ETV Bharat / bharat

আইআইটি মাদ্ৰাজৰ অধ্যাপক আশীষ কুমাৰ সেনক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 12:54 PM IST

ছাত্ৰৰ আত্মহত্যাক লৈ আইআইটি মাদ্ৰাজত তীব্ৰ উত্তেজনা । তদন্তকাৰী বিশেষ সমিতিৰ পৰামৰ্শৰ পাছতে কৰ্তৃপক্ষই অধ্যাপকগৰাকীক নিলম্বন কৰে ।

IIT Madras Professor Suspended
আইআইটি মাদ্ৰাজৰ অধ্যাপক আশীষ কুমাৰ সেনক নিলম্বন

নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ : আইআইটি মাদ্ৰাজৰ এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ পাছতে অধ্যাপক আশীষ কুমাৰ সেনক নিলম্বন কৰিছে কৰ্তৃপক্ষই । ২০২৩ চনৰ ৩১ মাৰ্চত আইআইটি মাদ্ৰাজৰ মেকানিকেল বিভাগত গৱেষণা কৰি থকা শচীন জৈন নামৰ এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল । এই ঘটনাটোৰ পাছত শিক্ষাৰ্থীসকলে ছাত্ৰজনৰ আত্মহত্যাৰ বাবে দায়ী লোকসকলক শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

আইআইটি মাদ্ৰাজ কৰ্তৃপক্ষইও প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈছিল আৰু তেওঁলোকক আশ্বাস দিছিল যে ছাত্ৰজনৰ আত্মহত্যাৰ সঠিক তদন্ত কৰা হ'ব । পৰৱৰ্তী সময়ত, ২৫ এপ্ৰিলত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া থিলাকাৱতীৰ নেতৃত্বত এটা ৫ জনীয়া তদন্ত সমিতি গঠন কৰা হৈছিল । উক্ত সমিতিয়ে ই-মেইল আৰু ব্যক্তিগতভাৱে শিক্ষাৰ্থী আৰু অভিভাৱকৰ পৰা পৰামৰ্শ বিচাৰিছিল আৰু আইআইটি প্ৰশাসনৰ ওচৰত ৩০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে ।

ইফালে তদন্তকাৰী সমিতিক শিক্ষাৰ্থী আৰু অভিভাৱকসকলে বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰিছে । পৰামৰ্শবোৰত কোৱা হৈছিল যে শিক্ষাৰ্থীসকলৰ চাপ হ্ৰাস কৰিবলৈ উপযুক্ত পদক্ষেপ লোৱা উচিত । শিক্ষাৰ্থী আৰু অধ্যাপকসকলৰ মাজত এক সুসংগত পৰিৱেশ নিশ্চিত কৰাকে ধৰি কেইবাটাও পৰামৰ্শ দিয়া হৈছিল ।

তদুপৰি, ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ বিষয়টো সন্দৰ্ভত থিলাকাৱতী আইএএছ সমিতিয়ে আইআইটি মাদ্ৰাজ প্ৰশাসনক দাখিল কৰা প্ৰতিবেদনত অধ্যাপকজনক অধ্যাপক পদৰ পৰা আঁতৰাই দিয়াৰ পৰামৰ্শ দিছিল । সেই পৰামৰ্শৰ ভিত্তিতে অধ্যাপক আশীষ কুমাৰ সেনক নিলম্বন কৰা হয় বুলি খবৰ পোৱা গৈছে । সম্প্ৰতি এই বিষয়টোৱে আইআইটি মাদ্ৰাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ত উল্লাস; ৭ কাশ্মীৰী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.