Smuggled wood seized: ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ ট্ৰাক জব্দ

author img

By

Published : Nov 6, 2022, 10:34 PM IST

Smuggled wood seized

ধুবুৰীত কাঠৰ বৃহৎ চোৰাং কাৰবাৰ(Smuggled Wood Seized in Dhubri) । নিশাৰ আন্ধাৰত একাংশ কাঠফলা মিলত সোমায় চোৰাং কাঠভৰ্তি ট্ৰাক । আৰক্ষীৰ তৎপৰতাত ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠভৰ্তি ট্ৰাক ।

ধুবুৰী, 6 নৱেম্বৰ: বহিঃৰাজ্যৰ পৰা ধুবুৰীলৈ চোৰাং কাঠৰ কলা বেহা চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ ভানুমতী শ্ব-মিল নামৰ কাঠফলা মিলত শনিবাৰে নিশা অতৰ্কিতে প্ৰৱেশ কৰে ধুবুৰী আৰক্ষীৰ এটা দলে । অভিযানৰ সময়ত ধুবুৰী আৰক্ষীৰ দলটোৱে ডব্লিউ বি ৭৩ ডি- ২৫৫৮ নম্বৰৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক এখনৰ পৰা কাঠৰ কুণ্ডা নমাই থকা অৱস্থাত আটক কৰে ট্ৰাকখন(Illegal timber laden truck seized) ।

ধুবুৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ ট্ৰাক জব্দ

আৰক্ষীৰ দলটোৱে এই সন্দৰ্ভত ধুবুৰী বন বিভাগক খবৰ দিয়াত ধুবুৰী বন বিভাগৰ প্ৰটেকচন ৰেঞ্জাৰ ভাৰ্গৱ হাজৰিকাৰ নেতৃত্বত বন বিভাগৰ এটা দল মিলটোত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । বন বিভাগৰ দলটোৱে কাঠখিনিৰ উপযুক্ত নথিপত্ৰ বিচৰাত তথ্য যোগান দিবলৈ সক্ষম নহয় কাঠ ব্যৱসায়ী পৰিহাস পাল । কিছু সময় পিছত কাৰোবাৰ পৰা নথিপত্ৰ আনি দাখিল কৰে ৰেঞ্জাৰৰ হাতত ।

তথ্যত উল্লেখ কৰা মতে ঝাৰখণ্ডৰ পৰা কাঠখিনি অনা হৈছে ধুবুৰীৰ চক্ৰৱৰ্তী শ্ব মিলৰ বাবে(Smuggled wood seized in Dhubri) । সেইমতেই বন বিষয়া কৰ্মীসকলে চলায় অনুসন্ধান । কিন্তু কাঠখিনি চক্ৰৱৰ্তী মিলৰ পৰিৱৰ্তে নোমোৱা হয় মা ভানুমতী শ্ব মিলতহে । চক্ৰৱৰ্তী আৰু ভানুমতী দুটা মিলৰ গৰাকী এজনেই । নাম পৰিহাশ পাল ।

দৰাচলতে, ঝাৰখণ্ডৰ পৰা অনা বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা নিয়াৰ কথা আছিল পৰিহাশ পাল মালিকানাধীন চক্ৰৱৰ্তী শ্ব মিললৈ । কিন্তু চতুৰালী কৰি কাঠখিনি নোমোৱা হ’ল মা ভানুমতী শ্ব মিলত । অৰ্থাৎ এটা মিলৰ নামত নথি পত্ৰ বনাই আন এটা মিলত নোমোৱা হয় মূল্যবান চোৰাং কাঠ । আৰক্ষীয়ে কাঠভৰ্তি ট্ৰাকখন বন বিভাগক চমজাই দিয়াত বন বিভাগে ট্ৰাকসহ মূল্যবান শাল কাঠখিনি জব্দ কৰিবলৈ বাধ্য হয় । জানিব পৰা মতে, হাইলাকান্দিৰ বৰভূঞা উপাধিৰ এজন কাঠ মাফিয়াৰ নেতৃত্বত পশ্চিমবংগ আৰু অসমৰ মাজত চলিছে কাঠৰ বৃহৎ চোৰাং কাৰবাৰ ।

লগতে পঢ়ক : Urea Fertilizer seized : হাইলাকান্দিত জব্দ অবৈধ সৰবৰাহ কৰা ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.