ETV Bharat / bharat

Arunachal Pradesh Cabinet Decision: অৰুণাচল প্ৰদেশৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : Jan 10, 2023, 9:44 PM IST

Important decisions of Arunachal Pradesh Cabinet meeting
অৰুণাচল প্ৰদেশৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

অৰুণাচল প্ৰদেশৰ ইটানগৰত ৰাজ্যিক অসামৰিক সচিবালয়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (CM Pema Khandu) অধ্যক্ষতাত ২০২৩ চনৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই বৈঠকত কেবিনেটে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে (Cabinet meeting in Itanagar)৷

তেজপুৰ, ১০ জানুৱাৰী: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নতুন বছৰৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হয় (Cabinet meeting in Itanagar)৷ মঙলবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰত ৰাজ্যিক অসামৰিক সচিবালয়ত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (CM Pema Khandu)অধ্যক্ষতাত ২০২৩ চনৰ প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে পাহাৰীয়া ৰাজ্যখনৰ কেবিনেটে (Arunachal Pradesh Cabinet Decision)।

কেবিনেটে স্থানীয় জনগোষ্ঠী, ৰাজ্য আৰু জাতিৰ সুবিধাৰ্থে অৰুণাচল প্ৰদেশৰ জলবিদ্যুৎ সম্ভাৱনাক বহনক্ষমভাৱে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Important decisions of Cabinet meeting)।

জলবিদ্যুৎ নবীকৰণযোগ্য শক্তিৰ এক প্ৰধান উৎস আৰু যদি ইয়াৰ ব্যৱহাৰ কৰা হয় তেন্তে আন্তঃগাঁথনিত ব্যাপক বিনিয়োগৰ লগতে বিনামূলীয়া শক্তি, স্থানীয় অঞ্চল উন্নয়ন পুঁজি, নিয়োগ, চুক্তি আৰু ব্যৱসায়িক সুযোগ, সামাজিক খণ্ডৰ দৰে ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোৰ সকলো দিশতে আৰ্থ-সামাজিক উন্নয়ন অনাৰ লগতে স্বাস্থ্য আৰু শিক্ষাৰ উন্নয়ন সাধন কৰিব।

ইয়াৰোপৰি কিছুমান গুৰুত্বপূৰ্ণ স্থবিৰ প্ৰকল্প উন্নয়নৰ বাবে চি পি এছ ইউৰ হাতত গতাই দিবলৈ কেবিনেটে সিদ্ধান্ত লয় । ইতিমধ্যে বন্ধ হোৱা ৫টা প্ৰকল্প চিপিএছইউক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ৷ এই ৫টা প্ৰকল্প হ'ল- নায়িং(১০০০ মেগাৱাট), হিৰং(৫০০ মেগাৱাট) নীপকো আৰু এমিনি(৫০০ মেগাৱাট), আমুলিন(৪২০ মেগাৱাট) আৰু মিনুণ্ডন(৪০০ মেগাৱাট) ৷

এই প্ৰকল্পসমূহে অহা ৫-৭ বছৰত ৪০,০০০ কোটি টকা বিনিয়োগ কৰিব আৰু ২,৮৮০ মেগাৱাট সেউজ শক্তি উৎপাদন কৰিব ৷ সম্ভাৱনা মুকলি কৰাৰ উদ্দেশ্যে স্থবিৰ হৈ থকা জলবিদ্যুৎ প্ৰকল্পসমূহ আইপিপিৰ পৰা চিপিএছইউলৈ হস্তান্তৰ কৰাৰ বাবে সূচক পদ্ধতিত অনুমোদন জনায় কেবিনেটে ।

১২,৩৪৩ মেগাৱাট ক্ষমতাৰে ১৩টা অগ্ৰাধিকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লয় । ইয়াৰ ফলত ১.৫ লাখ কোটি টকাৰ বিনিয়োগ হ’ব আৰু ৰাজ্যক বিনামূলীয়া শক্তি হিচাপে ২০০০ কোটি টকা আৰু স্থানীয় এলেকাৰ উন্নয়নৰ বাবে বছৰি প্ৰায় ৩৫০ কোটি টকা চৰকাৰে ৰাজহ লাভ কৰিব ।

স্থানীয় আঞ্চলিক উন্নয়ন পুঁজি পৰিচালনাৰে উপায়ুক্তৰ অধীনত গঠন কৰা স্থানীয় আঞ্চলিক উন্নয়ন সমিতিখনত এজন পুৰুষ আৰু এগৰাকী মহিলা সদস্যক অন্তৰ্ভুক্ত কৰিবলৈও কেবিনেটে অনুমোদন জনায় ।

লগতে পঢ়ক: Bagh Hazarika controversy: হিমন্ত বিশ্ব শৰ্মাক অযোগ্য মুখ্যমন্ত্ৰী আখ্যা ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.