ETV Bharat / bharat

COVID-19 : ভাৰতত নতুনকৈ 24,354 জন আক্ৰান্ত

author img

By

Published : Oct 2, 2021, 1:36 PM IST

বৰ্তমানেও বৃদ্ধি হৈ আছে ভাৰতত কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে সদৰী কৰা তথ্য অনুসৰি, এদিনতে ২৪,৩৫৪ জন নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ লগতে বৃহস্পতিবাৰে ২৩৪ জনে লোকে মৃত্যুক সাৱটিব লগাত পৰিছে ৷

India COVID-19 tracker: state-wise report
COVID-19 : ভাৰতত নতুনকৈ 24,354 জন আক্ৰান্ত

নেশ্যেনেল ডেস্ক, 2 অক্টোবৰ : ভাৰতত এতিয়াও অব্যাহত আছে ক'ভিড-১৯(COVID-19) ৰ সংক্ৰমণৰ ভয়াৱহতা । টীকাকৰণ অভিযান অব্যাহত থকাৰ মাজতে দৈনিক কেইবা হাজাৰৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি, এদিনতে ২৪,৩৫৪ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । আনকি বৃহস্পতিবাৰৰ দিনটোত ২৩৪ জনে লোকে প্ৰাণ হেৰুৱাবলগাত পৰিছে ৷

আনহাতে, দেশত বৰ্তমান সক্ৰিয় আক্ৰান্তৰ ঘটনা হৈছে 2,73,889 টা । এতিয়ালৈকে ৪,৪৮,৫৭৩ জনে প্ৰাণ হেৰুওৱাৰ বিপৰীতে বৰ্তমানলৈকে ৩,৩৭,৯১,০৬১ জন লোক আৰোগ্য হৈ উঠিছে । সম্প্ৰতি দেশত আৰোগ্যৰ হাৰ হৈছে 97.86 শতাংশ ৷

কেৰালাত বিগত ২৪ ঘণ্টাত ১৩,৮৩৪ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৫ জন লোকৰ কৰ’ণাত মৃত্যু হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, বৰ্তমান দেশৰ ৰাজ্যই ৰাজ্যই টীকাকৰণ অভিযান অব্যাহত আছে । আনকি ক’ভিড-19 ৰ প্ৰতিষেধক 89.74 কোটি লোকক প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শনিবাৰে পুৱাৰ ভাগত প্ৰকাশ কৰিছে এই তথ্য ৷ আনহাতে, এতিয়াও বহু ৰাজ্যত মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট সময়ৰ বাবে সান্ধ্য আইন বাহাল আছে । মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে ।

জানিব পৰা মতে, ভাৰতত বৰ্তমানলৈকে ক’ভিড-19 ত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে 3,30,68,599 জন লোক । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে সদৰী কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ 1 অক্টোবৰলৈকে সৰ্বমুঠ 57,19,94,990 টা ক’ভিড-19 ৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত শুকুৰবাৰে ক’ভিড-19 ৰ নমুনা পৰীক্ষা কৰা হৈছিল 14,29,258 টা ৷

লগতে পঢ়ক: বেংগালুৰুৰ IFH ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ অনীহাৰ ৯ টা শিতানত মনোনয়ন লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.