ওড়িশাত মাওবাদীৰে জড়িত 295 জন সদস্যৰ আত্মসমৰ্পণ

author img

By

Published : Jun 12, 2022, 8:05 PM IST

nearly-300-maoist-militia-members-surrender-before-odisha-police

শনিবাৰে ওড়িশাৰ মালকানগিৰি জিলাৰ স্বাভিমান অঞ্চলত মাওবাদীৰে জড়িত 295 জন সদস্যই ওড়িশা আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰি মূলসূঁতিলৈ ঘূৰি আহে (Maoist militia surrender in Odisha) ৷ এই আত্মসমৰ্পণকাৰী কেডাৰসকলে মাওবাদীৰ পোছাক জ্বলাই দি তেওঁলোকৰ বিৰুদ্ধে শ্ল'গান দিয়ে ৷

নেশ্যনেল ডেস্ক, ১২ জুন : ওড়িশাৰ মালকানগিৰি জিলাৰ স্বাভিমান অঞ্চলত শনিবাৰে মাওবাদীৰে জড়িত (Maoist in Odisha) 295 জন সদস্যই ওড়িশা আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰি মূলসূঁতিলৈ ঘূৰি আহে (Maoist militia members surrender) ৷ এই সদস্যসকল যদিও সামৰিক প্ৰশিক্ষণ প্ৰাপ্ত, তথাপি তেওঁলোক সম্পূৰ্ণ সৈনিক নহয় ৷ এনে সদস্যসকলক মিলিছিয়া বুলি কোৱা হয় ৷

ওড়িশা আৰক্ষী সঞ্চালক প্ৰধান এছ কে বনচালে (DGP S K Bansal) জনোৱা অনুসৰি, গণ নাট্য সংঘ Gana Natya Sangha আৰু গাঁও সমিতিৰ সদস্যসকলক লৈ গঠিত এই মিলিছিয়া সংগঠনটোত জোডাম্বো আৰক্ষী থানাৰ অন্তৰ্গত ঢাকাদপাডাৰ, ডাবুগুড়া, টাবেৰ আৰু আৰ্লিংপাডা আদি গাঁৱৰ ভালেসংখ্যক পুৰুষ-মহিলাই যোগদান কৰিছে ৷

লগতে মিলিছিয়াৰ সদস্যসকল নিষিদ্ধ ঘোষিত চিপিআই (মাওবাদী) সংগঠনৰ কেডাৰ নহয়, কিন্তু তেওঁলোকৰ "সহায়ৰ হাত" হিচাপে কাম কৰে বুলিও জনায় ওড়িশা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ইফালে, বিগত 2 জুনত ৫০ জন মিলিছিয়া সদস্যই আত্মসমৰ্পণ কৰাত (Surrender of 50 militia members on June 2) এই সদস্যসকলে উৎসাহিত হৈ শনিবাৰে আত্মসমৰ্পণ কৰে (Maoist militia surrender in Odisha) বুলি এই সকল সদস্যই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Punjab NRI murder : অমৃতসৰত এগৰাকী NRI-ক গুলীয়াই হত্যা

ইয়াৰ লগতে অঞ্চলটোত চৰকাৰৰ উন্নয়নমূলক কাম দেখি এই 295 জন মিলিছিয়াৰ সদস্যই মূলসূঁতিলৈ উভতি শান্তিপূৰ্ণ জীৱন যাপন কৰাৰ সিদ্ধান্ত লৈছে বুলি এছ কে বনচালে জনায় ৷ তাৰোপৰি এই আত্মসমৰ্পণকাৰী কেডাৰসকলে মাওবাদীৰ পোছাক জ্বলাই দি তেওঁলোকৰ বিৰুদ্ধে শ্ল'গান দিয়ে ৷

আনহাতে এই আত্মসমৰ্পণকাৰী কেডাৰসকলক আৰক্ষীয়ে MGNRGEA জব কাৰ্ড আৰু পেঞ্চন কাৰ্ড আৰু ক্ৰীড়াৰ সঁজুলি বিতৰণ কৰে বুলি জানিব দিয়ে ওড়িশা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ উল্লেখ্য যে, মালকানগিৰিৰ চিত্ৰকণ্ডা খণ্ডৰ স্বাভিমান অঞ্চল আগতে মাওবাদীসকলৰ প্ৰধান কেন্দ্ৰ আছিল । অন্ধ্ৰপ্ৰদেশ আৰু ছত্তিশগড়ৰ বিদ্ৰোহীসকলে চুবুৰীয়া ৰাজ্যসমূহত অপৰাধ কৰাৰ পিছত এই অঞ্চলটোত আশ্ৰয় লৈছিল ।

লগতে পঢ়ক: Tripura by election 2022: ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে বিজেপি

অঞ্চলটো মাওবাদীসকলৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল হিচাপে বিবেচিত হৈছিল (Safe haven for Maoists) ৷ কিয়নো ইয়াক বালিমেলা জলাশয়ৰ দ্বাৰা তিনিফালে আৱৰি ৰখা হৈছে আৰু এফালে ঘন অৰণ্যই ইয়াক অন্ধ্ৰ প্ৰদেশৰ সৈতে সংযোগ কৰিছে । সুৰক্ষা কৰ্মীসকলে কেতিয়াবাহে এই অঞ্চলটোত প্ৰৱেশ কৰিছিল । ফলত মাওবাদীসকলে ইয়াত নিজকে সুৰক্ষিত অনুভৱ কৰিছিল ৷

অৱশ্যে, 2018 চনত 910 মিটাৰ দৈৰ্ঘৰ গুৰুপ্ৰিয়া দলঙখনে (Gurupriya Bridge) ইয়াক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰাৰ পিছত অঞ্চলটোৰ পৰিস্থিতি যথেষ্ট উন্নত হয় । এই দলঙখনে ওড়িশা আৰক্ষীক অঞ্চলটোত মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে ।

লগতে পঢ়ক: Nupur Sharma controversy : উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৩০৪ লোকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.