনত দলত বিভাজন হোৱা স্বত্বেও, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত কংগ্ৰেছ এক প্ৰভাৱশালী ৰাজনৈতিক শক্তি হৈ পৰিছিল । মহম্মদ আলী জিন্নাও দলটোৰ সদস্য আছিল যদিও তেওঁ 1913 চনত মুছলিম লীগত যোগদান কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ 1920 চনলৈকে কংগ্ৰেছৰ সদস্য হৈ আছিল।

স্বাধীনতাৰ পৰৱৰ্তী কাল: কংগ্ৰেছ দলৰ পৰা জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, পি ভি নৰসিংহ ৰাও আৰু মনমোহন সিঙকে ধৰি বিশিষ্ট নেতাই ৰাজনীতিৰ পটভূমিত নিজৰ নাম খোদিত কৰিছে ৷ 1984-89 চনত ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ ভাৰতৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় । 1987 চনৰ মাজভাগত, বোফৰ্ছ কেলেংকাৰীয়ে ৰাজীৱ গান্ধীৰ দুৰ্নীতিমুক্ত ভাৱমূৰ্তিত মোক্ষম আঘাত কৰে ৷ ইয়াৰ ফলস্বৰূপে 1989 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে বৃহৎ পৰাজয়ৰ সন্মুখীন হয় ৷ 1991 চনত লিবাৰেশ্য়ন টাইগাৰ্ছ অফ তামিল ইলাম (এলটিটিই)ৰ এজন আত্মঘাতী বোমাৰুৱে গান্ধীক হত্যা কৰিছিল ৷

ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধী 1998 চনৰ পৰা 2017 চনলৈ দলটোৰ আটাইতকৈ দীঘলীয়া সময়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰয়াত ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ পুত্ৰ ৰাহুল গান্ধীয়ে ডিচেম্বৰ 2017 চনৰ পৰা 2019 জুলাইলৈকে সভাপতি পদত অধিষ্ঠিত হৈছিল ৷ বৰ্তমানৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শশী থাৰুৰক পৰাস্ত কৰি সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী দলিত ৷

২০২৩ চনত কংগ্ৰেছ: শেহতীয়াকৈ ভাৰতত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢৌ অব্যাহত আছে ৷ ইয়াৰ ফলত বৰ্তমাৰ ৰাজনৈতিক পটভূমিত দলটো নিশকতীয়া হোৱাৰ দিশে উপক্ৰম হৈছে ৷ সম্প্ৰতি কংগ্ৰেছে বৰ্তমান মাত্ৰ তিনিখন ৰাজ্যত শাসন কৰি আছে, তেলেংগানা, হিমাচল প্ৰদেশ আৰু কৰ্ণাটক । জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, পি ভি নৰসিংহ ৰাও আৰু মনমোহন সিঙৰ দৰে দেশৰ ছয়গৰাকী বলিষ্ঠ প্ৰধানমন্ত্ৰী প্ৰদান কৰা দলটোৱে ভাৰতৰ ভূমিত পূৰ্বৰ গৰিমা ঘূৰাই পাবলৈ কঠোৰ পৰিশ্ৰমৰ লগতে সঠিক ৰাজনৈতিক নীতি অনুসৰণ কৰিব লাগিব ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.