CPIM foot march in Maharashtra: শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীৰে মহাৰাষ্ট্ৰত CPIMৰ বিশাল ৰেলী

author img

By

Published : Mar 12, 2023, 10:34 PM IST

CPIM foot march in Maharashtra

বিভিন্ন সমস্য সমাধানৰ দাবীৰে মহাৰাষ্ট্ৰত চি পি আই (এম)ৰ বিশাল পদযাত্ৰা ৷ মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা মুম্বাইলৈ উলিওৱা হৈছে পদযাত্ৰা ৷ সোমবাৰে পুনৰ আৰম্ভ কৰা হ’ব এই যাত্ৰা (CPIM foot march in Maharashtra) ৷

নেশ্যনেল ডেস্ক, 12 মাৰ্চ: দেশৰ কৃষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আৰু সেই সমস্যাসমূহৰ প্ৰতি কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ দেওবাৰে চি পি আই (এম)ৰ নেতৃত্বত মহাৰাষ্ট্ৰত উলিওৱা হ’ল বিশাল ৰেলী ৷ মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা মুম্বাইলৈ উলিওৱা হয় এই ৰেলী (CPIM foot march in Maharashtra) ৷

পিয়াঁজৰ নূন্যতম সমৰ্থন মূল্য (MSP) প্ৰদান কৰা, কৃষি উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য প্ৰদান কৰা, কৃষকৰ বাবে বিদ্যুতৰ বিল ৰেহাই দিয়া আদি দাবীৰ উলিওৱা এই পদযাত্ৰাত অংশগ্ৰহণ কৰে সহস্ৰাধিক কৃষক আৰু অসংগঠিত খণ্ডৰ কৰ্মীয়ে ৷ পৰ্যাপ্ত বৰষুণ নোহোৱাৰ বাবে শস্যৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে আৰু বনভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীও উত্থাপন কৰে প্ৰতিবাদী শ্ৰমিকসকলে (CPIM march from Nashik to Mumbai) ৷

বিভিন্ন শ্ৰমিক সংগঠনৰ লগতে স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী বা আশাকৰ্মী আৰু জনজাতীয় লোকেও অংশগ্ৰহণ কৰে এই ৰেলীত ৷ নাছিক চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত থকা ডিণ্ডোৰীৰ পৰা দুপৰীয়া প্ৰায় 12 বজাত আৰম্ভ হোৱা এই পদযাত্ৰাৰ নেতৃত্ব দিয়ে প্ৰাক্তন বিধায়ক জে পি গাভিটে (Former MLA J P Gavit) ৷

হাতে হাতে চি পি আই (এম)ৰ ৰঙা পতাকা লৈ ‘পিয়াঁজৰ MSP প্ৰদান কৰক’, ‘উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰক’ ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ কেৱল সিমানেই নহয়, ৰাজ পথত পিঁয়াজ ঢালিও শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ (CPIM rally in Maharashtra) ৷

মহাৰাষ্ট্ৰৰ চি পি আই (এম)ৰ নেতা তথা প্ৰাক্তন বিধায়ক জে পি গাভিটে কয়, ‘‘যদিও কেন্দ্ৰৰ লগতে ৰাজ্যতো চি পি আই(এম) ক্ষমতাত নাই, তথাপিও আমি মানুহৰ সমর্থনত মানুহৰ সমস্যাৰ বাবে যুঁজি আছো ৷ সাধাৰণ জনতাক সমস্যাৰ সৃষ্টি কৰিব পৰা কাম আমি নকৰোঁ আৰু শ্ৰমিকে নিজৰ প্ৰাপ্য পাবই লাগিব ৷’’

উল্লেখ্য যে, সোমবাৰে পুৱাৰে পৰা মুম্বাই অভিমুখে পুনৰ আৰম্ভ কৰা হ’ব এই বিশাল পদযাত্ৰা ৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ বিপৰীতে থকা খেলপথাৰত দেওবাৰে নিশা অৱস্থান কৰে প্ৰতিবাদী কৃষকসকলে ৷ স্মৰ্তব্য যে, 2018 চনতো মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা মুম্বাইলৈ এই দৰেই CPI(M)ৰ নেতৃত্বত উলিওৱা হৈছিল বিশাল পদযাত্ৰা ৷

লগতে পঢ়ক: Same Sex Marriage: সমকামী বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.