Haryana Govt has bowed down: হাৰিয়ানা চৰকাৰে ৰাম ৰহিমৰ চৰণত শৰণ লৈছে; অংশুল ছত্ৰপতি

author img

By

Published : Jan 22, 2023, 9:41 AM IST

Haryana Govt has bowed down

ৰাম ৰহিমক পেৰল দিয়াৰ বিৰোধিতা কৰি জাঙুৰ খাই উঠিল সাংবাদিক ৰাম চান্দেৰ ছত্ৰপতিৰ পুত্ৰ অংশুল ছত্ৰপতি (Anshul Chhatrapati reacts on Ram Rahim parole)৷ পিতৃ হত্যাকাৰী ৰাম ৰহিমৰ চৰণত হাৰিয়ানা চৰকাৰে শৰণ লোৱা বুলি ক্ষোভ উজাৰে অংশুলে ৷

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী: "ডেৰা চাচা সৌদাৰ মুৰব্বী ৰাম ৰহিমে তেওঁৰ শক্তিৰ অপব্যৱহাৰ কৰি আহিছে ৷ ৰাম ৰহিমৰ চৰণত হাৰিয়ানা চৰকাৰে শৰণাপন্ন হৈছে (Haryana Govt has bowed down to Ram Rahim) ৷ যোৱা ৫৬ দিনত দ্বিতীয়বাৰৰ বাবে পেৰল দিয়া হৈছিল ৰাম ৰহিমক । যোৱা বৰ্ষৰ অক্টোবৰত হাৰিয়ানা চৰকাৰে ৰাম ৰহিমক 40 দিনৰ বাবে পেৰল মঞ্জুৰ কৰিছিল ৷" ৰাম ৰহিমক পেৰলত মুকলি কৰি দিয়াৰ বিৰোধিতা কৰি সাংবাদিক ৰাম চান্দেৰ ছত্ৰপতিৰ পুত্ৰ অংশুল ছত্ৰপতিয়ে (Anshul Chhatrapati reacts on Ram Rahim parole) এই মন্তব্য প্ৰকাশ কৰে ৷

চিৰচাত থকা আশ্ৰমৰ মুখ্য কাৰ্যালয়ত দুগৰাকী মহিলা শিষ্য ধৰ্ষণৰ গোচৰত 2017 চনৰ পৰা ৰাম ৰহিমক হাৰিয়ানাৰ সুনাৰিয়া কাৰাগাৰত 20 বছৰৰ বাবে কাৰাৰুদ্ধ কৰি ৰখা হৈছে ৷ ৰাম ৰহিমক 2019 চনত দোষী সাব্যস্ত কৰা হৈছিল ৷

উল্লেখ্য যে, প্ৰায় 16 বছৰৰ পূৰ্বে সাংবাদিক ৰাম চান্দেৰ ছত্ৰপতি (Murder of journalist Ram Chander Chhatrapati)আৰু ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙক হত্যাৰ গোচৰত ৰাম ৰহিমকে ধৰি চাৰিজন লোকক দোষী সাব্যস্ত কৰা হৈছিল ৷ কুৰুক্ষেত্ৰৰ খানপুৰ কলিয়ান গাঁৱৰ বাসিন্দা ৰঞ্জিত সিঙক 2002 চনৰ 10 জুলাইত হত্যা কৰা হৈছিল ৷ তেওঁ হাৰিয়ানা কোলচেয়ান জিলাৰ খানপুৰ কোল্লেয়ান গাঁৱৰ পথাৰত কাম কৰি থকাৰ সময়ত সিঙক হত্যা কৰা হৈছিল ৷

ইয়াৰ পিছতে চিবিআইৰ পুংখানুপুংখ ( CBI filed a charge sheet ) তদন্তৰ পিছতে 2007 চনত 6 অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল ৷ ইয়াৰ পৰৱৰ্তী সময়ত 2008 চনতো পুনৰ অভিযোগপত্ৰ দাখিল কৰিছিল ৷ আনহাতে, 2021 চনৰ 8 অক্টোবৰত আদালতে ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙৰ হত্যাৰ গোচৰত ৰহিম আৰু আন চাৰিজনক দোষী সাব্যস্ত কৰিছিল ।

পেৰল দিয়াৰ পিছতে উত্তৰ প্ৰদেশৰ বৰ্ণাৱা আশ্ৰমত ৰাম ৰহিমে সময় অতিবাহিত কৰিছিল। স্মৰ্তব্য যে ৰাম ৰহিমে 12 মাহত চতুৰ্থবাৰৰ বাবে কাৰাগাৰৰ পৰা ওলাই আহিছে। অক্টোবৰ 2022 পূৰ্বে হাৰিয়ানা চৰকাৰে তেওঁক এমাহৰ বাবে পেৰল প্ৰদান কৰিছিল । তেওঁক 2022 চনৰ 7 ফেব্ৰুৱাৰীত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ দুসপ্তাহ পূৰ্বেও তিনি সপ্তাহৰ বাবে হ্ৰস্বম্যাদী অস্থায়ী মুক্তি দিয়া হৈছিল ৷

হাৰিয়ানাৰ কাৰাগাৰ মন্ত্ৰী ৰঞ্জিত সিং চৌটালাই এই সন্দৰ্ভত কয়, "ৰাম ৰহিম ইয়াত থকা আন সকলো বন্দীৰ দৰেই ৷ তেওঁৰো মৌলিক অধিকাৰ আছে। 3 ৰ পৰা 5 বছৰৰ পিছত এজন বন্দীয়ে পেৰলৰ বাবে আবেদন কৰিব পাৰে ৷ তেওঁক পেৰল দিয়াৰ ক্ষমতা আমাৰ হাতত নাই ৷ উৰ্ধ্বতম কৰ্তৃপক্ষই পেৰল প্ৰদানৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে ৷

শেহতীয়াকৈ ৰাম ৰহিমৰ হৈ মাহজোৰা পেৰোল বিচাৰি কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আবেদন দাখিল কৰিছে যদিও কিমান দিনৰ বাবে পেৰল পাব লগতে এই সময়ছোৱাত তেওঁ ক’ত থাকিব সেয়া আদালত আৰু আয়ুক্তৰ দ্বাৰা সিদ্ধান্ত লোৱা হ’ব ৷" হাৰিয়ানাৰ কাৰাগাৰ মন্ত্ৰীয়ে (Haryana Jail Minister) শুকুৰবাৰে এই কথা নিশ্চিত কৰে।

লগতে পঢ়ক: Sports ministry suspends Vinod Tomar: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সহকাৰী সম্পাদক বিনোদ টোমৰক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.