ETV Bharat / bharat

আইএলপি মনিপুৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰঃ অমিত শ্বাহ

author img

By

Published : Dec 27, 2020, 10:23 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে শলাগ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ইম্ফলত এখন জনসভাত অংশগ্ৰহণ কৰে ৷ সভাত মনিপুৰক আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ উপহাৰ বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

আইএলপি মনিপুৰলৈ প্ৰধানমন্ত্ৰী বিশেষ উপহাৰঃ অমিত শ্বাহ
আইএলপি মনিপুৰলৈ প্ৰধানমন্ত্ৰী বিশেষ উপহাৰঃ অমিত শ্বাহ

নিউজ ডেস্ক, 27 ডিচেম্বৰ : দেওবাৰে মনিপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ইম্ফলত উপস্থিত হৈয়ে এখন বৃহৎ জনসভা সম্বোধন কৰে অমিত শ্বাহে ৷ শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা দায়িত্ববোধক শলাগ লোৱাৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ মনিপুৰৰ জনতালৈ প্ৰধানমন্ত্ৰীৰ বৃহৎ উপহাৰ বুলি কয় ৷

"মোডীজীয়ে আন ৰাজ্যসমূহৰ তুলনাত মনিপুৰৰ আন্তঃৰাজ্যিক পাৰপত্ৰ নথকা বিষয়টো উপলব্ধি কৰিছিল, যিটো মনিপুৰৰ থলুৱা লোকসকলৰ বাবে অন্যায় আছিল আৰু তেওঁ ইয়াৰ বাবে উপায় বিচাৰি উলিয়ায় ৷ 2019ৰ 11 ডিচেম্বৰত মনিপুৰে আন্তঃৰাজ্যিক পাৰপত্ৰ লাভ কৰাটো আমাৰ বাবে পৰম আনন্দৰ বিষয় আছিল ৷ মনিপুৰৰ লোকসকলৰ বাবে এয়া প্ৰধানমন্ত্ৰীৰ বৃহৎ উপহাৰ আছিল ৷" সভাত অংশগ্ৰহণ কৰি শ্বাহে এইদৰে কয় ৷

লগতে পঢ়ক : মা কামাখ্যাৰ আশিস ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

পূৰ্বৰ দশকৰ তুলনাত বিগত ছবছৰত উত্তৰ পূৰ্বাঞ্চললৈ শান্তি ঘুৰি আহিছে আৰু এয়া এক সুলক্ষণ বুলি কয় অমিত শ্বাহে ৷ অঞ্চলটোৰ বহুকেইটা বিদ্ৰোহী সংগঠনে অস্ত্ৰ পৰিত্যাগ কৰাটো দেশৰ শান্তি আৰু সম্প্ৰীতি তথা উন্নয়নৰ বাবে খুবেই গুৰুত্বপূৰ্ণ বুলি কয় শ্বাহে ৷ হিংসাই মনিপুৰক একাষৰীয়া কৰি ৰাখিছিল যদিও বৰ্তমানো অস্ত্ৰ পৰিত্যাগ নকৰা বহুকেইটা সংগঠনে অস্ত্ৰ পৰিত্যাগ কৰি মুলসূঁতিলৈ ঘুৰি আহিব বুলি অমিত শ্বাহ আশাবাদী বুলি সভাত কয় ৷

তিনিদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হোৱা শ্বাহে অসমৰ পিচতেই মনিপুৰ ভ্ৰমণ কৰে ৷ মনিপুৰত বহুকেইটা প্ৰকল্পৰ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ মনিপুৰত পূৰ্বেই সংঘটিত হোৱা বন্ধৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল যদিও মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত বিগত তিনি বৰ্ষত মনিপুৰত কোনো বন্ধই প্ৰভাৱ পেলাব পৰা নাই বুলি শ্বাহে কয় ৷

উল্লেখ্য যে, 2017ত বিজেপিয়ে প্ৰথমবাৰৰ বাবে মনিপুৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ৷ নেশ্বনেল পিপুলছ পাৰ্টী, নাগা পিপুলছ ফ্ৰন্ট আৰু লোক জনশক্তি পাৰ্টীৰ সৈতে মিত্ৰজোঁটত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে ৷

লগতে পঢ়ক : ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ আৰ্থিক অনুদানৰ ঘোষণা অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.