ETV Bharat / bharat

বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যুঁজক; নীতিশ কুমাৰক প্ৰত্যাহ্বান গিৰিৰাজ সিঙৰ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:02 PM IST

Giriraj Singh challenge to Nitish Kumar
নীতিশ কুমাৰক প্ৰত্যাহ্বান গিৰিৰাজ সিঙৰ

Giriraj Singh Challenge To Nitish : কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকক লৈ এক ডাঙৰ বিস্ফোৰণ ঘটাইছে । "যদি ইণ্ডি মিত্ৰজোঁটৰ কাৰোবাৰ সাহস আছে, তেন্তে এজন ব্যক্তিয়ে বাৰাণসীত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰৰক । এয়া সকলো অজুহাত । যদি সাহস আছে, তেন্তে মই নীতিশ কুমাৰক প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰক ।"

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ : ১৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত অনুষ্ঠিত হ'ব বিৰোধীৰ মিত্ৰজোঁট ইণ্ডিয়াৰ পৰৱৰ্তী বৈঠক । এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে লালুপ্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱ দিল্লীলৈ ৰাওনা হৈছে । আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ সন্ধিয়া দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে । তাৰ মাজতে এই বৈঠকক লৈ বিহাৰত আৰম্ভ হৈছে ৰাজনীতি । কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ইণ্ডিয়াত বিৰোধী দলসমূহৰ মিত্ৰতাক প্ৰত্যাহ্বান জনাইছে ।

গিৰিৰাজ সিঙে কয় যে এয়া সকলো চকুত ধূলিমৰাৰ দৰে কথা । এই লোকসকলে তেওঁলোকৰ পাপ লুকুৱাবলৈ একত্ৰিত হৈছে । প্ৰতিটো দলৰ নিজা নিজা স্বাৰ্থ আছে । তেওঁ কয় যে এই লোকসকলে বেনাৰসক লৈ হুলস্থুল কৰি আছে । তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰাৰ কথা কৈছে । যদি সাহস আছে তেন্তে নীতিশ কুমাৰে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দেখুৱাওক ।

"আমি কওঁ যে যদি সাহস আছে তেন্তে কোনো জেডিইউ বা আৰজেডি নেতাই প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি দেখুৱাওক । নিজৰ অৱস্থাৰ বিষয়ে জানিব পাৰিব । দেশৰ মানুহে কি বিচাৰে সেয়াও জানিব পৰা যাব ।" কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় ।

আনহাতে, এলজেপিৰ সাংসদ মেহবুব আলী কাইজাৰেও ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক পূৰ্বতে বহুবাৰ বাতিল কৰা হৈছে । প্ৰথমে তেওঁলোকৰ মাজত পাৰস্পৰিক সন্মতি জনাব লাগে আৰু তাৰ পিছত নৰেন্দ্ৰ মোদীৰ সৈতে যুঁজ দিব লাগে । তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নাম এতিয়া সমগ্ৰ বিশ্বতে চৰ্চিত । তেওঁ দেশখনক আগুৱাই নিয়াৰ বাবে কাম কৰিছে ।

"বিৰোধীৰ কাম হৈছে কিবা নহয় কিবা এটা কৈ থকা আৰু তেওঁলোকে সেয়াই কৰি আছে । ইয়াৰ পৰা কোনো লাভ নহ'ব । দেশৰ মানুহে জানে যে দেশখনক কোনে আগুৱাই নিব পাৰে । সেয়েহে তেওঁলোকে যিয়েই নকৰক কিয়, তাৰ পৰা কোনো লাভ নহ'ব ।" এলজেপি সাংসদ চৌধুৰী মেহবুব আলী কাইজাৰে কয় ।

চাবলৈ গ'লে সামগ্ৰিকভাৱে এনডিএৰ নেতাসকলে ইণ্ডিয়া মিত্ৰজোঁট সন্দৰ্ভত নিৰন্তৰ তুচ্ছ-তাচ্ছিল্য কৰি আহিছে । লগতে স্পষ্টকৈ কৈছে যে এয়া হৈছে স্বাৰ্থপৰতাৰ মিত্ৰতা । কোনো পৰিস্থিতিত ৰাইজে এই মিত্ৰজোঁটক গ্ৰহণ নকৰে । উল্লেখ্য যে ১৯ ডিচেম্বৰত দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ এক বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে । আনহাতে, অনুষ্ঠানলৈ ৰাওনা হোৱাৰ পূৰ্বে লালুপ্ৰসাদ যাদৱে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি কয় যে তেওঁ দিল্লীলৈ গৈ আছে । "আপোনালোকে বাৰে বাৰে নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী বুলি কৈ থাকে । নৰেন্দ্ৰ মোদী কি ? সকলোৱে একেলগে মিলি তেওঁক পৰাস্ত কৰিব ।" লালুপ্ৰসাদে কয় ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা উলংঘনৰ ষড়যন্ত্ৰ সোনকালেই স্পষ্ট হ'ব; কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.