Girl Molestation Case: এচিড আক্ৰমণৰ ভয়ত দুবছৰ ধৰি ঘৰতে আৱদ্ধ হৈ আছে এগৰাকী ছাত্ৰী

author img

By

Published : Nov 7, 2022, 7:23 PM IST

Girl student left school from two years due to molestation in meerut
Girl Molestation Case: এচিড ঢালি জ্বলাই দিয়াৰ ভাবুকিৰ ভয়ত দুবছৰ ধৰি ঘৰতে আৱদ্ধ হৈ আছে ছাত্ৰী ()

উত্তৰ প্ৰদেশত যৌন উৎপীড়নৰ বলি হৈ এগৰাকী ছাত্ৰী বিদ্যালয় এৰি দুবছৰ ঘৰতে সোমাই থাকিবলগীয়া হোৱাৰ ঘটনা পোহৰলৈ আহিছে (Student molested in meerut) ৷

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ: আজিৰ সমাজত কিমান সুৰক্ষতি নাৰী ? পিছে এই প্ৰশ্ন আজিৰ নহয়, প্ৰতিদিনে দেশত বৃদ্ধি হোৱা নাৰী নিৰ্যাতনৰ ঘটনাই এই প্ৰশ্ন অধিক প্ৰাসংগিক কৰি তুলিছে ৷ এইবাৰ উত্তৰ প্ৰদেশত যৌন উৎপীড়নৰ বলি হৈ এগৰাকী ছাত্ৰীয়ে বিদ্যালয় এৰি ঘৰতে সোমাই থাকিবলগীয়া ঘটনা পোহৰলৈ আহিছে ৷

উল্লেখ্য যে, NCRB ৰ 2022 চনৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক নাৰীজনিত অপৰাধ সংঘটিত হোৱা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ ৷ 2021 চনত উত্তৰ প্ৰদেশত 48 টা ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ।

ঘটনা অনুসৰি উত্তৰ প্ৰদেশৰ মীৰাটত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী বিদ্যালয় যোৱাৰ পথত প্ৰতিদিনে এজন যুৱকে তেওঁক জোকাৱাৰ লগতে অশ্লীল ইংগিত দিছিল (Student molested in meerut)৷ প্ৰথমে তেওঁ যুৱকজনক আওকাণ কৰিছিল ৷ ছাত্ৰীগৰাকীয়ে যুৱকজনক আওকাণ কৰা দেখি যুৱকজনে এইবাৰ ছাত্ৰীগৰাকীক অনুসৰণ কৰিবলৈ আৰম্ভ কৰে (Girl molestation in Meerut)৷

সদায় যুৱকজনে ছাত্ৰীগৰাকীক উদ্দেশ্যি অভব্য মন্তব্য কৰাৰ লগতে প্ৰেমৰ প্ৰস্তাৱ মানি লবলৈ হেঁচা প্ৰয়োগ কৰিছিল ৷ কিন্তু ছাত্ৰীগৰাকীয়ে নিজৰ সিদ্ধান্তত অটল থকাত যুৱকজনৰ খং উঠে ৷ ছাত্ৰীগৰাকীক ক্ৰমান্বয়ে গালি-শপনি দিয়াৰ লগতে ভাবুকি দিবলৈ আৰম্ভ কৰে যুৱকজনে ৷ এদিন যুৱকজনে ছাত্ৰীগৰাকীক যুৱকজনৰ প্ৰস্তাৱ মানি নল’লে এচিড ঢালি জ্বলাই দিয়াৰ ভাবুকি দিয়ে ৷

যুৱকজনৰ এই ভাবুকিত আতংকিত হৈ ছাত্ৰীগৰাকীয়ে বিদ্যালয় এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ছাত্ৰীগৰাকীকক ঘৰৰ লোকেও বিদ্যালয়লৈ যাবলৈ বাধা দিয়ে(Girl student left school from two years in Meerut)৷ এই ঘটনা 2020 চনতেই সংঘটিত হৈছিল ৷ তাৰ পিছৰ পৰাই ছাত্ৰীগৰাকীয়ে যোৱা দুবছৰ পৰ্যন্ত ঘৰৰ ভিতৰতেই সোমাই আছিল ৷ সম্প্ৰতি ছাত্ৰীগৰাকীৰ ভৱিষ্যতক লৈ চিন্তিত হৈছে পৰিয়ালৰ লোক ৷

এই ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো পদক্ষেপ নললে আৰক্ষীয়ে ৷ উল্লেখ্য যে, ছাত্ৰীগৰাকীৰ পিতৃয়ে কোৱা অনুসৰি যুৱকজনক এক অপৰাধী প্ৰকাৰৰ ব্যক্তি আছিল ৷ সি বিভিন্ন সময়ত গাঁওখনৰ আন মহিলাসকলকো অশ্লীল মন্তব্য কৰাৰ লগতে আৰু যৌন উৎপীড়ন কৰাৰ দৰে ঘটনা সংঘটিত কৰিছিল ৷ এতিয়া ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালে আৰক্ষীক এই সন্দৰ্ভত পদক্ষেপ ল’বলৈ দাবী কৰিছে ।

লগতে পঢ়ক: Smuggled wood seized: ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.