ETV Bharat / bharat

NDA meeting in Delhi : আজি দিল্লীত অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক; অংশ ল’ব 38 টা দলে

author img

By

Published : Jul 18, 2023, 7:20 AM IST

মংগলবাৰে দিল্লীত অনুষ্ঠিত হ’বলগীয়া এন ডি এৰ বৈঠকত অংশগ্ৰহণ কৰিব 38 টা দলে ৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বিশাল পৰিসৰৰ এইখনেই প্ৰথমখন এন ডি এ বৈঠক বুলি বিবেচিত হৈছে ৷

NDA meeting in Delhi
দিল্লীত অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক

নেশ্যনেল ডেস্ক, 18 জুলাই : মংগলবাৰে দিল্লীত অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক ৷ উক্ত বৈঠকত অংশগ্ৰহণ কৰিব 38 টা দলে ৷ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নাড্ডাই সোমবাৰে এই কথা প্ৰকাশ কৰিছে । সংবাদমেল সম্বোধন কৰি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ আঁচনি আৰু নীতিৰ ‘ইতিবাচক প্ৰভাৱ’ৰ বাবে দলটো আশাবাদী । ইয়াৰোপৰি, এন ডি এৰ প্ৰসাৰ আৰু পৰিসৰ বছৰ বছৰ ধৰি বৃদ্ধি পাইছে বুলিও নাড্ডাই দাবী কৰে ।

এন ডি এৰ বৈঠকত বিজেপিৰ বৰ্তমানৰ আৰু নতুন মিত্ৰ দলৰ উপস্থিতি দেখা যাব বুলিও উল্লেখ কৰে নাড্ডাই ৷ তামিলনাডুৰ এ আই এ ডি এম কে আৰু অন্ধ্ৰ প্ৰদেশৰ পৱন কল্যাণৰ জন সেনা আদি দলৰ লগতে উত্তৰ-পূব আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা অহা কেইবাটাও দল এই বৈঠকত উপস্থিত থাকিব বুলি জানিবলৈ পৰা গৈছে ।

2024 ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বিশাল পৰিসৰৰ এইখনেই প্ৰথমখন এন ডি এ বৈঠক হিচাপে বিবেচিত হৈছে ৷ ক্ৰমাগত তৃতীয়বাৰৰ বাবে লোকসভাত সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰাখিবলৈ বিজেপিয়ে ব্যাপক প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে, দলটোৰ নেতৃত্বই মিত্ৰতা স্থাপনৰ বাবে লগতে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যসমূহত বিৰোধীক দুৰ্বল কৰাৰ বাবেও কাম কৰা দেখিবলৈ পোৱা গৈছে ।

উল্লেখযোগ্য যে, 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে যুঁজিবলৈ বেংগালুৰুত কেইবাটাও বিৰোধী দলে আলোচনাত মিলিত হোৱাৰ দিনটোতে এন ডি এয়ে বৈঠক অনুষ্ঠিত কৰিছে । "ইউনাইটেড উই ষ্টেণ্ড" শ্লোগানেৰে কংগ্ৰেছ নেতা ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী, এন চি পিৰ শাৰদ পাৱাৰ, আম আদমী, বাওঁপন্থী দলৰ বিভিন্ন নেতাৰ পোষ্টাৰ ভৰি পৰা পৰিলক্ষিত হৈছে বেংগালুৰু চহৰত ।

সোমবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ লগতে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ, তেজস্বী যাদৱ উপস্থিত হোৱাৰ উপৰিও বেংগালুৰুত চিপিআই-এম দলৰ সীতাৰাম য়েচুৰী, চিপিআইৰ ডি ৰাজা, সমাজবাদী পাৰ্টিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, ৰাষ্ট্ৰীয় সন্মিলনৰ ফাৰুক আব্দুল্লা আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মেহবুবা মুফতি আৰু আৰ এল ডিৰ জয়ন্ত চৌধুৰী দৰে নেতা বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যৰে উপস্থিত হয় ৷

লগতে পঢ়ক : Oommen Chandy passes away: কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.