ETV Bharat / bharat

শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী; পুঞ্চত দুই সেনা জোৱান আহত

author img

By

Published : Jun 12, 2022, 8:46 PM IST

encounter-started-at-kreesbal-palpora-sangam-area-of-srinagar
শ্ৰীনগৰ জিলাৰ পালপোৰা অঞ্চলত আৰক্ষীৰ এনকাউন্টাৰ

দেওবাৰে মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাৰ পালপোৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হয় (A militant was killed in an encounter in Palpora area) । নিহত সন্ত্ৰাসবাদীটো গান্দেৰবালৰ লস্কৰ-ই-তৈবা (এল ই টি) উগ্ৰপন্থী গোটৰ আদিল প্ৰাৰে বুলি জানিব পৰা গৈছে (Lashkar-e-Taiba (LeT) militant Adil Parray of Ganderbal was killed) ৷

নেশ্যনেল ডেস্ক,১২ জুন : শ্ৰীনগৰ জিলাৰ পালপোৰা অঞ্চলত এনকাউন্টাৰ (Encounter started at Kreesbal Palpora Sangam area of Srinagar) ৷ দেওবাৰে মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাৰ পালপোৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হয় (A militant was killed in an encounter in Palpora area) । কাশ্মীৰৰ আইজিপি বিজয় কুমাৰৰ উদ্ধৃতি দি কাশ্মীৰ জ’ন আৰক্ষীয়ে (Kashmir Zone police) টুইটাৰযোগে এই তথ্য জানিবলৈ দিয়ে ৷

জম্মু-কাশ্মীৰ আৰক্ষীয়ে (Jammu and Kashmir police) জনোৱা অনুসৰি, শ্ৰীনগৰত দুজন আৰক্ষী বিষয়া গোলাম হাছান দাৰ আৰু চৈফুল্লা কাদৰীৰ হত্যাৰ লগত জড়িত আছিল নিহত সন্ত্ৰাসবাদীটো । লগতে এই সন্ত্ৰাসবাদীটো এগৰাকী 9 বছৰীয়ৈ কিশোৰীক আহত কৰাৰ ঘটনাৰ লগতো জড়িত আছিল ৷ নিহত সন্ত্ৰাসবাদীটো গান্দেৰবালৰ এজন লস্কৰ-ই-তৈবা (এল ই টি) গোটৰ আদিল প্ৰাৰে বুলি জনায় আৰক্ষীয়ে (Lashkar-e-Taiba (LeT) militant Adil Parray of Ganderbal was killed) ৷

ইফালে, দেওবাৰে আবেলি পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত হোৱা এক সংঘৰ্ষত দুজনকৈ ভাৰতীয় সেনাৰ জোৱান উগ্ৰপন্থীৰ গুলীত আহত হয় (2 Army personnel injured in explosion along LoC in Poonch) ৷ ইতিমধ্যে এই আহত সেনাদুজনক হেলিকপ্টাৰৰ জৰিয়তে হাস্পতাললৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ওড়িশাত মাওবাদীৰে জড়িত 295 জন সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.