ETV Bharat / bharat

জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি বুলেট ৰেলৰ পৰিৱৰ্তন

author img

By

Published : Mar 7, 2021, 4:33 PM IST

জাপানৰ বুলেট ৰেলৰ তুলনাত, দেশৰ উচ্চ উষ্ণতা আৰু জলবায়ুৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চ গতিৰ ৰেল বা বুলেট ৰেলৰ ক্ষেত্ৰত ভাৰততো শক্তিশালী বায়ু নিয়ন্ত্ৰণ প্ৰণালীৰ লগতে দেশৰ জলবায়ুৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাৰ উদ্দেশ্যে পৰিবৰ্তন কৰাৰ সিদ্ধান্ত নেশ্যনেল হাই-স্পীড কৰ্পৰেচনৰ । মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ৰাজধানীসমূহক সংযোগ কৰাৰ উদ্দেশ্যে নেশ্যনেল হাই-স্পীড কৰ্পৰেচনে এই প্ৰকল্পৰ কাম পূৰ্ণগতিত আৰম্ভ কৰিছে ।

জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি বুলেট ৰেলৰ পৰিৱৰ্তন
জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি বুলেট ৰেলৰ পৰিৱৰ্তন

নিউজ ডেস্ক, ৭ মাৰ্চ: উচ্চ গতিৰ ৰেল বা বুলেট ৰেলৰ ক্ষেত্ৰত ভাৰততো শক্তিশালী বায়ু নিয়ন্ত্ৰণ প্ৰণালীৰ লগতে দেশৰ জলবায়ুৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাৰ উদ্দেশ্যে পৰিবৰ্তন কৰা হ'ব । লগতে জাপানৰ বুলেট ৰেলৰ তুলনাত, দেশৰ উচ্চ উষ্ণতা আৰু জলবায়ুৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি নেশ্যনেল হাই-স্পীড কৰ্পৰেচন (এনএইছএছআৰচিএল)ৰ বিষয়াসকলে জানিবলৈ দিয়ে । উল্লেখ্য যে, ভাৰতে বৰ্তমান ৫০৮ কিলোমিটাৰ দূৰত্বৰ মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰ নিৰ্মাণ কৰি আছে । মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ৰাজধানীসমূহক সংযোগ কৰাৰ উদ্দেশ্যে নেশ্যনেল হাই-স্পীড কৰ্পৰেচনে এই প্ৰকল্পৰ কাম পূৰ্ণগতিত আৰম্ভ কৰিছে ।

এই সন্দৰ্ভত নেশ্যনেল হাই-স্পীড কৰ্পৰেচনৰ মুখপাত্ৰ সুষমা গৌৰে কয় যে, জাপানত চলিত ৰেলসমূহ ৪০ ডিগ্ৰী চেলচিয়াছলৈকে বাহিৰৰ উষ্ণতা সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হয। কিন্তু ভাৰতত বিশেষকৈ মহাৰাষ্ট্ৰত বাহিৰৰ উষ্ণতা সহ্য কৰিব পৰা আনকি ৫০ ডিগ্ৰী অতিক্ৰম কৰিব পৰাকৈ নিৰ্মাণ কৰি থকা হৈছে । লগতে ধূলি প্ৰতিৰোধ কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । দেশৰ পৰিৱেশ- পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুলেট ৰেলত লগোৱা এয়াৰ কণ্ডিচনাৰ, ব্ল'ৱাৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ সঁজুলিৰ বিভিন্ন ধূলি ফিল্টাৰ থাকিব বুলি জনায় গৌৰে । ইতিমধ্যে এনএইছএছআৰচিএলে জাপানৰ পৰা চিনকানচেন বুলেট ট্ৰেইন ৰেকৰ ই-৫ শৃংখলাৰ ২৪ টা ৰেক ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে গৌৰে কয় যে, এখন ৰেলত ৭৩০ গৰাকী যাত্ৰী বহিব পৰা ক্ষমতা থকা ১০ খন ৰেল থাকিব । অৱশ্যে, ভৱিষ্যতে এই কৰিডৰত ১৬ খন ৰেল ব্যৱহাৰ কৰা হ'ব আৰু ইয়াৰ প্ৰতি ঘন্টাত সৰ্বাধিক ৩২০ কিলোমিটাৰ গতি কৰিব । মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰত ৰেলত প্ৰথম, ব্যৱসায় আৰু উৎকৃষ্ট এই তিনি প্ৰকাৰৰ বহিবলৈ ব্যৱস্থা থাকিব বুলিও জনায় গৌৰে ।

উল্লেখ্য যে, ২০১৭ চনৰ ১৪ ছেপ্টেম্বৰত ১.০৮ লাখ কোটি টকা ব্য সাপেক্ষে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে । ২০২৩ চনত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে । এই বুলেট ৰেল দুঘণ্টাৰ ভিতৰত ৫০৮ কিলোমিটাৰ গতিৰে প্ৰতি ঘণ্টাত ৩২০ কিলোমিটাৰত চলিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: ইছৰোৰ শীৰ্ষ বিষয়াৰ কৰ’ণা প্ৰতিষেধক গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.