Tokyo Olympics : ডিচকাছ থ্ৰ’ৰ ফাইনেলত কমলপ্ৰীত কৌৰ

author img

By

Published : Jul 31, 2021, 9:19 PM IST

India Makes History As Kamalpreet Kaur Marches Into Finals In Discus Throw

Tokyo Olympics ত শনিবাৰে কেইবাগৰাকীও খেলুৱৈৰ নিৰাশাজনক প্ৰদৰ্শনৰ পাছত সুখবৰ কঢ়িয়াই আনিলে কমলপ্ৰীত কৌৰে ৷ মহিলাৰ ডিচকাছ থ্ৰ’ৰ কোৱালিফায়িং শাখাৰ খেলৰ পৰা পোনপটীয়াকৈ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ৷

স্প’ৰ্টছ ডেস্ক, ৩১ জুলাই : টকিঅ' অলিম্পিক (Tokyo Olympic)ৰ ডিচকাছ থ্ৰ’(Discus Throw ) ইভেণ্টৰ ফাইনেলত স্থান নিশ্চিত কৰিছে ভাৰতীয় খেলুৱৈ কমলপ্ৰীত কৌৰে (Kamalpreet Kaur ) ৷ কৌৰে শনিবাৰে ৬৪ মিটাৰ থ্ৰ’ৰে মহিলা ডিচকাছৰ ফাইনেল ইভেণ্টত পোনপটীয়াকৈ প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰে ৷ ইয়াৰ লগতে কৌৰে অলিম্পিকৰ ইতিহাসত নাম খোদিত কৰিবলৈ সক্ষম হয় ৷ এই ইভেণ্টৰ ফাইনেল খেল ২ আগষ্টৰ সন্ধিয়া ৫.৩০ বজাত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে, টকিঅ’ অলিম্পিক (Tokyo Olympic)ত শনিবাৰে মহিলাৰ ডিচকাছ থ্ৰ’ৰ শাখাত যোগ্যতা অৰ্জনৰ ৰাউণ্ড(Qualifying rounds for women's discus throw) অনুষ্ঠিত হয় । ভাৰতৰ হৈ সীমা পুনিয়া আৰু কমলপ্ৰীত কৌৰে প্ৰতিযোগিতাখনত প্ৰতিনিধিত্ব কৰে । কমলপ্ৰীত কৌৰে কোৱালিফায়িং ৰাউণ্ডত ৬৪ মিটাৰ ডিচকাছ থ্ৰ’ কৰি পোনপটীয়াকৈ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ৷

কৌৰে গ্ৰুপ বি-ৰ কোৱালিফাইং ৰাউণ্ড (Qualifying round)ত অংশগ্ৰহণ কৰিছিল । কমলপ্ৰীত কৌৰে প্ৰথমবাৰত ৬০.২৯ মিটাৰ আৰু দ্বিতীয় সুযোগত উৎকৃষ্ট প্ৰদৰ্শনৰে 63.97 মিটাৰ দূৰৈত থ্ৰ’ কৰে । তেওঁ তৃতীয় সুযোগত ডিচকাছটো 64.00 মিটাৰ দূৰত্বত থ্ৰ’ কৰিবলৈ সক্ষম হয় আৰু ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ।

লগতে পঢ়ক : Tokyo Olympics: ভাৰতৰ পুৰুষ হকী দলে পৰাভূত কৰিলে জাপানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.