ETV Bharat / bharat

Garlic Peeling: নহৰুৰ বাকলি গুচোৱাৰ নাম শুনিলেই হয় নেকি টেনচন ? তেন্তে কামত আহিব এই পদ্ধতি

author img

By

Published : Jun 26, 2023, 1:43 PM IST

বহুতে নহৰুৰ সোৱাদ ভাল পায়, কিন্তু বাকলি এৰুৱাৰ নাম শুনিলেই বহুতে পিচ হুহুকি দিয়ে, সেয়ে আজি আমি আপোনালোকৰ এই চিন্তা দূৰ কৰিবলৈ এক সহজ পদ্ধতি লৈ আহিছো ৷

How to Peel Garlic Quickly and Easily Learn Step by Step
নহৰুৰ বাকলি গুচোৱাৰ নাম শুনিলেই হয় নেকি টেনচন ? তেন্তে কামত আহিব এই পদ্ধতি

নহৰু এনেকুৱা এবিধ মছলা যিটো ভাৰতীয় পাকঘৰত প্ৰায়েই ব্যৱহাৰ কৰা হয় । ইয়াৰ সহায়ত খাদ্যৰ সোৱাদ যথেষ্ট বৃদ্ধি পায়, কিন্তু সমস্যাটো তেতিয়াই আহে যেতিয়া আপোনাক নহৰুৰ এৰুওৱাবলৈ কোৱা হয়, কাৰণ বাকলি এৰুৱাৰ নাম শুনিলেই আমাৰ টেনচন বৃদ্ধি পায়, কাৰণ এই কাম ইমান সহজ নহয় । নহৰুৰ প্ৰতিটো কলিৰ বাকলি আঁতৰোৱাটো কেৱল বিৰক্তিকৰেই নহয়, সময়সাপেক্ষ আৰু আঙুলিত লাগি থকাৰ বাবে এক অশান্তিৰ সৃষ্টি কৰে থাকে, যাৰ ফলত কামটো আৰু অধিক প্ৰত্যাহ্বানজনক হৈ পৰে ।

কেনেকৈ নহৰুৰ বাকলি সহজে এৰুৱাব পাৰি ?

বৰ্তমান মাৰ্কেট, বা বজাৰত নহৰুৰ পেষ্ট উপলদ্ধ ৷ যাৰ ফলত আপোনাৰ কাম সহজ হৈ পৰে, কিন্তু যদি আপুনি সতেজ সোৱাদ অনুভৱ কৰিব বিচাৰে, তেন্তে আপুনি ঘৰতে নহৰুৰ বাকলি গুচাব লাগিব । এই কামটো সহজে কেনেকৈ কৰিব পাৰি । তলত সম্পূৰ্ণ পদ্ধতি জানি লওক-

ক্ৰাছ পদ্ধতি (Crush Method)

বেছিভাগ চেফে এই পদ্ধতিৰ পৰামৰ্শ দিয়ে, যাৰ সহায়ত নহৰুৰ বাকলি সহজে এৰুৱাব পাৰি । প্ৰথমে নহৰুৰ কলিবোৰ পৃথক কৰি লওক । তাৰ পিছত কাটিং বৰ্ড এখনত ৰাখক, যাৰ মূল মূৰটো আপোনাৰ ফালে থাকে । বৰ্ডখন পিছলি নাযাবলৈ তাৰ তলত ভিজা পাকঘৰৰ টাৱেল এখন ৰাখিবলৈ চেষ্টা কৰক ।

How to Peel Garlic Quickly and Easily Learn Step by Step
এই পদ্ধতিৰে অতি সহজে এৰাওক নহৰুৰ বাকলি

৬-৮ ইঞ্চিৰ চুৰী সমতল ফালটো নহৰুৰ কলিৰ ওপৰত ৰাখক যাতে চোকা ফালটো আপোনাৰ পৰা আঁতৰত থাকে । হাতৰ তলৰ অংশ ব্যৱহাৰ কৰি নহৰুৰ কলিবোৰ চুৰীৰ সমতল ফালৰে হেচি ধৰিব । প্ৰয়োজন হ’লে দ্বিতীয়বাৰৰ বাবে ব্লেডটো তললৈ হেচি ধৰিব পাৰে । ইয়াৰ লগে লগে নহৰুৰ পৰা বাকলিবোৰ পৃথক হ’বলৈ আৰম্ভ কৰিব আৰু তাৰ পিছত বাকলিবোৰ আপুনি হাতেৰে অতি সহজে আঁতৰাব পাৰিব ।

ক্ৰাছ মেথড কিয় সৰ্বোত্তম ?

অধিকাংশ লোকেই এই পদ্ধতিটো ভাল পায় কাৰণ ইয়াৰ বাবে আপোনাক কোনো বিশেষ সঁজুলিৰ প্ৰয়োজন নহয় । মাত্ৰ এখন কাটিং বৰ্ড আৰু এখন ভাল চুৰীৰ প্ৰয়োজন । ইয়াৰ উপৰিও ই এক মাল্টিটাস্কিং পদ্ধতি যিয়ে নহৰুৰ বাকলি এৰুৱাই নহয় নহৰুক থেতেলিওৱাত সহায় কৰে ।

লগতে পঢ়ক: Masoor Dal Face Pack: এনেদৰে ব্যৱহাৰ কৰক মচুৰ দাইলৰ ফেচ পেক, ছাল মসৃণ হোৱাৰ লগতে বৃদ্ধি পাব উজ্বলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.