ETV Bharat / bharat

Murder at Jodhpur: যোধপুৰত একেটা পৰিয়ালৰ 4 জন সদস্যক নৃশংস হত্যা, মৃতদেহ জ্বলোৱাৰ চেষ্টা

author img

By

Published : Jul 19, 2023, 12:05 PM IST

ৰাজস্থানৰ যোধপুৰ জিলাত একেটা পৰিয়ালৰ চাৰিজন লোকক হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই নিৰ্মম তথা জঘন্য হত্যাকাণ্ডৰ ঘটনাটো বুধবাৰে পুৱতি নিশা সংঘটিত হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

Four Members of a Family Brutally Killed
একেটা পৰিয়ালৰ 4 জন সদস্যক নৃশংস হত্যা

নিউজ ডেস্ক, 19 জুলাই: ৰাজস্থানৰ যোধপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাজ্যখনৰ যোধপুৰ জিলাত অৱস্থিত অছিয়ান আৰক্ষী থানা এলেকাত একেটা পৰিয়ালৰ চাৰিজন লোকক হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গ্ৰাম্য আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ সিং যাদৱে এই কথা নিশ্চিত কৰিছে ৷ লাভ কৰা তথ্য অনুসৰি বুধবাৰে পুৱা অছিয়ান থানাৰ অন্তৰ্গত ৰামনগৰ গাঁও পঞ্চায়তৰ গংগানিয়ো কি ধনীত বাস কৰা এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃতদেহ কেইটা পৰিয়ালৰ মুৰব্বী পুনাৰাম বৈৰাদ (55), পত্নী ভানৱৰী দেৱী (50), বোৱাৰী ধাপু (24) আৰু সাত মহীয়া নাতিনী বুলি চিনাক্ত কৰা হৈছে ৷

ঘটনাস্থলীৰ পৰিস্থিতি চাই, হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত হত্যাকাৰীয়ে মৃতদেহ জ্বলাই দিয়াৰ চেষ্টাও কৰা বুলি সন্দেহ কৰা হৈছে ৷ গ্ৰাম্য আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ সিং যাদৱ নিজেই ঘটনাস্থলীত উপস্থিত হৈছে ৷ ইতিমধ্যে এফএছএলৰ এটা দল যোধপুৰৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ যোধপুৰ জিলা উপায়ুক্ত হিমাংশু গুপ্তাও ঘটনাস্থলীত উপস্থিত হৈছে ৷ এই নিৰ্মম তথা জঘন্য হত্যাকাণ্ডৰ ঘটনাটো বুধবাৰে পুৱতি নিশা সংঘটিত হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

হত্যাকাৰীয়ে জঘন্য তথা নিৰ্মমভাৱে ভাৱে হত্যাকাণ্ডটো সংঘটিত কৰিছে ৷ বিচনাত শুই থকা চাৰিজন লোকৰ ডিঙি কাটি হত্যা কৰা হৈছে ৷ ইয়াৰ পাছত মৃতদেহসমূহ জ্বলাই দিয়াৰ চেষ্টা কৰা হৈছিল ৷ মহীয়া কেঁচুৱাটোৰ মৃতদেহ জ্বলি ছাই হৈ যোৱাৰ বিপৰীতে আন সকলোৰে মৃতদেহ আধা-পোৰা অৱস্থাত পোৱা গৈছিল ৷

বুধবাৰে ৰাতিপুৱা এই জঘন্য হত্যাকাণ্ডৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে ঘটনাস্থলীত মানুহৰ বিশাল ভিৰ জমা হয় ৷ যি ধৰণে এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে তাক লৈ সকলোৱে হতবাক হৈ পৰিছে ৷ বৰ্তমান সকলোৰে চকু এই ঘটনাৰ তদন্ত আৰম্ভ কৰা আৰক্ষীৰ ওপৰত আছে ৷

লগতে পঢ়ক : Delhi Flood Update: দিল্লীত বিপদসীমাৰ তললৈ যমুনা নদীৰ জলস্তৰ; এতিয়াও পানীৰ তলত বহু অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.