ETV Bharat / bharat

ক'ভিড-১৯ : ভাৰতত নতুনকৈ ১৮,৯৮৭ গৰাকী লোক আক্ৰান্ত

author img

By

Published : Oct 14, 2021, 2:23 PM IST

বুধবাৰৰ দিনটোত দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ১৮,৯৮৭ গৰাকী লোক । কেৰালাত সৰ্বাধিক ১১,০৭৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত । দেশত এতিয়ালৈ আৰোগ্যৰ সংখ্যা ৩,৩৩,৬২,৭০৯ গৰাকীলৈ বৃদ্ধি পাইছে ।

covid case of India
দেশত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ

নেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ : দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১৮,৯৮৭ গৰাকী লোক । ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ৩,৪০,২০,৭৩০ টা । যোৱা ২৪ ঘণ্টাত দেশত ২৪৬ গৰাকী কৰ'ণা ৰোগীয়ে মৃত্যুক আঁকোৱালি লৈছে যাৰ ফলত দেশত মুঠ মৃত্যুৰ সংখ্যা ৪,৫১,৪৩৫ লৈ বৃদ্ধি পাইছে ।

যোৱা এটা দিনত দেশৰ ভিতৰতে কেৰালাত সৰ্বাধিক ১১,০৭৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে দেশত আৰোগ্য হোৱাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১৯,৮০৮ গৰাকী কৰ'ণা ৰোগী আৰোগ্য হৈছে । ইয়াৰ ফলত দেশত এতিয়ালৈ মুঠ আৰোগ্যৰ সংখ্যা ৩,৩৩,৬২,৭০৯ গৰাকীলৈ বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ভাৰতত দ্ৰুত গতিত চলি আছে টীকাকৰণ (Vaccination) অভিযান । এতিয়ালৈ দেশত ৯৬.৮২ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত যোৱা ২৪ ঘণ্টাত দেশত ৩৫,৬৬,৩৪৭ গৰাকী লোক লাভ কৰিছে ক'ভিড প্ৰতিষেধক ।

লগতে পঢ়ক : PM Gati Shakti National Master Plan : সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.