ETV Bharat / business

১ জুলাইৰ পৰা ক্ৰিপ্টো কাৰেঞ্চিত উৎসৰ ওপৰত ১ শতাংশ কৰ কৰ্তন

author img

By

Published : Jul 6, 2022, 12:52 PM IST

crypto currencies
১ জুলাইৰ পৰা ক্ৰিপ্টো কাৰেঞ্চিত উৎসৰ ওপৰত ১ শতাংশ কৰ কৰ্তন

ক্ৰিপ্টো কাৰেঞ্চি আৰু অন্যান্য ভাৰ্চুৱেল মুদ্ৰাৰ ব্যৱসায়ৰ ওপৰত ১% টিডিএছ কাৰ্যকৰী হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (1 percent TDS on crypto currencies)। একাংশ বিশেষজ্ঞৰ মতে এক শতাংশ কৰ কৰ্তন কৰিলে স্বচ্ছতা আহিব কিয়নো ই বজাৰত প্ৰকৃত ক্ৰেতাসকলক উৎসাহিত কৰিব ।

নেশ্যনেল ডেস্ক,৬ জুলাই : ১ জুলাইৰ পৰা ক্ৰিপ্টো কাৰেঞ্চি আৰু অন্যান্য ভাৰ্চুৱেল মুদ্ৰাৰ ব্যৱসায়ৰ ওপৰত ১% টিডিএছ কাৰ্যকৰী হৈছে (1 percent TDS on crypto currencies)। ইয়াৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দুগৰাকী বিশেষজ্ঞই জনোৱা মতে বিটক'ইন, ইথেৰিয়াম, টিথাৰ, শিবু ইনু, ডগেকোইন আদিৰ লগতে ভাৰ্চুৱেল মুদ্ৰা আৰু non-fungible tokens ৰ দৰে ক্ৰিপ্টো কাৰেঞ্চিৰ লেনদেনৰ ক্ষেত্ৰত উৎসৰ (TDS) ওপৰত এক শতাংশ কৰ কৰ্তন কৰিলে স্বচ্ছতা আহিব কিয়নো ই বজাৰত প্ৰকৃত ক্ৰেতাসকলক উৎসাহিত কৰিব ।

ইফালে ৱাজিৰএক্স, জেবপে আৰু কইনডিএক্সৰ দৰে ক্ৰিপ্টো এক্সচেঞ্জত ক্ৰিপ্টো কাৰেঞ্চিৰ ব্যৱসায় যথেষ্ট হ্ৰাস পাইছে । তথ্য অনুসৰি, যোৱা চাৰি দিনত ব্যৱসায় ৩০-৭০% হ্ৰাস পাইছে । বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বছৰৰ ফেব্ৰুৱাৰীত ঘোষণা কৰা এই বছৰৰ বাজেটত ক্ৰিপ্টো কাৰেঞ্চিৰ ব্যৱসায়ৰ লাভৰ ওপৰত ৩০% কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ ফলস্বৰূপে, এপ্ৰিলৰ আৰম্ভণিৰ পৰা নতুন কৰ কাৰ্যকৰী হোৱাৰ সময়ত ক্ৰিপ্টো কাৰেঞ্চিৰ ব্যৱসায় ৩০-৭০% হ্ৰাস পাইছিল (Crypto trading down by 30 to 70 percent)।

চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে ক্ৰিপ্টো কাৰেঞ্চিক ব্যৱসায় যথেষ্ট হ্ৰাস পাইছে । একাংশ বিশেষজ্ঞই অৱশ্যে আশংকা কৰিছে যে এই পদক্ষেপবোৰে বজাৰত প্ৰকৃত ক্ৰেতাসকলক উৎসাহিত কৰিব ।

দিল্লীস্থিত ই-কমাৰ্চ আৰু ইণ্টাৰনেট কোম্পানী Two99ৰ মুখ্য কাৰ্যবাহী বিষয়া আগম চৌধুৰীয়ে কয় যে ক্ৰিপ্টো ট্ৰেডিঙৰ ওপৰত এক শতাংশ টিডিএছ আৰোপ কৰাটো চৰকাৰৰ এক ইতিবাচক আৰু গঠনমূলক পদক্ষেপ । তেওঁ ই টিভি ভাৰতলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰে । চৌধুৰীয়ে লগতে কয় যে নতুন টিডিএছ নিয়মে ক্ৰিপ্টো ট্ৰেডিংত অধিক স্বচ্ছতা আনিব আৰু চৰকাৰক লেনদেনৰ হিচাপ ৰখাত সহায় কৰিব । তেওঁ কয় যে ইয়াৰ বিদ্বেষপূৰ্ণ দিশবোৰৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে এই মুহূৰ্তত প্ৰশ্নটো হ'ব লাগে যে এনএফটি প্ৰকল্পবোৰে কি উপযোগিতা আনিছে ?

নয়ডাস্থিত প্ৰযুক্তি প্ৰতিষ্ঠান P2E প্ৰ'ৰ প্ৰতিষ্ঠাপক তপন চাংগালে স্বীকাৰ কৰিছে যে নতুন টিডিএছ নিয়ম কাৰ্যকৰী হোৱাৰ ফলত এক প্ৰচাৰ আৰম্ভ হৈছে আৰু আশংকা কৰা হৈছে যে ই ভাৰতত এনএফটিৰ বিকাশৰ গতি হ্ৰাস কৰিব । অৱশ্যে, চাংগালে এই আশংকা অস্বীকাৰ কৰি কয় যে ইয়াৰ বিপৰীতে, প্ৰকৃত এনএফটিৰ প্ৰকৃত ক্ৰেতাসকলে বজাৰত প্ৰৱেশ কৰাৰ লগে লগে বিকাশৰ গতি বৃদ্ধি পাব । ইটিভি ভাৰতলৈ প্ৰেৰণ কৰা এক বিবৃতিত চাংগালে কয় যে এনেদৰে অনিয়ন্ত্ৰিত ক্ৰিপ্টো আৰু বিকেন্দ্ৰীকৃত বিত্তীয় বিশ্ব-আধাৰিত এনএফটি নিশ্চিতভাৱে নিৰুৎসাহিত হ'ব ।

লগতে পঢ়ক :ব্যৱসায়ৰ সহজতা বৃদ্ধিৰ লক্ষৰে নিৰ্মলা সীতাৰমণে মুকলি কৰিলে বিজনেছ ৰিফৰ্ম একচন প্লেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.