ETV Bharat / bharat

ভাৰতত নতুনকৈ ১৫,৮২৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Oct 13, 2021, 12:54 PM IST

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ'ণাত ১৫,৮২৩ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ২২৬ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু হৈছে । এটা দিনত কেৰালাত সৰ্বাধিক ৭,৮২৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । এতিয়ালৈ দেশত ৯৬.৪৩ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

India COVID 19 tracker
দেশত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ

নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১৫,৮২৩ গৰাকী লোক । ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ৩,৪০,০১,৭৪৩ টা । যোৱা ২৪ ঘণ্টাত দেশত ২২৬ গৰাকী কৰ'ণা ৰোগীয়ে মৃত্যুক আঁকোৱালি লৈছে যাৰ ফলত দেশত মুঠ মৃত্যুৰ সংখ্যা ৪,৫১,১৮৯ লৈ বৃদ্ধি পাইছে ।

যোৱা এটা দিনত দেশৰ ভিতৰতে কেৰালাত সৰ্বাধিক ৭,৮২৩ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ১০৬ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে দেশত আৰোগ্য হোৱাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২২,৮৪৪ গৰাকী কৰ'ণা ৰোগী আৰোগ্য হৈছে । ইয়াৰ ফলত দেশত এতিয়ালৈ মুঠ আৰোগ্যৰ সংখ্যা ৩,৩৩,৪২,৯০১ গৰাকীলৈ বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে ভাৰতত আৰোগ্যৰ হাৰ ৯৮.০৬ শতাংশলৈ বৃদ্ধি হৈছে আৰু এই হাৰ ২০২০ চনৰ মাৰ্চৰ পাছত সৰ্বাধিক । দেশত সম্প্ৰতি কৰ'ণাৰ সক্ৰিয় ঘটনাৰ সংখ্যা ২,০৭,৬৫৩ টা । দেশত সাপ্তাহিকভাৱে কৰ'ণা আক্ৰান্তৰ হাৰ ১.৪৬ শতাংশ আৰু দৈনিক আক্ৰান্তৰ হাৰ ১.১৯ শতাংশ ।

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ভাৰতত দ্ৰুত গতিত চলি আছে টীকাকৰণ (Vaccination) অভিযান । এতিয়ালৈ দেশত ৯৬.৪৩ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে চৰকাৰৰ হাতত এতিয়াও ৮.৪৩ কোটিতকৈ অধিক প্ৰতিষেধকৰ পালি মজুত আছে । ইফালে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) মতে, ১২ অক্টোবৰলৈকে মুঠ ৫৮.৬৩ কোটি নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত কেৱল মঙলবাৰৰ দিনটোতে ১৩,২৫,৩৯৯ নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক :বৃহস্পতিবাৰে ভাৰত-আমেৰিকাৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.