ETV Bharat / bharat

EAM Jaishankar: জি-20 সন্মিলনত আফ্ৰিকান ইউনিয়নৰ সদস্যতাই তাৎপৰ্য বহন কৰিছে

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:39 PM IST

EAM Jaishankar
জি20 সন্মিলনত আফ্ৰিকান ইউনিয়নৰ সদস্যতাই তাৎপৰ্য বহন কৰিছে

জি-20 বৈঠকৰ সন্দৰ্ভত শনিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ সংবাদমেল ৷ আফ্ৰিকান ইউনিয়ন জি-20 বৈঠকৰ সদস্যৰৰ সন্দৰ্ভতো মন্তব্য কৰে এছ জয়শংকৰে ৷

নিউজ ডেস্ক,9 ছেপ্টেম্বৰ : জি-20 বৈঠক সন্দৰ্ভত শনিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ সংবাদমেল ৷ মন্ত্ৰী এছ জয়শংকৰে সংবাদমেলত উল্লেখ কৰে যে, জি-২০ য়ে ‘‘ভাৰতক বিশ্ব-সাজু আৰু বিশ্ব ভাৰতক সাজু" কৰি তোলাত অৰিহণা যোগাইছে ৷ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি-20 বৈঠকত দক্ষিণ প্ৰান্তৰ ৰাষ্ট্ৰসমূহৰ সমস্যসমূহ ৰক্ষা কৰাত প্ৰাথমিকতা প্ৰদান কৰিছে ৷ ভাৰতৰ সভাপতিত্বত হোৱা বৈঠকত আফ্ৰিকান ইউনিয়ন জি-20ৰ সদস্য হৈ পৰিছে ৷ যিটো বিশ্বৰ দক্ষিণ প্ৰান্তৰ ৰাষ্ট্ৰসমূহত উদ্ভৱ হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতে অগ্ৰাধিকাৰৰ দিছে ৷

তেওঁ লগতে কয়, "ভাৰতৰ সভাপতিত্বত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত বিশ্ব দক্ষিণ প্ৰান্তৰ ৰাষ্ট্ৰৰ মতামত প্ৰকাশ কৰিবলৈ 125 খন ৰাষ্ট্ৰৰ সৈতে আলোচনা কৰা হৈছিল ৷ এই বৈঠক 60 খন চহৰ বিয়পি পৰিছে ৷ যিটো ব্যতিক্ৰমী ৷ যুৱসকলৰ মাজত জি-২০ কাৰ্যক্ৰমৰ প্ৰতি বিশেষভাৱে আগ্ৰহ বৃদ্ধি পাইছে ৷ ই ভাৰতৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য প্ৰদৰ্শন কৰাৰ এক সুযোগ হৈ পৰিছে ৷’’

নেতাসকলে শক্তিশালী, বহনক্ষম, সন্তুলিত আৰু সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ এছডিজি(SDG)ৰ ওপৰত প্ৰগতি ত্বৰান্বিত কৰাৰ চেষ্টা কৰা হৈছে ৷ এক বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ উন্নয়ন চুক্তিৰ পৰিকল্পনা আৰু বহনক্ষম উন্নয়নত জীৱনশৈলীৰ নীতিসমূহক সমৰ্থন কৰা হ’ব ৷ এই মন্তব্য এছ জয়শংকৰৰ ।

ইতিমধ্যে বিশ্বৰ আগশাৰী ৰাষ্ট্ৰৰ নেতাৰ উপস্থিতি আৰম্ভ হৈছে জি-20 সন্মিলন ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা সন্মিলনতে জলবায়ু পৰিৱৰ্তন, সন্ত্ৰাসবাদ, বিশ্ব অৰ্থনীতি, ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ ফলত বিশ্ব অৰ্থনীতি পৰা প্ৰভাব আদিৰ বিষয়ত আলোচনা হোৱা সম্ভাৱনা আছে ৷ ক্ৰীড়া, প্ৰযুক্তিৰ লগতে সংস্কৃতিৰ আদান প্ৰদানৰ বিষটো বিশেষ স্থান লাভ কৰিব বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:G20 African Union membership : জি-২০ৰ সদস্যতা আফ্ৰিকান ইউনিয়নৰ বাবে কিমান গুৰুত্বপূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.