ETV Bharat / bharat

Opposition Bengaluru meet: 2024ত বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী !

author img

By

Published : Jul 18, 2023, 7:58 AM IST

বিৰোধীৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ’ব ৰাহুল গান্ধীক ৷ সোমবাৰে বেংগালুৰুত অনুষ্ঠিত বিৰোধীৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

Rahul Gandhi as PM candidate
বিৰোধীৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, 18 জুলাই : সোমবাৰে বেংগালুৰুত অনুষ্ঠিত হয় বিৰোধীৰ বৈঠক ৷ উক্ত বৈঠকত কংগ্ৰেছে কয় যে ৰাহুল গান্ধী কেৱল কংগ্ৰেছ দলৰ নহয়, সমগ্ৰ বিৰোধীৰ নেতা হিচাপে বিবেচিত হৈছে ৷ ‘‘ৰাহুল গান্ধী কংগ্ৰেছৰ লগতে বিৰোধী দলৰো গণনেতা । যোৱা বৈঠকত ভাৰত জোড়ো যাত্ৰাৰ বাবে সকলোৱে তেওঁক প্ৰশংসা কৰিছিল ।’’ বিৰোধী দলবোৰৰ ক্ষেত্ৰত প্ৰাক্তন সাংসদগৰাকীৰ ভূমিকা সম্পৰ্কে সোধাত এই মন্তব্য আগবঢ়ায় সংগঠনটোৰ দায়িত্বত থকা এআইচিচিৰ কেচি বেনুগোপালে ।

উল্লেখ্য যে, যোৱা 23 জুনত বিহাৰৰ ৰাজধানী পাটনাত অনুষ্ঠিত হৈছিল প্ৰথমখন বিৰোধী বৈঠক ৷ সোমবাৰে বেংগালুৰুত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিৰোধী বৈঠকত প্ৰাক্তন কংগ্ৰেছ মুৰব্বী ছোনিয়া গান্ধীৰ সৈতে অংশগ্ৰহণ কৰা ৰাহুল আগন্তুক দিনত বিৰোধী দলৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰা হ’ব বুলি দলৰ জ্যেষ্ঠ নেতাসকলে কয় ।

‘‘সমগ্ৰ কংগ্ৰেছৰ বাবে 2024 চনত ৰাহুল গান্ধী আমাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী যে হ’ব তাত কোনো সন্দেহ নাই । ভাৰত জোড়ো যাত্ৰাৰ পিচৰে পৰা তেওঁ দেশৰ আটাইতকৈ প্ৰভাৱশালী বিৰোধী নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে,’’ অন্ধ্ৰপ্ৰদেশৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত সম্পাদক চিডি মেয়াপ্পানে ইটিভি ভাৰতৰ আগত এইদৰে কয় ।

মেয়াপ্পানে জানিবলৈ দিয়া মতে, দলটোৰ সাংসদ মণিকম ঠাকুৰেও কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিহত কৰাৰ স্বাৰ্থত দলটোৱে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাবে ঘোষণা কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল বুলি উল্লেখ কৰে ।

কংগ্ৰেছ দলৰ প্ৰভাৰী জয়ৰাম ৰমেশে সোমবাৰে কয় যে সীমান্ত আগ্ৰাসনক লৈ চীনক ক্লিন চিট দিয়া আৰু মণিপুৰৰ সংঘৰ্ষৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰা এই চৰকাৰখনৰ নেতৃত্ব কি ? সংবিধান সুৰক্ষিত কৰাৰ স্বাৰ্থত 26 টা দল বেংগালুৰুত সমবেত হৈছে বুলিও ৰমেশে কয় । ৰমেশে পুনৰ কয় যে ৰাহুলৰ যাত্ৰাই বিৰোধী দলটোক একত্ৰিত কৰিবলৈ সক্ষম হৈছে । চাকৰি, মূল্যবৃদ্ধি, অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে জনসাধাৰণৰ বিষয়সমূহ অধিক গুৰুত্বপূৰ্ণ আৰু আজি ইয়াৰ সমাধানৰ প্ৰয়োজন ।

লগতে পঢ়ক : NDA meeting in Delhi : আজি দিল্লীত অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক; অংশ ল’ব 38 টা দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.