ETV Bharat / bharat

Dead bodies found: নিজা বাসগৃহত উদ্ধাৰ একে পৰিয়ালৰ 4 সদস্যৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:29 AM IST

বেংগালুৰুৰ মহীশূৰত চহৰৰ চামুণ্ডি পুৰম কলনীত উদ্ধাৰ একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ মৃতদেহ । নিজ বাসগৃহত উদ্ধাৰ হৈছে মৃতদেহ 4 টা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

FOUR MEMBERS OF THE SAME FAMILY died SUSPICIOUSly in MYSORE
নিজ ঘৰতে উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ মৃতদেহ

নেশ্যনেল ডেস্ক, 28 জুলাই: বেংগালুৰুৰ মহীশূৰত শোকাৱহ ঘটনা ৷ একেটা পৰিয়ালৰ চাৰিজনকৈ সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে বেংগালুৰুৰ মহীশূৰত ৷ মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে মহীশূৰ চহৰৰ চামুণ্ডি পুৰম কলনীত । উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহকেইটা ।

মৃতদেহ উদ্ধাৰ হোৱা লোককেইজন হ’ল মহাদেৱ স্বামী (48), পত্নী অনিতা (35), 17 আৰু 15 বছৰীয়া দুই কন্যা ৷ মহানগৰীখনৰ চামুণ্ডীপুৰস্থিত নিজৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আটাইকেইজন লোকৰ মৃতদেহ । প্ৰাথমিকভাৱে সমগ্ৰ ঘটনাটোক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মহাদেৱ স্বামীৰ মৃতদেহ ঘৰটোৰ হলঘৰত উদ্ধাৰ হোৱাৰ বিপৰীতে পত্নী অনিতাৰ মৃতদেহ এখন চকীত উদ্ধাৰ কৰা হয় ৷ ইয়াৰ বিপৰীতে ডাঙৰ কন্যাৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ লগতে কনিষ্ঠ কন্যাৰ মৃতদেহ কোঠাটোত উদ্ধাৰ কৰে ।

উঁৱলিবলৈ ধৰা অৱস্থাত চাৰিওটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনায় । দুদিনমান পূৰ্বে আত্মহত্যা কৰিছে বুলি আৰক্ষীয়ে প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে । মহীশূৰ চহৰৰ আৰক্ষী আয়ুক্ত ৰমেশ বানোথ, উপ আৰক্ষী আয়ুক্ত মুথুৰাজ আৰু জাহ্নৱীয়ে সেই স্থান পৰিদৰ্শন কৰি ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে । এই সন্দৰ্ভত স্থানীয় কে আৰ থানাত গোচৰ ৰুজু কৰা হৈছে । জানিব পৰা মতে, আত্মহত্যা কৰা মহাদেৱ স্বামীয়ে আৰ এম চি মাৰ্কেটত এজেণ্ট হিচাপে কাম কৰি আছিল ।

প্ৰাথমিক তথ্য অনুসৰি ব্যৱসায়ত লোকচানৰ বাবে মহাদেৱ স্বামী ঋণত ডুব গৈছিল বুলি জানিব পৰা গৈছে আৰু ঋণৰ বোজাৰ পৰা হাত সাৰিবলৈ এনে চৰম পন্থা গ্ৰহণ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক: Man kills girlfriend: কুকাৰেৰে মৰিয়াই প্ৰেমিকাক হত্যা প্ৰেমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.