ETV Bharat / bharat

COVID-19 : ভাৰতত নতুনকৈ ১৮,১৩২ জন আক্ৰান্ত

author img

By

Published : Oct 11, 2021, 12:22 PM IST

ভাৰতত অব্যাহত আছে কৰ'ণা(Corona) মহামাৰীৰ সংক্ৰমণ । যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,১৩২ জন লোক মহামাৰীৰ কবলত পৰিছে আৰু ১৯৩ জনে প্ৰাণ হেৰুৱাইছে । দেশত বৰ্তমান ২,২৭,৩৪৭ জন সক্ৰিয় ৰোগী আছে ।

India COVID 19 tracker
ভাৰতত নতুনকৈ ১৮,১৩২ জন আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১১ অক্টোবৰ : বৰ্তমান সমগ্ৰ দেশতে টীকাকৰণ অভিযান অব্যাহত আছে । ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও সম্পূৰ্ণৰূপে সংক্ৰমণ প্ৰতিৰোধ হোৱা নাই । এতিয়াও দৈনিক ১৫ হাজাৰৰো অধিক লোক মহামাৰীত আক্ৰান্ত হৈ আছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা সোমবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য় অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৮,১৩২ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । এই পৰিসংখ্যাসহ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৩৯,৭১,৬০৭ জনলৈ বৃদ্ধি পাইছে ।

দেওবাৰৰ দিনটোত ১৯৩ জন ক'ভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে । এই পৰ্যন্ত দেশত ৪,৫০,৭৮২ জন লোকৰ মৃত্যু হৈছে । দেশৰ ভিতৰতে কেৰালাত আটাইতকৈ বেছি লোক নিতৌ কৰ'ণাত আক্ৰান্ত হৈছে । কেৰালাত যোৱা ২৪ ঘণ্টাত ১০,৬৯১ জন আক্ৰান্ত হোৱাৰ লগতে ৮৫ জনৰ মৃত্যু হৈছে । বৰ্তমান দেশত ২,২৭,৩৪৭ জন সক্ৰিয় ৰোগী আছে আৰু এয়া ২০৯ দিনৰ ভিতৰত আটাইতকৈ কম সক্ৰিয় ৰোগীৰ সংখ্যা ।

  • " class="align-text-top noRightClick twitterSection" data="">

যোৱা ২৪ ঘণ্টাত দেশত ২১,৫৬৩ জন ৰোগী আৰোগ্য হোৱাৰ লগতে এতিয়ালৈকে ৩,৩২,৯৩,৪৭৮ জন ৰোগী সুস্থ হৈ উঠিছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে । ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮ শতাংশলৈ বৃদ্ধি পাইছে । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতত প্ৰায় ৯৫,১৯,৮৪,৩৭৩ জন লোকক ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

৮.৪৩ কোটিতকৈ অধিক পালি এতিয়াও ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মজুত আছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য মতে, ১০ অক্টোবৰ পৰ্যন্ত মুঠ ৫৮.৩৬ কোটি নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত দেওবাৰে ১০,৩৫,৭৯৭ টা নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক: এসপ্তাহত ধাৰাবাহিকভাৱে বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.