ETV Bharat / bharat

ICMR আৰু NIV য়ে ডেল্টা প্লাছ সন্দৰ্ভত আৰম্ভ কৰিছে গৱেষণা

author img

By

Published : Jun 25, 2021, 11:47 AM IST

ICMR, NIV launches study on Delta Plus Covid variant
ICMR আৰু NIV য়ে Delta Plus সন্দৰ্ভত আৰম্ভ কৰিছে গৱেষণা

দেশত "ডেল্টা প্লাছ"(Delta Plus)ৰ উপস্থিতি চিনাক্ত কৰাৰ পাচত, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (Indian Council of Medical Research) আৰু নেচনেল ইনষ্টিটিউট অফ ভাইৰোলজী (National Institute of Virology)য়ে ভাৰতত উপলব্ধ প্ৰষেধকৰ দ্বাৰা কৰ'ণাৰ নতুন আৰু অধিক শক্তিশালী নতুন ভেৰিয়েণ্টে ডেল্টা প্লাছক নিষ্ক্ৰিয় কৰিব পাৰিনে চাবলৈ ইতিমধ্যে এক গৱেষণা আৰম্ভ কৰিছে ।

নেশ্যনেল ডেস্ক, 25 জুন : সমগ্ৰ দেশতে কৰ'ণাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতা কিছু পৰিমানে হ্ৰাস পাইছে যদিও মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশত অপৰিৱৰ্তিত হৈয়ে আছে ক'ভিড পৰিস্থিতি ৷ শেহতীয়াভাৱে এই তিনিখন ৰাজ্যৰ আক্ৰান্ত লোকসকলৰ দেহত নতুনকৈ ধৰা পৰিছে "ডেল্টা প্লাছ"(Delta Plus) ৰ উপস্থিতি ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (Indian Council of Medical Research, ICMR) আৰু পুনেৰ ইনষ্টিটিউট অৱ ভাইৰ'ল'জী (National Institute of Virology, NIV)য়ে "ডেল্টা প্লাছ"(Delta Plus) সন্দৰ্ভত গৱেষণা আৰম্ভ কৰাৰ লগতে ভাৰতত বৰ্তমান আগবঢ়োৱা প্ৰতিষেধকৰ কাৰ্যকৰীতাৰ ওপৰতো গৱেষণা আৰম্ভ কৰিছে ৷

ভাৰতত উপলব্ধ তথা নাগৰিক সকলক প্ৰদান কৰা প্ৰতিষেধক কোভেক্সিন (Covaxine) আৰু ক’ভিশ্বিল্ডে (Covisheiled) "ডেল্টা প্লাছ"(Delta Plus)ৰ ক্ষেত্ৰত কাৰ্যকৰী হ'বনে নাই তাৰ বাবে বিষদভাৱে অধ্যয়ন তথা গৱেষণা কৰিছে দুয়োটা সংস্থাই ৷ ইনষ্টিটিউট অৱ ভাইৰ'ল'জী (NIV)য়ে জনোৱা মতে, বৰ্তমান ভাৰতত প্ৰদান কৰি থকা প্ৰতিষেধক কোভেক্সিন (covaxin) আৰু ক’ভিশ্বিল্ডে (Covishield) "ডেল্টা প্লাছ"(Delta Plus)ৰ প্ৰতিৰোধ কৰিব পাৰিব নে নাই তাক পৰীক্ষা কৰাৰ বাবে গৱেষণা ইতিমধ্যে আৰম্ভ হৈ গৈছে ৷

টীকাকৰণ কৰা নাগৰিকসকলৰ দেহত এন্টিবডী নিষ্ক্ৰিয়কৰণ সন্দৰ্ভটো দুয়োটা সংস্থাই গৱেষণা কৰি আছে আৰু আগন্তুক সপ্তাহত "ডেল্টা প্লাছ" সন্দৰ্ভতো সঠিক ফলাফলা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, ভাৰতত চিনাক্ত হোৱা প্ৰথম গৰাকী "ডেল্টা প্লাছ" আক্ৰান্ত ৰোগীৰ দেহত K417N নামৰ স্পাইক প্ৰ'টিনৰ পৰিৱৰ্তন দেখা গৈছিল ৷ সম্প্ৰতি মহাৰাষ্ট্ৰত প্ৰতি 7,900 গৰাকী আক্ৰান্ত লোকৰ ভিতৰত, 21 গৰাকী লোক নতুন ভেৰিয়েণ্ট "ডেল্টা প্লাছ"ত আক্ৰান্ত হৈছে ৷

আনহাতে, বৰ্তমানলৈ দেশত নতুন ভেৰিয়েণ্ট "ডেল্টা প্লাছ" (Delta Plus strain) ৰ 40 টাৰো অধিক ঘটনা পোহৰলৈ আহিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ডেল্টা প্লাছ ভেৰিয়েণ্টক উদ্বেগৰ প্ৰকাৰ হিচাপে গণ্য কৰিছে ৷ মঙলবাৰে চৰকাৰে মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশলৈ ডেল্টা প্লাছৰ ঘটনাৰ বিষয়ে সতৰ্কবাণী প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: ভাৰতত পোহৰলৈ 40 টা ডেল্টা প্লাছৰ সক্ৰিয় ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.