ETV Bharat / bharat

Gujarat Election 2022 : কেতিয়া ঘোষণা হ'ব গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ?

author img

By

Published : Nov 3, 2022, 10:39 AM IST

Gujarat Election 2022
কেতিয়া ঘোষণা হ'ব গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী

গুজৰাটৰ বিধানসভা নিৰ্বাচনক (Gujarat assembly election 2022) লৈ ৰাজ্যজুৰি বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে । বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে ।

নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : দেশজুৰি গুজৰাটৰ বিধানসভা নিৰ্বাচনক লৈ বিশেষ চৰ্চা অব্যাহত আছে । জানিব পৰা মতে বৃহস্পতিবাৰে গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে (ECI may declare Gujarat assembly election dates)। নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত সংবাদমেল সম্বোধন কৰি গুজৰাট নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।

যোৱা এসপ্তাহ ধৰি গুজৰাটৰ নিৰ্বাচনৰ দিন ঘোষণাক লৈ ব্যাপক কৌতূহলে বিৰাজ কৰিছে । চৰ্দাৰ পেটেলৰ জন্ম জয়ন্তীৰ পাছতে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছিল । অৱশ্যে, দেওবাৰে মৰ্বি দলঙৰ মৰ্মান্তিক দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে (Gujarat Bridge Collapse)। যাৰ বাবে সম্ভৱত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা নহ'ল । অৱশ্যে বৃহস্পতিবাৰে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে ।

উল্লেখ্য যে ৮ ডিচেম্বৰত হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব (Himachal assembly election 2022)। সেয়ে উক্ত দিনাই গুজৰাটৰো ভোটগণনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । কিয়নো দুখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল একেলগে প্ৰকাশ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।

গুজৰাটৰ ১৮২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব । উক্ত আসনকেইখনৰ বাবে ৰাইজে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব আৰু তেওঁলোকক বিধানসভালৈ প্ৰেৰণ কৰিব । এইবাৰ, গুজৰাটত তিনিটা ৰাজনৈতিক দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।

এইবাৰ আম আদমী পাৰ্টি গুজৰাটৰ নিৰ্বাচনী খেলপথাৰত অৱতৰণ কৰিছে । আনহাতে কংগ্ৰেছেও বিশেষ প্ৰচাৰৰ জৰিয়তে ভোটাৰসকলৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে মৰ্বিৰ দুৰ্ঘটনাৰ পাছতে নিৰ্বাচনী প্ৰচাৰবোৰ কিছু হ্ৰাস হৈছিল যদিও পুনৰ ৰাজ্যজুৰি ৰাজনৈতিক দলৰ প্ৰচাৰ আৰম্ভ হৈছে ।

বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত গুজৰাটক কোনো কাৰণতে আনৰ হাতলৈ যাব দিব নিবিচাৰে বিজেপিয়ে । কিন্তু এইবাৰ আম আদমী পাৰ্টিয়ে ৰণনীতি প্ৰস্তুত কৰি ৰাজ্যখনত ব্যাপকভাৱে প্ৰচাৰ আৰম্ভ কৰিছে । ইতিমধ্যে ৰাজ্যখনত প্ৰতিটো ৰাজনৈতিক দলৰে ইজনৰ পাছত সিজন শীৰ্ষ নেতা উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । অৱশ্যে নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ লগে লগে এই প্ৰচাৰ অধিক তীব্ৰতৰ হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Morbi bridge collapse disaster: ওলোমা দলং ছিগাৰ বাবে ভগৱানকেই কৰিলে জগৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.