দুৰ্ঘটনাত পতিত Indian Air Force ৰ Mi 17 helicopter

author img

By

Published : Nov 18, 2021, 6:02 PM IST

Updated : Nov 18, 2021, 7:07 PM IST

iaf-helicopter-crash-lands-in-arunachal-pradesh

পূব অৰুণাচল প্ৰদেশত বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাৰ (IAF) এমআই-17 হেলিকপ্টাৰ ( Mi 17 helicopter ) দুৰ্ঘটনাগ্ৰস্ত হয় ৷ সবিশেষ জানো আহক ৷

নেশ্বনেল, 18 নবেম্বৰ : বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনা( Indian Air Force )ৰ এমআই-১৭ হেলিকপ্টাৰ ( Mi 17 helicopter ) এখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ পূৱ অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনৰ সৈতে দুজন পাইলট আৰু তিনিজন ক্ৰু সদস্য আছিল বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাত পতিত Indian Air Force ৰ Mi 17 helicopter

সূত্ৰ অনুসৰি, বৰ্তমান সকলো ক্ৰু সদস্য ( crew members ) আৰু পাইলট (pilot) সুৰক্ষিত অৱস্থাত আছে । জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰ খনে অঞ্চলটোত এটা বায়ু ৰক্ষণাবেক্ষণ অভিযান (air maintenance sortie) চলাই আছিল ।

সূত্ৰটোৱে লগতে উল্লেখ কৰে যে, ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আদালতৰ তৰফৰ পৰা সঠিক তদন্তৰ এক নিৰ্দেশ দিয়া হ'ব ।

লগতে পঢ়ক : Tripura Civic Poll : নিৰ্বাচনৰ পূৰ্বে SEC লৈ স্মাৰক পত্ৰ ত্ৰিপুৰা বাওঁ মৰ্চা কমিটীৰ

Last Updated :Nov 18, 2021, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.