ETV Bharat / bharat

নবী মুম্বাইৰ বন্দৰত ৮৭৯ কোটি টকাৰ হেৰ'ইন জব্দ

author img

By

Published : Jul 5, 2021, 10:56 AM IST

Directorate of Revenue Intelligence seized at least 300 kg heroin at Jawaharlal Nehru Port
নৱী মুম্বাইৰ বন্দৰত ৮৭৯ কোটি টকাৰ হেৰ'ইন জব্দ

নবী মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰত প্ৰায় ৩০০ কেজি হেৰ'ইন(Heroin) জব্দ । ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই জব্দ কৰে হেৰ'ইনখিনি । লগতে প্ৰভজোৎ সিং নামৰ এজন লোকক আটক কৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই ।

নেশ্যনেল ডেস্ক, ৫ জুলাই : জলপথেৰে আফগানিস্তানৰ পৰা ভাৰতলৈ নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ জৱাহৰলাল নেহৰু বন্দৰত নিষিদ্ধ হেৰ'ইন জব্দ কৰিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই । প্ৰায় ৩০০ কেজি হেৰ'ইন(Heroin) জব্দ কৰা হয় । জব্দ কৃত হেৰ'ইনখিনিৰ মূল্য ৮৭৯ কোটি টকা বুলি বিষয়াসকলে জানিবলৈ দিছে ।

হেৰ'ইন জব্দ কৰাৰ বিষয়ে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই দেওবাৰে জানিবলৈ দিছে । বৃহস্পতিবাৰে এই নিষিদ্ধ নিচাজাতীয় সামগ্ৰীবোৰ জব্দ কৰা হৈছিল । ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এগৰাকী বিষয়াই কয় যে, আফগানিস্তানৰ পৰা ইৰাণ হৈ চোৰাংভাৱে এই সামগ্ৰীখিনি ভাৰতলৈ অনা হৈছিল । জিপচাম শিল আৰু টেলকম পাউডাৰ বুলি কৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা হৈছিল ।

জব্দকৃত সামগ্ৰীখিনি আফগানিস্তানৰ পৰা পঞ্জাৱলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু মুম্বাইত সামগ্ৰীখিনি জব্দ হয় । সামগ্ৰী আমদানি-ৰপ্তানি কোড প্ৰভজোৎ সিঙৰ নামত আছিল ।

হেৰ'ইনখিনি জব্দ কৰাৰ পাছতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী প্ৰভজোৎ সিঙক আটক কৰে । ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, অভিযুক্ত প্ৰভজোতে যোৱা বছৰৰ পৰাই জৱাহৰলাল নেহৰু বন্দৰেৰে জিপচাম শিল আৰু টেলকম পাউডাৰৰ নামত নিচাজাতীয় সামগ্ৰী আমদানি কৰি আছিল । বিগত বৰ্ষৰ আগষ্ট মাহত মুম্বাই শুল্ক বিভাগ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে প্ৰায় ১,০০০ কোটি টকাৰ ১৯১ কেজি হেৰ'ইন জব্দ কৰিছিল । আয়ুৰ্বেদিক ঔষধ বুলি কৈ হেৰ'ইনখিনি সৰবৰাহ কৰা হৈছিল ।

প্ৰাণনাশী হেৰ'ইন হৈছে মৰ্ফিনৰ পৰা তৈয়াৰ কৰা এক অত্যাধিক নিচাযুক্ত ঔষধ । ইয়াৰ ৰং বগা অথবা মুগা ৰঙৰ হয় । আনহাতে, ক'লা আঠাযুক্ত পদাৰ্থবিধক ক'লা টাৰ হেৰ'ইন বুলি জনা যায় । বিশুদ্ধ হেৰ'ইনৰ সোৱাদ হৈছে তিতা আৰু দেখাত বগা ৰঙৰ পাউডাৰ সদৃশ আৰু এই ধৰণৰ হেৰ'ইন মূলতঃ দক্ষিণ আমেৰিকাত উৎপন্ন হয় ।

লগতে পঢ়ক: সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.