ETV Bharat / bharat

ইজৰাইলী পণবন্দীৰ মুক্তিক স্বাগতম ভাৰতৰ; বাকীসকলকো চৰ্তবিহীনভাৱে মুক্তি দিয়াৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:10 AM IST

ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে কয় যে সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ এক শূন্য সহনশীল দৃষ্টিভংগী আছে আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন পালন কৰাৰ এক সাৰ্বজনীন বাধ্যবাধকতা আছে । ভাৰতে ইজৰাইল-হামাছ যুদ্ধত অসামৰিক লোকৰ মৃত্যুক তীব্ৰ গৰিহণা দিছে ।

India welcomes release of Israeli hostages
ইজৰাইলী পণবন্দীৰ মুক্তিক স্বাগতম ভাৰতৰ

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : ইজৰাইলী বন্দীসকলক হামাছে মুক্তি দিয়া কাৰ্যক ভাৰতে আদৰণি জনাইছে । লগতে হামাছৰ হাতত এতিয়াও বন্দী হৈ থকা লোকসকলক তাৎক্ষণিক আৰু চৰ্তবিহীনভাৱে মুক্তি দিবলৈও আহ্বান জনাইছে । আনহাতে, সন্ত্ৰাসবাদৰ সৈতে পণবন্দীক জড়িত কৰাটোত কোনো যৌক্তিকতা থাকিব নোৱাৰে বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে বিগত সপ্তাহত ইজৰাইল আৰু হামাছে ইজিপ্ত আৰু আমেৰিকাৰ সমৰ্থনত আৰু কাটাৰৰ মধ্যস্থতাত ৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত হামাছে বন্দী কৰা ইজৰাইল আৰু অন্যান্য বিদেশী নাগৰিকসকলক মুক্তি দিয়াৰ বাবে এক চুক্তিত উপনীত হৈছিল । এই আক্ৰমণত প্ৰায় ১,২০০ জন লোক নিহত হয় আৰু ২৪০ জন ইজৰাইলী আৰু অন্যান্য নাগৰিকক হামাছে বন্দী কৰে ।

বৰ্তমানলৈকে হামাছে পাঁচটা গোটত ৬০ জনতকৈও অধিক ইজৰাইলী আৰু বিদেশী নাগৰিকক মুকলি কৰি দিছে । আনহাতে, ইয়াৰ বিনিময়ত ইজৰাইলে প্ৰায় ১৫০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিছে । "আমি আজি এনে এক সময়ত সমবেত হৈছোঁ যে চলিত ইজৰাইল-হামাছ সংঘৰ্ষৰ ফলত মধ্যপ্ৰাচ্যৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটিছে । যাৰ ফলত বৃহৎ পৰিমাণে অসামৰিক লোকৰ প্ৰাণহানি হৈছে । বিশেষকৈ মহিলা আৰু শিশুৰ মৃত্যু হৈছে আৰু এক উদ্বেগজনক মানৱীয় সংকটে দেখা দিছে । এইটো স্পষ্টভাৱে গ্ৰহণযোগ্য নহয় আৰু আমি সঁচাকৈয়ে অসামৰিক লোকৰ মৃত্যুক তীব্ৰ গৰিহণা দিছোঁ ।" ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে মঙলবাৰে কয় ।

ইয়াৰ উপৰি পেলেষ্টাইনৰ প্ৰশ্ন আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ পূৰ্ণাংগ বৈঠকত দিয়া মন্তব্যত কম্বোজে কয় যে এই মানৱীয় সংকট সমাধানৰ ক্ষেত্ৰত সকলো পক্ষই পৰম দায়িত্ব প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয় । "আমি অৱগত যে তাৎক্ষণিক প্ৰতিক্ৰিয়াটো আছিল ৭ অক্টোবৰত ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ । এই ঘটনা অতি আচৰিত আছিল আৰু এয়া আমাৰ বাবে দ্ব্যর্থহীন গৰিহণাৰ যোগ্য । সন্ত্ৰাসবাদৰ লগত পণবন্দীক জড়িত কৰোৱাটো কেতিয়াও যুক্তিপূৰ্ণ হ'ব নোৱাৰে ।" তেওঁ কয় ।

কম্বোজে কয় লগত যে ভাৰতে বন্দীসকলৰ মুক্তিৰ বাতৰিক আদৰণি জনাইছে । লগতে বাকী থকা বন্দীসকলক তাৎক্ষণিক আৰু চৰ্তবিহীনভাৱে মুকলি কৰাৰ আহ্বান জনাইছে । যিসকলক পণবন্দী হিচাপে লোৱা হৈছে তেওঁলোকৰ প্ৰতি নিজৰ দেশৰ উদ্বেগ আছে বুলিও তেওঁ উল্লেখ কৰে ।

"সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ এক শূন্য সহনশীল দৃষ্টিভংগী আছে । আমি এইটোও বিশ্বাস কৰোঁ যে আন্তৰ্জাতিক মানৱীয় আইন পালন কৰাৰ এক সাৰ্বজনীন বাধ্যবাধকতা আছে ।" তেওঁ কয় । আনহাতে, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে বন্দীসকলৰ মুক্তিক আদৰণি জনাইছে আৰু সকলো বন্দীকে তাৎক্ষণিক আৰু চৰ্তবিহীনভাৱে মুক্তি দিয়াৰ বাবে তেওঁ পুনৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :যুদ্ধবিৰতিৰ চতুৰ্থ দিন, ১১ ইজৰাইলী বন্দীক মুকলি হামাছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.