ETV Bharat / bharat

'President of Bharat' : ইণ্ডিয়াক 'ভাৰত' বুলি কোৱাত কোনো সাংবিধানিক আপত্তি নাই; শশী থাৰুৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 4:53 PM IST

ইণ্ডিয়া হৈছে দেশৰ চৰ্চিত দুটা নামৰ ভিতৰত অন্যতম । ইণ্ডিয়া নামৰ ব্ৰেণ্ড মূল্য অতুলনীয় । জি-২০ৰ নিমন্ত্ৰণী পত্ৰত 'President of Bharat' লিখাৰ পাছতে থাৰুৰৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

President of Bharat
ইণ্ডিয়া বিতৰ্কক লৈ শশী থাৰুৰ তীব্ৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ : সম্প্ৰতি 'ইণ্ডিয়া' আৰু 'ভাৰত'ক লৈ ব্যাপক চৰ্চা অব্যাহত আছে । ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিয়ে । বিৰোধী মিত্ৰজোঁটৰ নাম 'INDIA' হোৱাৰ বাবেই দেশৰ 'ইণ্ডিয়া' নামকলৈ চিন্তিত হৈছে শাসকীয় পক্ষ । বহু শাসকীয় নেতাই আনকি জনসাধাৰণক ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত নাম ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে । একাংশ নেতাই আকৌ ইণ্ডিয়া আঁতৰাই নিজৰ সামাজিক মাধ্যমৰ প্ৰফাইলত ভাৰত লিখিছে ।

ইয়াৰ মাজতে এইবাৰ জি-২০ বৈঠকৰ নিমন্ত্ৰণী পত্ৰতো 'ইণ্ডিয়া'ৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ল 'ভাৰত' । ভাৰতৰ ৰাষ্ট্ৰপতিৰ জি-২০ৰ নৈশ ভোজৰ নিমন্ত্ৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা শশী থাৰুৰে মঙলবাৰে কয় যে ইণ্ডিয়াক 'ভাৰত' বুলি কোৱাত কোনো সাংবিধানিক আপত্তি নাই । থাৰুৰে অৱশ্যে আশা কৰে যে চৰকাৰ ইমানো মুৰ্খ নহয় যে তেওঁলোকে ইণ্ডিয়াক সম্পূৰ্ণৰূপে শেষ কৰিব কিয়নো ইয়াৰ ব্ৰেণ্ড মূল্য অতুলনীয় ।

  • While there is no constitutional objection to calling India “Bharat”, which is one of the country’s two official names, I hope the government will not be so foolish as to completely dispense with “India”, which has incalculable brand value built up over centuries. We should… pic.twitter.com/V6ucaIfWqj

    — Shashi Tharoor (@ShashiTharoor) September 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছে অভিযোগ কৰিছে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বাৰা 'ৰাজ্য সংঘ' আক্ৰমণৰ সন্মুখীন হৈছে কিয়নো জি-২০ বৈঠকৰ নৈশ ভোজৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতিক 'President of Bharat' বুলি উল্লেখ কৰা হৈছে । এক্সৰ এটা পোষ্টত তিৰুৱন্তপুৰমৰ কংগ্ৰেছ সাংসদ থাৰুৰে কয় যে 'ইণ্ডিয়া' দেশৰ দুটা চৰকাৰী নামৰ ভিতৰত অন্যতম । থাৰুৰে কয় যে কংগ্ৰেছে দাবী কৰে যে ইতিহাসৰ পুনৰাবৃত্তি হোৱা নাম এটাৰ সলনি দুয়োটা শব্দ ব্যৱহাৰ কৰা উচিত যি বিশ্বজুৰি স্বীকৃত ।

উল্লেখ্য যে ভাৰতৰ সভাপতিত্বত ৯ ৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ'ব জি-২০ বৈঠক । য'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনকে ধৰি সমগ্ৰ বিশ্বৰ কেইবাজনো ৰাষ্ট্ৰপ্ৰধানে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :India vs Bharat: জি-২০ নৈশভোজৰ আমন্ত্ৰণী পত্ৰত এইবাৰ President of Bharat; কংগ্ৰেছ, আৰজেডিৰ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.