ETV Bharat / bharat

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি প্ৰসংগত চৰকাৰক কঠোৰ সমালোচনা ৰাহুল গান্ধীৰ

author img

By

Published : Jul 6, 2022, 5:57 PM IST

বিজেপিয়ে কেৱল শিৰোনামত থাকিবলৈ বিচৰা বুলি কৈ অৰ্থনীতিৰ অপব্যৱস্থা সৃষ্টিৰ অভিযোগ উত্থাপন কৰে । উল্লেখ্য, মে' মাহত আন্তৰ্জাতিক শক্তি মূল্য সুস্থিৰ কৰাৰ পিছত তৃতীয়বাৰৰ বাবে ভাৰতত ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক এই আক্ৰমণৰ লক্ষ্য কৰি লয় ।

Rahul Gandhi
Rahul Gandhi

নিউজ ডেস্ক, ৬ জুলাই : মঙলবাৰে মাজনিশাৰ পৰা বৃদ্ধি পাইছে ঘৰুৱা ব্যৱহাৰৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য (Domestic LPG cylinder price hike in India) । প্ৰতিটো চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পাইছে বুধবাৰৰ পৰা । চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ পিছতে চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ (Rahul Gandhi attacked BJP Government over LPG price hike) । ৰাহুল গান্ধীয়ে বুধবাৰে এলপিজিৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰাৰ পিছত বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।

বিজেপিয়ে কেৱল শিৰোনামত থাকিবলৈ বিচৰা বুলি কৈ অৰ্থনীতিৰ অপব্যৱস্থা সৃষ্টিৰ অভিযোগ উত্থাপন কৰে । উল্লেখ্য, মে' মাহত আন্তৰ্জাতিক শক্তি মূল্য সুস্থিৰ কৰাৰ পিছত তৃতীয়বাৰৰ বাবে ভাৰতত ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক এই আক্ৰমণৰ লক্ষ্য কৰি লয় ।

উল্লেখ্য, ৰাজ্যিক মালিকানাধীন ইন্ধন খুচুৰা মূল্য অধিসূচনা অনুসৰি দেশৰ ৰাজধানীত প্ৰতিটো ৰাজসাহায্যবিহীন 14.2 কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান 1,053 টকা (Non-subsidised LPG cylinder costs 1,053 in national capital) । পূৰ্বতে ইয়াৰ মূল্য আছিল 1,003 টকা । "শিৰোনাম সুপৰিচালিত । অৰ্থনীতি অপৰিচালিত (Headlines Managed. Economy Mismanaged) ।" ৰাহুল গান্ধীয়ে এখন ফটোৰ সৈতে এনেদৰে টুইট কৰে । ক্ষমতালৈ অহাৰ পিছৰে পৰা মুদ্ৰাস্ফীতি আৰু ভাৰতীয় মুদ্ৰাৰ অৱমূল্যায়নৰ ওপৰত বিজেপিক সমালোচনা কৰে ৰাহুল গান্ধীয়ে ।

টুইটোত তেওঁ কয় যে বিজেপিয়ে পূৰ্বতে প্ৰচাৰ কৰিছিল যে এখন দেশৰ মুদ্ৰা হেনো হ্ৰাস পায় যদি তাত দুৰ্নীতিগ্ৰস্ত চৰকাৰ থাকে । কিন্তু এতিয়া "ভাৰতীয় টকা ৰেকৰ্ড সংখ্যক ন্যূনতম হাৰত ৭৯.৩৬ টকালৈ অৱনমিত হৈছে" (Indian Rupee slips to 79.36 record low) যিটো সাধাৰণ মানুহৰ ওপৰত "আক্ৰমণ" বুলিও তেওঁ কয় । তেওঁ লগতে কয় যে ২০১৪ চনত মুদ্ৰাস্ফীতি শিৰোনাম আছিল । এলপিজিৰ মূল্য ৫০ টকা ব্যয়বহুল হৈ পৰিছে, প্ৰতিটো চিলিণ্ডাৰত ১০৫৩ টকা ব্যয় হ'ব, কিন্তু এতিয়াও মূল্যবৃদ্ধিৰ ওপৰত কোনো আলোচনা হোৱা নাই ।

উল্লেখ্য, ৰাহুল গান্ধীয়ে পূৰ্বতেই অভিযোগ কৰি কৈছিল যে বিজেপিয়ে প্ৰতিবছৰে দুই কোটি চাকৰি সৃষ্টি হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু এতিয়া ভাৰতে জুনত 1.3 কোটি চাকৰি হেৰুৱাইছে । কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যা সন্দৰ্ভত বিজেপি চৰকাৰক নিয়মিতভাৱে আক্ৰমণ কৰি আহিছে ।

লগতে পঢ়ক :১ জুলাইৰ পৰা ক্ৰিপ্টো কাৰেঞ্চিত উৎসৰ ওপৰত ১ শতাংশ কৰ কৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.