ETV Bharat / bharat

Rajdhani Express : এইবাৰ চালকৰ বাবে দুৰ্ঘটনাৰ পৰা ৰক্ষা ৰাজধানী এক্সপ্ৰেছ

author img

By

Published : Jun 7, 2023, 12:12 PM IST

Rajdhani Express
Rajdhani Express

বোকাৰোত ৰাজধানী এক্সপ্ৰেছ এক ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে (Driver saved Rajdhani Express from accident) । সৌভাগ্যক্ৰমে ঘটনাটোত কোনো লোক আহত হোৱা নাই । দুৰ্ঘটনাটোৰ পিছত গে'টমেনজনক নিলম্বন কৰা হৈছে ।

নিউজ ডেস্ক, ৭ জুন : ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ ভয়াৱহ স্মৃতি মাৰ নৌযাওঁতেই আন এক দুৰ্ঘটনাৰ সাক্ষী হোৱাৰ পৰা ৰক্ষা পৰে দেশবাসী (Odisha train accident tragedy) । বোকাৰোত এক ডাঙৰ ৰে'ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৰাজধানী এক্সপ্ৰেছ (Driver saved Rajdhani Express from accident) । ভুৱনেশ্বৰৰ পৰা দিল্লীলৈ যোৱা ৰাজধানী এক্সপ্ৰেছখনৰ এখন ট্ৰেক্টৰৰ সৈতে সংঘৰ্ষ হয় । অৱশ্যে চালকজনৰ প্ৰত্যুৎপন্নমতিতাৰ বাবে শ শ লোকৰ জীৱন ৰক্ষা পৰে । দুৰ্ঘটনাটো সান্থালডহ ৰে'ল ক্ৰছিঙত সংঘটিত হয় ।

ভুৱনেশ্বৰৰ পৰা নতুন দিল্লীলৈ যোৱা ৰাজধানী এক্সপ্ৰেছখনৰ এখন ট্ৰেক্টৰ ট্ৰলীৰ সৈতে সংঘৰ্ষ হয় । গোমো আৰু আদ্ৰাৰ মাজত ভোজুডিহ ৰে'ল শাখাৰ সান্থালডহ ৰে'ল ক্ৰছিঙত দুৰ্ঘটনাটো সংঘটিত হয় । ঘটনাটো মঙলবাৰে বিয়লি ৪.৪০ বজাত সংঘটিত হয় । অৱশ্যে সৌভাগ্যক্ৰমে ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই (Rajdhani Express saved from accident at Bokaro)।

ট্ৰেক্টৰৰ সৈতে ৰাজধানী এক্সপ্ৰেছৰ সংঘৰ্ষৰ পিছতে ৰে'ল বিভাগৰ কৰ্মচাৰীসকলে খবৰটো লাভ কৰে । এই ঘটনাত ভোজুডিহ ৰে'ল ষ্টেচনত থকা ৰে'ল কৰ্মচাৰী আৰু বিষয়াসকলৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । লগে লগে সকলোৱে ঘটনাস্থলীলৈ দৌৰি যায় । ঘটনাটোৰ পিছত ট্ৰেক্টৰচালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰপিএফ আৰু ৰে'লকৰ্মীৰ সহায়ত ট্ৰেক্টৰৰ ট্ৰলীখন আঁতৰোৱা হয় । যাৰ বাবে ৰে'লখন প্ৰায় ৪৫ মিনিট পলম হয় । ট্ৰেক্টৰখন আঁতৰ কৰাৰ পিছত সন্ধিয়া ৫.২৭ বজাত ৰে'লখন আদ্ৰা হৈ দিল্লীলৈ ৰাওনা হয় ।

ইফালে ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰে'লৱে গে'টত নিযুক্ত গে'টমেনজনক ৰে'লৱে বিভাগে নিলম্বন কৰে । প্ৰাপ্ত তথ্য মতে, ৰাজধানী এক্সপ্ৰেছখন আহি থকাৰ বিষয়ে তথ্য লাভৰ পিছতো ৰে'লৱে গে'ট বন্ধ কৰাত পলম হৈছিল । ঠিক সেই সময়তে ট্ৰেক্টৰখনে গে'ট পাৰ হৈ আছিল । আনহাতে, একে সময়তে ৰে'লখনো আহি তাত উপস্থিত হৈছিল । যাৰ বাবে ট্ৰেক্টৰৰ ট্ৰলীখন ৰে'লখনত আবদ্ধ হৈ পৰে । অৱশ্যে চালকজনে তেওঁৰ বুদ্ধিমত্তা প্ৰদৰ্শন কৰি ঠাইতে ব্ৰেক প্ৰয়োগ কৰি ৰে'লখন ৰখাই দিয়ে । যাৰ বাবে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে ।

আদ্ৰা মণ্ডলৰ জ্যেষ্ঠ ডিচিএম বিকাশ কুমাৰে ঘটনাটো সন্দৰ্ভত কয় যে এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে । অৱশ্যে ঘটনাটোত ৰে'লৱেৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই । ৰে'লখনো সুৰক্ষিতভাৱে ৰৈ যায় । সম্প্ৰতি এই ঘটনাত গে'টমেনজনৰ কৰ্মত অৱহেলা পোহৰলৈ আহিছে । যাৰ বাবে তেওঁক নিলম্বন কৰা হৈছে । অৱশ্যে ঘটনাটোৰ বাবে ৰে'লখনৰ গতি প্ৰায় ৪৫ মিনিটৰ বিলম্ব হয় ।

লগতে পঢ়ক :Coromandel Express Services to Start : বুধবাৰৰ পৰা পুনৰ আৰম্ভ ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.