ETV Bharat / bharat

Youngest Passenger Ever at IGI Airport: বিমানবন্দৰতে সন্তান প্ৰসৱ কৰিলে মহিলাই

author img

By

Published : Nov 16, 2022, 1:40 PM IST

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে এগৰাকী যাত্ৰীয়ে বিমানতে এটি সন্তান প্ৰসৱ কৰে (youngest passenger ever at IGI Airport)৷

IGI welcomes 'youngest passenger ever' after baby born onboard flight
Youngest Passenger Ever: বিমানতেই সন্তান প্ৰসৱ কৰিলে মহিলাই

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ: আমি সাধৰাণতে এটি শিশু ভূমিষ্ঠ আৰু জলস্থ হোৱাৰ কথা শুনিছো ৷ এইবাৰ বিমানত এটি সন্তান প্ৰসৱ কৰিলে এগৰাকী যাত্ৰীয়ে (youngest passenger ever at IGI Airport)৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Indira Gandhi International at IGI Airport)মঙলবাৰে এগৰাকী যাত্ৰীয়ে এটি সন্তান প্ৰসৱ কৰে ৷

ইয়াৰ পিছতে বিমানখনৰ আটাইতকৈ কনিষ্ঠ যাত্ৰীজনক বিমানবন্দৰটোৰ টাৰ্মিনেল ৩ ত উষ্ম আদৰণি জনোৱাৰ লগতে মাতৃ আৰু নৱজাতক দুয়োকে বিমানবন্দৰ চৌহদৰ মেদান্তা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল (Youngest passenger on flight)৷

জানিব পৰামতে ন মাহৰ অন্তঃসত্বা মহিলাগৰাকীয়ে স্বামী আৰু তেওঁক কন্যা সন্তানৰ সৈতে টাৰ্মিনেল 3 ৰ 51 নং গেটৰ বাহিৰত অপেক্ষা কৰি আছিল ৷ পৰিয়ালটোৱে দিল্লীৰ পৰা হুবলিলৈ যাবলৈ বিমানৰ বাবে অপেক্ষা কৰি আছিল ৷ পুৱা প্ৰায় 10 বজাত বিমানখন প্ৰস্থান কৰিব লগীয়া আছিল ৷ পৰিয়ালটোৱে বৰ্ডিঙৰ কাৰণে থিয় হৈ থাকোঁতেই তেওঁ প্ৰসৱ বেদনাত ছটফটাই উঠে ৷

লগ লগে তেওঁক বিমান বন্দৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ মহিলাগৰাকীয়ে চিকিৎসালয়ত পুৱা 9.37 বজাত এটি ল’ৰা সন্তান জন্ম দিছিল ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীসহ শিশুটোক অন্য এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় ৷

ইয়াৰ পিছতে আইজিআই কৰ্তৃপক্ষই অফিচিয়েল টুইটাৰ হেণ্ডেলত নৱজাতক কেঁচুৱাটোৰ এখন ফটো পোষ্ট কৰিছিল ৷ পোষ্টটোত লিখিছিল যে আমাৰ বিমানবন্দৰলৈ আটাইতকৈ কনিষ্ঠতম যাত্ৰীগৰাকীক স্বাগতম জনাইছো ৷

উল্লেখ্য যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত টাৰ্মিনেল 3-ত সু-প্ৰশিক্ষিত চিকিৎসক আৰু পেৰামেডিক্সে সকলো সময়তে চিকিৎসাজনিত জৰুৰী কালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থাকে ৷ দিল্লী বিমানবন্দৰৰ টাৰ্মিনেলৰ মেদান্ত চিকিৎসা কেন্দ্ৰসমূহ (Medanta medical centres)জৰুৰীকালীন চিকিৎসা কেন্দ্ৰৰ সৈতে সজ্জিত ৷ টাৰ্মিনেল ৩ ত ফৰ্টিছ গোটৰ চিকিৎসালয়ৰ দ্বাৰা পৰিচালিত এটা চিকিৎসা সুবিধাও আছে ৷

উল্লেখ্য যে 2020 চনত এগৰাকী মহিলাই বিমানত দিল্লীৰ পৰা বাংগালুৰুলৈ যাত্ৰা কৰোঁতে এটি সন্তান প্ৰসৱ কৰিছিল ৷ মহিলাগৰাকী বিমানত উঠাত তেওঁৰ প্ৰসৱ যন্ত্ৰনা হয় আৰু ইয়াৰ পিছতে মহিলাগৰাকীয়ে বিমানৰ ভিতৰতে সন্তানটো প্ৰসৱ কৰে ৷

লগতে পঢ়ক: Critical care health policies : গুৰুতৰ ৰোগৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.