ETV Bharat / bharat

No-confidence Motion Day 3: অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত বিজেপি চৰকাৰৰ জয়গান বিত্ত মন্ত্ৰীৰ

author img

By

Published : Aug 10, 2023, 6:38 PM IST

No confidence Motion
অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত বিজেপি চৰকাৰৰ জয়গান বিত্ত মন্ত্ৰীৰ

সদনত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ উন্নয়নৰ জয়গান কৰা দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশখনে অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে বুলি তেওঁ দাবী কৰে । আনহাতে বিৰোধী মিত্ৰজোঁটকো তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ।

নেশ্যনেল ডেস্ক,১০ আগষ্ট : চলিত বৰ্ষাকালীন অধিৱেশনত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক অব্যাহত আছে । বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিফলতাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে । কিন্তু তাৰ মাজতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে অৰ্থনৈতিক দিশত নৰেন্দ্ৰ মোদী চৰকাৰৰ সাফল্যৰ দীঘলীয়া তালিকা প্ৰকাশ কৰে আৰু কয় যে ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি ।

তেওঁ উল্লেখ কৰা মতে বিশ্বৰ অৰ্থনীতিয়ে বৰ্ধিত মুদ্ৰাস্ফীতি আৰু লেহেমীয়া উন্নয়নৰ সৈতে দুটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । ২০২২ চনত বিশ্ব অৰ্থনীতিত মাত্ৰ ৩ শতাংশ বৃদ্ধি হৈছে । যুক্তৰাজ্যই প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ সন্মুখীন হৈছে আৰু বেংক অফ ইংলেণ্ডে হাৰ বৃদ্ধি কৰিছে । ইউৰোপীয় কেন্দ্ৰীয় বেংকেও বৰ্ধিত মুদ্ৰাস্ফীতি দেখিছে । জাৰ্মানীতো প্ৰত্যাহ্বানবোৰ বহু বেছি । লোকসভাত অনাস্থা প্ৰস্তাৱৰ উত্তৰ দি সীতাৰমণে এনেদৰে কয় ।

অৰ্থনৈতিক বিকাশৰ ওপৰত তেওঁৰ দাবীৰ প্ৰমাণ দি তেওঁ মৰ্গান ষ্টেনলীৰ পৰ্যৱেক্ষণৰ উদাহৰণো দাঙি ধৰে । ২০১৩ চনত মৰ্গান ষ্টেনলীয়ে ভাৰতক বিশ্বৰ ৫ টা ভগ্ন অৰ্থনীতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল । ভাৰতক এক ভংগ অৰ্থনীতি হিচাপে ঘোষণা কৰা হৈছিল । আজি একেটা মৰ্গান ষ্টেনলীয়ে ভাৰতক উন্নীত কৰিছে আৰু অধিক ৰেটিং প্ৰদান কৰিছে । ক'ভিড পৰিস্থিতি স্বত্বেও মাত্ৰ ৯ বছৰত ভাৰত চৰকাৰৰ নীতিৰ বাবে অৰ্থনীতি বৃদ্ধি পাইছে আৰু অৰ্থনৈতিক বিকাশ দেখিছে । সীতাৰমণে দাবী কৰে যে আজি ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি ।

বৃহৎ অৰ্থনীতিৰ চীনে মজুৰিৰ স্থবিৰতাৰ সন্মুখীন হৈছে । এই সন্দৰ্ভত ভাৰতীয় অৰ্থনীতি লক্ষ্য কৰাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে । ভাৰত এতিয়া দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতি । বিত্ত মন্ত্ৰীৰ মতে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ভিড মহামাৰী স্বত্বেও চৰকাৰৰ নীতি উন্নত কৰিছে ।

বিত্ত মন্ত্ৰীগৰাকীৰ ভাষণৰ সময়ত বিজেপিৰ লোকসভাৰ সদস্যসকলে মোদী-মোদী শ্ল'গান দিয়া দেখা গৈছে । তেওঁ অভিযোগ কৰা কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে নাগৰিকসকলক সপোন দেখুৱাইছে আৰু তেওঁলোকৰ সপোনবোৰ ৰক্ষা কৰিছে বিজেপিয়ে ।

সীতাৰমণৰ মতে কেন্দ্ৰত এন ডি এ শাসনলৈ অহাৰ ৯ বছৰত এক স্পষ্ট পৰিৱৰ্তন দেখা গৈছে । কৃষি বাজেটত ৫ গুণ বৃদ্ধি হৈছে । দেশখনত ৩৯০ খন নতুন বিশ্ববিদ্যালয় যোগ কৰা হৈছে । বৰ্তমান দেশত ১৪৮ টা বিমানবন্দৰ আছে । তেওঁৰ মতে ২০১৪ চনত দেশত কোনো জলপথ নাছিল । আজি ১১১ টা জলপথ আছে । বিশ্ব ৰেংকিঙত, ভাৰত ২০১৪ চনত দশম স্থানত আছিল আৰু আজি পঞ্চম স্থানত আছে বুলি তেওঁ দাবী কৰে । ইফালে বিৰোধী মিত্ৰজোঁট 'INDIA'ক তীব্ৰ সমালোচনাও কৰে বিত্ত মন্ত্ৰী সীতাৰমণে ।

লগতে পঢ়ক :Modi to reply to no confidence motion: বিয়লি ৪ বজাত বিৰোধীয়ে উত্তৰ পাব; মৌনতা ভাঙি প্ৰধানমন্ত্ৰীয়ে দিব অনাস্থাৰ জবাব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.