ETV Bharat / bharat

প্ৰবল বৰষুণত খহি পৰিল বিল্ডিং; 7 গৰাকীৰ মৃত্যু

author img

By

Published : Oct 6, 2021, 10:01 PM IST

house collapsed
প্ৰবল বৰষুণত খহি পৰিল বিল্ডিং

কৰ্ণাটকত প্ৰৱল বৃষ্টিপাতৰ ফলত খহি পৰিল বিল্ডিং ৷ প্ৰাণ হেৰুৱালে 7 গৰাকীয়ে ৷

নিউজ ডেস্ক, 6 অক্টোবৰ : বিগত কেইবাদিনো ধৰি কৰ্ণাটকৰ বিভিন্ন জিলাত অব্যাহত আছে প্ৰবল বৃষ্টিপাত ৷ এই বৃষ্টি পাতৰ মাজতে এটা বিল্ডিং ভাগি পৰাৰ ফলত ভয়ংকৰ অঘটন সংঘটিত হৈছে ৰাজ্যখনৰ বেলগাভি জিলাৰ বাদালা আংকালাগি গাঁৱত ৷ বুধবাৰে বিয়লি সংঘটিত হয় এই ঘটনা ৷

বিল্ডিংটো ভাগিপৰাৰ ফলত থিতাতে নিহত হয় ঘৰটোত থকা পাঁচ গৰাকী আবাসী ৷ ধ্বংসস্তূপৰ মাজৰ পৰা আন তিনিগৰাকী লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তাৰে দুগৰাকীয়ে মৃত্যুক সাৱতি লয় ৷ আনহাতে, সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজ দি আছে আন এগৰাকী আবাসীয়ে ৷

এই শোকাৱহ ঘটনাত মৃত্যু হোৱা লোকসকল হৈছে ক্ৰমে গংগাভা ভীমাপ্পা খানাগাভি, সত্যভা অৰ্জুন খানাগাভি, পূজা অৰ্জুন খানাগাভি (শিশু), সবিতা ভীমাপ্পা খানাগাভি, কেশভা ভিট্টল ক’লেপ্পানাভাৰ (শিশু), লক্ষ্মী অৰ্জুন খানাগাভি, অৰ্জুন হনুমন্ত খানাগাভি ৷

লগতে পঢ়ক : মৃদুপৱন-ৰাজকন্যা : চৰম অস্বস্তিত অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.