ETV Bharat / bharat

কৰ্ণাটকত গৃহহীন মহিলাক ধৰ্ষণ কৰি হত্যা

author img

By

Published : Feb 17, 2021, 2:26 PM IST

কৰ্ণাটকত গৃহহীন মহিলাক ধৰ্ষণ কৰি হত্যা পাঁচ নৰপিশাচৰ
কৰ্ণাটকত গৃহহীন মহিলাক ধৰ্ষণ কৰি হত্যা পাঁচ নৰপিশাচৰ

কৰ্ণাটকৰ মহীশূৰৰ কে টি পথত পাঁচটাকৈ নৰপিশাচে গৃহহীন মহিলাক প্ৰথমে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰে । চিচিটিভি-ৰ ফুটেজৰ ওপৰত ভিত্তি কৰি আটাইকেইজনৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত আৰক্ষীৰ ।

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: দেশত ক্ৰমান্বয়ে সংঘটিত হৈ আছে হত্যা, ধৰ্ষণ আদিৰ দৰে জঘন্য ঘটনা । পুনৰ তেনে এক জঘন্য ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মহীশূৰত । পাঁচজনকৈ নৰপিশাচৰ কামনাৰ বলি হয় এগৰাকী গৃহহীন পদপথৰ মহিলা ।

কৰ্ণাটকৰ মহীশূৰৰ কে টি পথত মঙলবাৰে পুৱা সুৰাৰ ৰাগীত মাতাল পাঁচ নৰপিশাচে গৃহহীন মহিলাগৰাকীক প্ৰথমে দলবব্ধ ধৰ্ষণ কৰি হত্যা কৰে । ধৰ্ষণকাৰী কেইজনে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পূৰ্বে সুৰাপান কৰোৱাইছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত লস্কৰ আৰক্ষীয়ে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত পাঁচ নৰপিশাচৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি আটাকেইজনৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: জগন্নাথ মন্দিৰলৈ ৪.৮৫৮ কিল’গ্ৰাম সোণ দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.