ETV Bharat / bharat

৩০ ঘণ্টাত জম্মু-কাশ্মীৰত ৭ সন্ত্ৰাসবাদী নিহত; ৫ গৰাকী সেনা জোৱান শ্বহীদ

author img

By

Published : Oct 12, 2021, 3:51 PM IST

বিগত কেইবাদিনো ধৰি জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ বিভিন্ন স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, যোৱা ৩০ ঘণ্টাত জম্মু-কাশ্মীৰত ৭টা সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে ৫ গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছে । সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থানত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে ।

Encounter in Jammu and Kashmir
৩০ ঘণ্টাত জম্মু কাশ্মীৰত ৭ সন্ত্ৰাসবাদী নিহত, ৫ গৰাকী সেনা জোৱান শ্বহীদ

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে । এই সংঘৰ্ষ সন্দৰ্ভত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ৩০ ঘণ্টাত জম্মু-কাশ্মীৰত ৭টা সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে ৫ গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছে । আনহাতে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে মঙলবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত সংঘটিত গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰিছে । আৰক্ষীয়ে জনোৱা মতে, অভিযান এতিয়াও অব্যাহত আছে ।

গুলীচালনা সমাপ্ত হোৱাৰ পিছত নিহত সন্ত্ৰাসবাদীৰ চিনাক্তকৰণ কৰা হ'ব । সোমবাৰে, অনন্তনাগত এটা আৰু বান্দিপোৰাত নিৰাপত্তা বাহিনীৰ গুলীত আন এটা সন্ত্ৰাসবাদী নিহত হয় । ইয়াৰ উপৰিও, পুঞ্চ জিলাৰ চুৰানকোট বনাঞ্চলত এজন জেচিঅ'কে ধৰি পাঁচজন সেনা জোৱান শ্বহীদ হয় । শ্বপিয়ানৰ ইমামচাহিব অঞ্চলৰ তুলাৰণত মঙলবাৰে পুৱতি নিশা গুলীয়াগুলি হয় ।

এই ঘটনাত তিনটা সন্ত্ৰাসবাদী নিহত হয় । ইফালে, শ্ৰীনগৰস্থিত ভাৰতীয় সেনাৰ ১৫ নং কৰ্পছৰ জেনেৰেল ডি পি পাণ্ডেই মঙলবাৰে জনায় যে, চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযানবোৰ চলোৱা হৈছে ।

এছ কে আই চি চিত আয়োজিত এক অনুষ্ঠানত তেওঁ কয় যে, শ্ৰীনগৰ আৰু অন্যান্য ঠাইত সংঘটিত ঘটনাৰ সৈতে সন্ত্ৰাসবাদ বিৰোধী অভিযানক জড়িত কৰিব নিবিচাৰে । তেওঁ নাগৰিক হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সন্ত্ৰাসবাদী সংগঠনৰ এনে কাৰ্য গৰিহণাৰ যোগ্য । সুৰক্ষা বাহিনী আৰু জনসাধাৰণে সাম্প্ৰদায়িক সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ অতি সাৱধান হোৱা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:সুদৰ্শন পাটনায়কৰ হাতৰ পৰশত প্ৰাণ পাইছে দেৱী দুৰ্গাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.