কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে চাৰিজনক

author img

By

Published : Sep 29, 2022, 5:26 PM IST

Brutal murder of four people of same family in Kumhari of Durg district chhattisgarh

কুমহাৰীত এটা পৰিয়ালৰ চাৰিজন সদস্যক কুঠাৰেৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰে (Brutal murder of four people)৷ মৃত লোককোইজন ভোলানাথ যাদৱ (৩৪), পত্নী নাইলা যাদৱ (৩০), পুত্ৰ পৰমাদ যাদৱ (১২) আৰু কন্যা মুক্তি যাদৱ (৭) বুলি চিনাক্ত কৰা হৈছে ৷

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: ছত্তিশগড়ত লোমহৰ্ষক হত্যাকাণ্ড (Murder case in chhattisgarh) ৷ জিলাখনৰ কুমহাৰীত এটা পৰিয়ালৰ চাৰিজন সদস্যক কুঠাৰেৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা (Brutal murder of four people)৷ কুমহাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাপ্সাদা আকোলা পথত সংঘটিত হৈছে এই ঘটনা (Brutal murder of a family)৷

ঘটনা অনুসৰি বুধবাৰে নিশা প্ৰায় 10 বজাত ভোলানাথ যাদৱৰ চাৰিজনীয়া পৰিয়ালটোৱে শোৱাপাটীত পৰিছিল ৷ তেনেতে কোনো লোকে তেওঁলোকৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰে ৷ তাৰ পিছতেই হাতত থকা কুঠাৰে হত্যাকাৰীয়ে তেওঁৰ পত্নীসহ কন্যা আৰু পুত্ৰক উপৰ্যুপৰি ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰে ৷

পুৱা পৰিয়ালটো শোৱাপাটীত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেখি ওচৰ চুবুৰীয়াই স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ মৃত লোক কেইজন ভোলানাথ যাদৱ (৩৪), পত্নী নাইলা যাদৱ (৩০), পুত্ৰ পৰমাদ যাদৱ (১২) আৰু কন্যা মুক্তি যাদৱ (৭) বুলি চিনাক্ত কৰা হৈছে ৷ ইফালে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ড সংঘটিত কৰা কুঠাৰখন উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে, জানিবলৈ দিয়ে মতে হত্যাকাৰীয়ে পৰিয়ালটোৰ ঘৰৰ সন্দৰ্ভত সকলো অৱগত আছিল ৷ ভোলানাথৰ ভাতৃৰ লগতে বিগত কিছু দিনৰ পৰা ভূমি বিবাদ সংঘটিত হৈ আছিল ৷ ইয়াৰ ফলতেই তেওঁৰ ভাতৃয়ে প্ৰতিশোধ ল’বলৈ এই ঘটনা সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰে আৰক্ষীয়ে (Land dispute case) ৷ ভোলানাথ যাদৱে যোৱা 12 বছৰ ধৰি কৰ্মসূত্ৰে কুমহাৰীত নিজ পৰিয়ালৰ সৈতে বাস কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে কুঠাৰখনৰ পৰা ফিংগাৰ প্ৰিণ্ট সংগ্ৰহ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ তদন্তৰ পৰৱৰ্তী সময়তহে এই ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জনায় ৷

লগতে পঢ়ক: মাংস খাবলৈ নাপাই শহুৰেকৰ অণ্ডকোষ ছিঙিলে বোৱাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.