ETV Bharat / bharat

প্ৰাক্তন সাংসদ জীতেন্দ্ৰ চৌধুৰীক ত্ৰিপুৰা CPIM ৰ সম্পাদকৰ দায়িত্ব

author img

By

Published : Sep 20, 2021, 11:19 AM IST

Former MP Jitendra Chowdhury elected Tripura CPIM secretary
প্ৰাক্তন সাংসদ জীতেন্দ্ৰ চৌধুৰীক ত্ৰিপুৰা CPIMৰ সম্পাদকৰ দায়িত্ব অৰ্পণ

ত্ৰিপুৰা CPIM ৰ নতুন সম্পাদক প্ৰাক্তন সাংসদ জীতেন্দ্ৰ চৌধুৰী(Jitendra Chowdhury) । দেওবাৰে অনুষ্ঠিত হোৱা দলটোৰ বৈঠকত জীতেন্দ্ৰ চৌধুৰীক এই নতুন দায়িত্ব অৰ্পণ কৰা হয় । গৌতম দাসৰ দেহাৱসানৰ পিছত তিনিদিনৰ বাবে মাণিক সৰকাৰে(Manik Sarkar) ৰাজ্যিক সম্পাদকৰ দায়িত্ব পালন কৰি আছিল ।

নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ : ত্ৰিপুৰা(Tripura)ৰ শাসনৰ বাঘজৰী পুনৰ নিজৰ হাতলৈ অনাৰ বাবে এইবাৰ চি পি আই এমে(CPIM) এক পুৰণি কৌশল অৱলম্বন কৰিছে । ১৯৮৮ চনৰ পৰা শাসনৰ গাদীৰ পৰা আঁতৰত থকাৰ পিছত ১৯৯৩ চনত পুনৰ ত্ৰিপুৰাৰ ক্ষমতা নিজৰ হাতলৈ আনিবলৈ বাওঁপন্থী দলটোৱে যি কৌশল অৱলম্বন কৰিছিল, তাৰেই এতিয়া পুনৰাবৃত্তি কৰিছে । দেওবাৰে ত্ৰিপুৰা CPIM ৰ নতুন সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হ'ল প্ৰাক্তন সাংসদ জীতেন্দ্ৰ চৌধুৰী(Jitendra Chowdhury)ক । প্ৰাক্তন মুখ্যমন্ত্ৰী দশৰথ দেৱৰ পিছত জীতেন্দ্ৰ চোধুৰীয়েই হৈছে প্ৰভাৱশালী জনজাতীয় নেতা ।

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত শোচনীয় পৰাজয়বৰণ কৰিবলগীয়া হোৱাৰ পিছত দলটোৱে এজন শীৰ্ষ থলুৱা নেতাৰ অভাৱ অনুভৱ কৰিছিল । ১৯৮৮ চনত হোৱা পৰাজয়ৰ পিছতো এতিয়াৰ দৰে একেই অনুভৱ কৰিছিল দলটোৱে । ৫ বছৰ ধৰি শাসনৰ গাদীৰ পৰা আঁতৰি থকাৰ পিছত পুনৰ ৰাজ্যখনৰ ক্ষমতা নিজৰ হাতলৈ অনাৰ উদ্দেশ্যেৰে জনজাতীয় নেতা দশৰথ দেৱক দলৰ ৰাজ্যিক সম্পাদক হিচাপে নিৰ্বাচিত কৰে । সেই সময়ত এই সিদ্ধান্তই দলটোৰ জয়ৰ পথ প্ৰশস্ত কৰিছিল ।

কিন্তু এতিয়া জীতেন্দ্ৰ চোধুৰীক সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ সিদ্ধান্তই দলটোক কিদৰে সহায় কৰে সেয়া লক্ষণীয় হ'ব । দেওবাৰে জৰুৰীভাৱে আহ্বান জনোৱা ৰাজ্যিক সমিতিৰ ভাৰ্চুৱেল বৈঠকত জীতেন্দ্ৰ চৌধুৰীক নতুন সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ।

যোৱা ১৬ ছেপ্তেম্বৰত প্ৰাক্তন সম্পাদক গৌতম দাসৰ মৃত্যুৰ পিছত এই পদৰ দায়িত্ব তিনিদিনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে পালন কৰিছিল । সেয়ে, নতুন সম্পাদক নিযুক্তি দিয়াৰ বাবে এই জৰুৰী বৈঠকখন আহ্বান কৰা হয় । এই সন্দৰ্ভত জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে, প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজি থকা দলটোক পুনৰ শক্তিশালী কৰি তোলাটো তেওঁৰ বাবে এক প্ৰত্যাহ্বান হ'ব । ৰাজ্যখনত গণতন্ত্ৰক পুনৰুদ্ধাৰ কৰাই তেওঁৰ প্ৰধান কাম হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

দলৰ সম্পাদকৰ দায়িত্ব যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব আৰু তেওঁ ৰাইজ আৰু দলৰ আশা পূৰণ কৰিবলৈ সাধ্য অনুসাৰে চেষ্টা কৰিব বুলিও মন্তব্য কৰে । তেওঁ কয় যে, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বৰ্তমান বহু সমস্যাৰ সন্মুখীন হৈছে । সেয়ে তেওঁৰ দলে এই সকলোবোৰ বিষয় উত্থাপন কৰি শাসকীয় দলটোক উচিত প্ৰত্যুত্তৰ দিব । জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে, চিপিআইএমে হেৰুওৱা ক্ষমতা পুনৰ লাভ কৰাৰ বাবে কোনো সুযোগ এৰি নিদিয়ে ।

এক বিশেষ সূত্ৰই জনোৱা মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ সৈতে তেওঁৰ সম্পৰ্ক বৰ মধুৰ নহয় আৰু সেইকাৰণেই পূৰ্বে ৰাজ্যিক সম্পাদকৰ যোগ্যতা থকা স্বত্বেও তেওঁ এই দায়িত্ব লাভ কৰা নাছিল । মাণিক সৰকাৰৰ সৈতে সু-সম্পৰ্ক থকা গৌতম দাসক সম্পাদকৰ দায়িত্ব দিয়া হৈছিল । যি কি নহওক, এতিয়া জনজাতীয় নেতাজনে দায়িত্ব লোৱাৰ পিছত দলটোলৈ কি পৰিৱৰ্তন আহে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: নৱেম্বৰৰ মাজভাগত CBSEয়ে অনুষ্ঠিত কৰিব Term 1 পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.