ETV Bharat / bharat

Minister Sitharaman on WTO : বিশ্ব বাণিজ্য সংস্থাক অধিক প্ৰগতিশীল হোৱাৰ আহ্বান ভাৰতৰ

author img

By

Published : Apr 11, 2023, 11:03 AM IST

Minister Sitharaman on WTO
বিশ্ব বাণিজ্য সংস্থাক অধিক প্ৰগতিশীল হোৱাটো বিচাৰে ভাৰতে

আমেৰিকাৰ পিটাৰচন ইনষ্টিটিউট ফৰ ইণ্টাৰনেচনেল ইকনমিক্সত এক বিশেষ আলোচনাচক্ৰত অংশ গ্ৰহণ ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ (Nirmala Sitharaman in America)। অনুষ্ঠানত বিশ্ব বাণিজ্য সংস্থাক কেইবাটাও বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে । সংস্থাক প্ৰগতিশীল হোৱাৰ লগতে সকলো দেশৰ কথা শুনিবলৈ আহ্বান জনালে ।

নেশ্যনেল ডেস্ক,১১ এপ্ৰিল : বিশ্ব বাণিজ্য সংস্থাক অধিক প্ৰগতিশীল হোৱাটো বিচাৰে ভাৰতে (India wants WTO to be more progressive)। লগতে আন দেশৰ কথাও শুনাটো প্ৰয়োজন বুলি ভাবে । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে কয় যে, বিশ্ব বাণিজ্য সংস্থাই কেৱল শুনিবলৈ নহয় ব্যতিক্ৰমী চিন্তা কৰা দেশবোৰক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে ।

আমেৰিকাৰ পিটাৰচন ইনষ্টিটিউট ফৰ ইণ্টাৰনেচনেল ইকনমিক্সত (Peterson Institute for International Economics) এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সীতাৰমণে এই মন্তব্য কৰে । তেওঁ কয় যে, সংস্থাটো বহুত বেছি প্ৰগতিশীল হোৱাটো প্ৰয়োজন, সকলো দেশৰ কথা শুনিব লাগে, সকলো সদস্যৰ প্ৰতি ন্যায্য হ'ব লাগে ।

তেওঁ লগতে কয় যে সৌভাগ্যক্ৰমে ২০১৪ ৰ পৰা ২০১৭ চনৰ ভিতৰত ভাৰতৰ বাণিজ্য মন্ত্ৰী হৈ থকা সময়ত তেওঁ বিশ্ব বাণিজ্য সংস্থাৰ সৈতে কিছু সময় অতিবাহিত কৰিছিল (Nirmala Sitharaman on WTO)। যিবোৰ দেশৰ ব্যতিক্ৰমী কোনো পদক্ষেপ আছে সেই দেশবোৰৰ কথা শুনাৰ লগতে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে বুলিও তেওঁ বিশ্ব বাণিজ্য সংস্থাক আহ্বান জনায় ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিবৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ সৈতে বাণিজ্য সচিবগৰাকীৰ কথাৰ মিল আছে (Finance Minister Nirmala Sitharaman)। পৰম্পৰাগত ব্যৱসায়িক পদ্ধতিটো প্ৰকৃততে কি ? বজাৰখন উদাৰ কৰাটো প্ৰকৃততে কি ? শুল্ক হ্ৰাসৰ ক্ষেত্ৰত ইয়াৰ প্ৰকৃত অৰ্থ কি হ'ব ? এই বিষয়বোৰ গুৰুত্ব দিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

বৰ্তমান সময়ত দেশবোৰে লক্ষ্য কৰি আছে যে আপুনি কিমান পৰিমাণে বজাৰ উদাৰীকৰণ কৰিব বিচাৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ বাবে ইয়াৰ ব্যয়ৰ প্ৰতিক্ৰিয়া হৈছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিবে ঠিক এইটোৱেই কৈছে বুলি তেওঁ উল্লেখ কৰে । আনকি বিশ্ব পৰ্যায়ত পূৰ্বে তেওঁৰ কথা কেতিয়াও স্থান পোৱা নাছিল বুলিও উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । কিন্তু বিশ্বৰ দক্ষিণৰ বহুতো দেশৰ একেই অনুভৱ আছে বুলিও কয় সীতাৰমণে ।

বিত্ত মন্ত্ৰীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে এখন দেশে কেনেকৈ ইয়াৰ উৎপাদন ঘূৰাই পায় যদিহে ই কেৱল নিৰন্তৰভাৱে ইয়াৰ বজাৰ মুক্ত কৰিব লগা হয় । ই আলোচনাৰ বিষয় বুলি তেওঁ কয় । ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ (World Trade Organization) সৈতে এই সম্পৰ্কে কথা পাতিবলৈ প্ৰয়াস কৰি আছে যদিও সেয়া সম্ভৱ হোৱা নাই বুলিও তেওঁ কয় । আন এক বিষয় হৈছে ইলেক্ট্ৰনিক্স ট্ৰেন্সমিচন সম্পৰ্কীয় বাধা ।

১৯৯৮ চনৰ পৰাই সকলোৱে লক্ষ্য কৰিছে যে ইলেক্ট্ৰনিক্স ব্যৱসায়ত ঘটি থকা পৰিৱৰ্তনৰ বাবে বিশ্ব বাণিজ্যক সংস্থাই শুল্কৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে । ই উন্নয়নশীল দেশবোৰক বেলেগ ধৰণে আঘাত কৰিছে বুলিও তেওঁ উল্লেখ কৰে । ভাৰতৰ বিত্ত মন্ত্ৰীগৰাকীৰ মতে ১৯৯৮ চনৰ পৰা ইয়াক পুনৰীক্ষণ কৰা হোৱা নাই । কোনো মন্ত্ৰীসভায়ো ইয়াক আলোচনাৰ বাবে গ্ৰহণ নকৰে ।

লগতে পঢ়ক : Amit Shah Arunachal Visit : সীমান্তত আইটিবিপিৰ সৈতে বৈঠক গৃহমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.