ETV Bharat / bharat

Amit Shah Manipur Visit : মণিপুৰৰ নাগৰিক সমাজক সাক্ষাৎ গৃহমন্ত্ৰীৰ, কথা পাতিলে মহিলা নেতৃবৃন্দৰে

author img

By

Published : May 30, 2023, 2:29 PM IST

সোমবাৰে নিশা ইম্ফলত উপস্থিত হোৱাৰ পিছত গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিং, কেবিনেটৰ কেইগৰাকীমান মন্ত্ৰী, বিষয়া তথা আন কেইগৰাকীমান ৰাজনৈতিক নেতাক সাক্ষাৎ কৰে (Amit Shah Manipur visit) ।

Amit Shah Manipur Visit
Amit Shah Manipur Visit

নিউজ ডেস্ক, ৩০ মে' : মণিপুৰৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ মাজতে সোমবাৰে হিংসাজৰ্জৰ ৰাজ্যখনত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah visit violence hit Manipur) । সোমবাৰে নিশা ইম্ফলত উপস্থিত হয় গৃহ মন্ত্ৰী অমিত শ্বাহ । ইয়াৰ পিছত মঙলবাৰে তেওঁ ৰাজ্যখনৰ বিভিন্ন গোটৰ সৈতে পুৱাৰ চাহমেল অনুষ্ঠিত কৰে । তাত তেওঁ হিংসাপীড়িত ৰাজ্যখনত স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মহিলা নেতৃবৃন্দৰ এটা গোটৰ সৈতে আলোচনাত মিলিত হয় (Amit Shah met women leaders in Manipur) । আনহাতে, গৃহ মন্ত্ৰীয়ে নাগৰিক সমাজৰ সংগঠনসমূহৰ প্ৰতিনিধি দলৰ সৈতেও এক বৈঠক অনুষ্ঠিত কৰে (Amit Shah meeting with Manipur civil society) ।

"মণিপুৰত মহিলা নেতৃবৃন্দৰ (মেইৰা পাইবি) এটা দলৰ সৈতে বৈঠকত মিলিত হওঁ । মণিপুৰী সমাজত মহিলাসকলৰ ভূমিকাৰ তাৎপৰ্যৰ কথাও দোহাৰো । আমি একেলগে ৰাজ্যখনত শান্তি আৰু সমৃদ্ধি নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" অমিত শ্বাহে নিজৰ টুইটত এনেদৰে কয় । আনহাতে, গৃহ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰৰ মতে, অমিত শ্বাহে মঙলবাৰে পুৱা ইম্ফলত বিভিন্ন নাগৰিক সমাজ সংগঠনৰ প্ৰতিনিধি দলৰ সৈতেও বৈঠকত মিলিত হয় (Home Minister Amit Shah Manipur visit) ।

উল্লেখ্য যে সোমবাৰে নিশা ইম্ফলত উপস্থিত হোৱাৰ পিছত গৃহ মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিং, কেবিনেটৰ কেইগৰাকীমান মন্ত্ৰী, বিষয়া তথা কেইগৰাকীমান ৰাজনৈতিক নেতাক সাক্ষাৎ কৰে । অমিত শ্বাহে সোমবাৰৰ পৰা চাৰিদিনীয়া মণিপুৰ ভ্ৰমণসূচী আৰম্ভ কৰিছে । তাত তেওঁ পৰিস্থিতি মূল্যায়ন কৰিবলৈ আৰু স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই আনিবৰ বাবে পৰৱৰ্তী পদক্ষেপৰ পৰিকল্পনা কৰিবলৈ কেইবাটাও পৰ্যায়ত নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰিব বুলি সূত্ৰত প্ৰকাশ ।

উল্লেখ্য, ৩ মে'ত মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত গৃহমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰিছে । মণিপুৰত প্ৰায় এমাহ ধৰি জাতিগত সংঘৰ্ষ চলি আছে । আনহাতে, প্ৰায় এটা পষেকৰ অধিক সময় ধৰি আপেক্ষিকভাৱে নিস্তব্ধ হৈ থকাৰ পিছত দেওবাৰে উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ আৰু গুলীবৰ্ষণৰ ঘটনা হঠাতে বৃদ্ধি পায় ।

এই সংঘৰ্ষৰ ফলত নিহতৰ সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে । উল্লেখ্য যে মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতিৰ (এছটি) মৰ্যাদা দাবী কৰাৰ প্ৰতিবাদত যোৱা ৩ মে'ত পাহাৰীয়া জিলাখনত 'জনজাতীয় সংহতি সমদল'ৰ আয়োজন কৰে জনজাতি ছাত্ৰ সন্থাই । তাৰ পিছতে মণিপুৰত প্ৰথমে জাতিগত হিংসাৰ সৃষ্টি হয় । এই হিংসাত্মক ঘটনাৰ পূৰ্বে কুকি গাঁওবাসীক সংৰক্ষিত বনভূমিৰ পৰা উচ্ছেদ কৰাৰ বাবেও উত্তেজনাৰ সৃষ্টি হৈছিল । যাৰ ফলত কেইবাটাও সৰু-সুৰা আন্দোলনৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক :Manipur Violence update: প্ৰতিশ্ৰুতি মতেইল হিংসাজৰ্জৰ মণিপুৰত পদাৰ্পণ গৃহমন্ত্ৰী অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.