ETV Bharat / bharat

শালমালা নদীত ডুব গ’ল একেটা পৰিয়ালৰ 5 গৰাকী সদস্য

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 10:32 PM IST

Tragic Incident in Karnataka : শালমালা নদীত দেওবাৰে সলিল সমাধি ঘটিল একেটা পৰিয়ালৰ 5 জন সদস্যৰ ৷ দেওবাৰে বন্ধ কটাবলৈ গৈছিল পৰিয়ালটোৰ সদস্য কেইজন ৷

Drowned in Shalmala River in Karnataka
একেটা পৰিয়ালৰ 5 জনৰ মৃত্যু

নিউজ ডেস্ক, 17 ডিচেম্বৰ : উত্তৰা কানাড়া জিলাৰ ছিৰচিৰ শালমালা নদীত দেওবাৰে উটি গ’ল একেটা পৰিয়ালৰ 5 জন সদস্য ৷ দেওবাৰৰ অৱসৰ সময় কটাবলৈ এই স্থানলৈ গৈছিল পৰিয়ালটো ৷ ছিৰচিৰ ভাইৰুম্বেৰ সমীপৰ শালমালা নদীত সংঘটিত হৈছে এই ঘটনা ৷ নিহত আটাইকেইজন ছিৰচি চহৰৰ ৷

নিহতসকল হৈছে ৰমানবৈলৰ মৌলানা আহমেদ ছালিম খলিল (44), কস্তুৰাবনগৰৰ নাদিয়া নূৰ আহমেদ শ্বেখ (20) আৰু মিছবা তাবাছুম (21), ৰমানবৈলৰ নবিল নূৰ আহমেদ শ্বেখ (22) আৰু উমৰ ছিদ্দিক (23) ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী জোৱান উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু সন্ধিয়া তিনিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আনকেইজনৰ সন্ধানত অভিযান চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

ঘটনাতো কি :

উল্লেখ্য যে, শালমালা নদীৰ পাৰ এক পৰ্যটনস্থলী ৷ বন্ধৰ দিনত ইয়ালৈ বৃহৎ সংখ্যক পৰ্যটক আহে আৰু সন্ধিয়ালৈকে থাকে ৷ নদীত এই ঘটনা সংঘটিত হোৱা ভূটানগুণ্ডি এলেকাটো গভীৰ, ইয়াৰ পিছল শিলৰ বাবে মানুহ পানীত নামিব নোৱাৰাৰ বাবে এখন চাইনবৰ্ডো স্থাপন কৰা হৈছে ৷

জানিব পৰা মতে দেওবাৰে শালমালা নদীৰ ভূটানগুণ্ডিৰ সমীপত ৰমনাবৈল আৰু কস্তুৰাবনগৰৰ পৰা একেটা পৰিয়ালৰ প্ৰায় 25 জন লোক ভ্ৰমণলৈ গৈছিল ৷ এই সময়ত তেওঁলোকৰ লগত অহা এটা শিশু খেলি থাকোঁতে নদীৰ পানীত পৰি যায় ৷ মৌলানা আহমেদে লগে লগে পানীত জপিয়াই পানীৰ পৰা শিশুটিক তুলি লৈ মাক নাদিয়াক দিয়ে ৷ অৱশ্যে শিশুটিক পাৰত এৰি পানীৰ পৰা ওলাই আহি মৌলানা আৰু নাদিয়া দুয়োজনেই ভুলতে পানীত পিছলি পৰি ডুব যায় ৷ এই ঘটনা লক্ষ্য কৰি আন তিনিজনে তেওঁলোকক বচাবলৈ পানীত জপিয়াই ডুব যায় ৷ পানীৰ পৰা ওলাই আহিব নোৱাৰাৰ বাবে পাঁচোজনৰ মৃত্যু হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় ৷

ঘটনাৰ বিষয়ে জানিব পাৰি লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ জোৱানৰ লগতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ অভিযানত নামে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ছিৰচি গ্ৰাম্য থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷

লগতে পঢ়ক : তুষাৰ শুভ্ৰ চাদৰ গাত মেৰাই জিলিকিছে গুলমাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.