ETV Bharat / bharat

Tripura CM was sworn as MLA: বিধায়ক হিচাবে শপত গ্ৰহণ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ

author img

By

Published : Jul 8, 2022, 7:19 PM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই শুকুৰবাৰে ত্ৰিপুৰা বিধানসভাৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰে (Dr Manik Saha took oath as MLA)। বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে আজি বিধানসভাৰ লবীত মাণিক সাহাক শপত বাক্য পাঠ কৰায় ।

a
a

নিউজ ডেস্ক, ৮ জুলাই : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই শুকুৰবাৰে ত্ৰিপুৰা বিধানসভাৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰে (Dr Manik Saha took oath as MLA)। বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে আজি বিধানসভাৰ লবীত মাণিক সাহাক শপত বাক্য পাঠ কৰায় ।

উল্লেখ্য, যোৱা মাহত বিপ্লৱ দেৱৰ স্থানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয় বিজেপিৰ ৰাজ্যসভাৰ সাংসদ মাণিক সাহাক (Manik Saha replaced Biplab Kumar Dev as Chief Minister) । তাৰ পিছত অনুষ্ঠিত উপ- নিৰ্বাচনত বৰদোৱালি সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহে মাণিক সাহা । বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ পিছত যোৱা সোমবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে (Tripura Chief Minister resigned from Rajya Sabha) । তেওঁ দেশৰ উচ্চ সদনৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেঙ্কায়া নাইডুক লগ কৰি তেওঁৰ পদত্যাগ-পত্ৰ প্ৰদান কৰে । ত্ৰিপুৰা বিধানসভাৰ বিধায়িনী দলৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব ল'বলৈ ড০ সাহাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিবৰ বাবে ১৪ দিনৰ সময় পাইছিল ।

আজি শপত গ্ৰহণৰ পিছত পিছত ড০ সাহাই দাবী কৰে যে শেহতীয়া উপ-নিৰ্বাচনত বিজেপিৰ বিজয়ে প্ৰমাণ কৰিছে যে ৰাজ্যৰ জনতা বিজেপিৰ সৈতে আছে । বিজেপি দলৰ লক্ষ্যৰ প্ৰতি ৰাইজে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । আনহাতে, বিজেপি আৰু উন্নয়ন সমাৰ্থক বুলিও তেওঁ লগতে উল্লেখ কৰে । ইয়াৰ উপৰি এনডিএ শাসনত থকা সকলো ৰাজ্যতে ৰাইজ এনডিএৰ লগত থকা বুলিও দাবী কৰে ড০ মাণিক সাহাই ।

মুখ্যমন্ত্ৰী ড০ মাণিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা আৰু শাসকীয় বিজেপিৰ অন্যান্য নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক :AIADMKৰ প্ৰাক্তন মন্ত্ৰী কামাৰাজৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.