ETV Bharat / bharat

BJP India Name Change Row : ইণ্ডিয়া মিত্ৰজোঁট নাম ৰখাত ভয় খাইছে প্ৰধানমন্ত্ৰীয়ে; তেজস্বী যাদৱৰ মোদীক আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:47 PM IST

ইণ্ডিয়া মিত্ৰজোঁটৰ নামক লৈ সমগ্ৰ দেশতে বিতৰ্ক চলি আছে । তাৰ মাজতে এই কথা চৰ্চালৈ আহিছে যে চৰকাৰে এতিয়া দেশৰ নাম সলনি কৰি কেৱল 'ভাৰত' কৰিব । এই সন্দৰ্ভত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে মোদী চৰকাৰে মিত্ৰজোঁটৰ সফলতাক লৈ আতংকিত হৈ এই পদক্ষেপসমূহ ল'বলৈ গৈ আছে ।

BJP India Name Change Row
BJP India Name Change Row

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ইণ্ডিয়া বনাম ভাৰত বিতৰ্কক লৈ উত্তপ্ত হৈ আছে দেশৰ ৰাজনীতি । শাসক-বিৰোধী উভয়ে ভাৰত আৰু ইণ্ডিয়াক লৈ নিজৰ নিজৰ যুক্তি দাঙি ধৰিছে । এফালে বিজেপিয়ে দেশৰ নাম ভাৰত কৰাৰ পক্ষত যুক্তি দাঙি ধৰাৰ বিপৰীতে বিৰোধীয়ে মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ বাবেই বিজেপি শংকিত হোৱা বুলি দাবী কৰিছে ।

ইয়াৰ মাজতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ইণ্ডিয়াৰ নাম কেৱল ভাৰতলৈ পৰিৱৰ্তন কৰাৰ চৰ্চাক লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । তেওঁ কৈছে যে বিৰোধী ঐক্যৰ সন্মুখীন হৈ মোদী চৰকাৰ উদ্বিগ্ন হৈ পৰিছে । কেন্দ্ৰীয় চৰকাৰে আতংকিত হৈ এই নামটো সলনি কৰাৰ প্ৰস্তুতি চলাই আছে । কেন্দ্ৰত শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰক তেজস্বী যাদৱে প্ৰশ্ন কৰে, আপোনালোকে ক'ৰ ক'ৰ পৰা ভাৰত নামটো আঁতৰাব ?

"আৰম্ভণিৰ পৰায়ে ভাৰতক ইংৰাজীত ইণ্ডিয়া বুলি কোৱা হৈ আহিছে । ইণ্ডিয়া শব্দটো সংবিধানতো ব্যৱহাৰ কৰা হৈছে । ভাৰতৰ পাছপোৰ্টতো ইণ্ডিয়া লিখা আছে । আধাৰ কাৰ্ডতো ইণ্ডিয়া লিখা হৈছে । এই লোকসকলে এই নামটো ক'ত ক'ত সলনি কৰিব ? এই লোকসকলে বিৰোধীৰ একতা দেখি ভয় খাইছে ।" ইণ্ডিয়া সমন্বয়ক সমিতিৰ সদস্য তেজস্বী যাদৱে কয় ।

তেজস্বী যাদৱে লগতে কয়, "আমাৰ শ্লোগান হৈছে- 'জোড়েগা ভাৰত জিতেগা ইণ্ডিয়া' । এই শ্লোগানতো ভাৰত আহি আছে । গতিকে তেওঁলোকে ভাৰত নামো সলনি কৰি থাকিব নেকি ? কেন্দ্ৰীয় চৰকাৰে মিত্ৰজোঁটৰ নাম ল'বলৈ ইমানেই ভয় খাইছে যে তেওঁলোকে দেশৰ নামকে সলনি কৰিব ওলাইছে । মই সুধিব বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে কিহৰ বাবে ইমান ভয় কৰে, আমি ভাৰতীয় হোৱাৰ বাবে গৌৰৱান্বিত । কিন্তু আজি ইণ্ডিয়া নামটো ল'বলৈ তেওঁলোকে লাজ পাইছে । তেওঁলোকে দেশৰ সংবিধান সংশোধন কৰি নাম সলনি কৰিবলৈ চেষ্টা কৰি আছে ।"

"ক'ৰ ক'ৰ পৰা নামবোৰ আঁতৰাব ? প্ৰতিখন ৰাজ্যতে ইণ্ডিয়া নাম, প্ৰতিটো মন্ত্ৰালয়ত ইণ্ডিয়া নাম । ভাৰতৰ ৰাষ্ট্ৰপতিক 'প্ৰেছিডেণ্ট অব ইণ্ডিয়া' বুলি কোৱা হয়, তেওঁৰ জেটতো ইণ্ডিয়া লিখা আছে । ক'ৰ ক'ৰ পৰা নাম আঁতৰাব ? তেতিয়া ষ্টাৰ্টআপ ইণ্ডিয়া, স্কিল ইণ্ডিয়াৰ কি হ'ব ? নাম সলনি কৰিয়েই মোদী চৰকাৰে এখন ৰাজ্যৰ ৰাজ্যিক বাজেটৰ সমান ব্যয় কৰিব । যি বাজেটে দৰিদ্ৰ লোকসকলৰ কল্যাণ কৰে ।" বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয় ।

কেৱল সেয়াই নহয়, তেজস্বী যাদৱে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰ ভ্ৰমণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ ৩৬৫ দিনৰ বাবে বিহাৰলৈ আহিলেও, ৰেলী উলিয়ালেও, ভাষণ দিলেও, জনসাধাৰণৰ মাজলৈ গ'লেও, ই আমাৰ ইণ্ডিয়া মিত্ৰজোঁটত কোনো পাৰ্থক্যৰ সৃষ্টি নকৰে । ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে বিহাৰলৈ অহাৰ ফলত লোকচানৰ সন্মুখীন হ'ব ।

উল্লেখ্য যে ইণ্ডিয়া অৰ্থাৎ Indian National Developmental Inclusive Alliance-ৰ নাম বেংগালুৰুত ৰাহুল গান্ধীৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰা হৈছিল । তেতিয়াৰে পৰাই এই নামৰ প্ৰসংগত ৰাজনীতি আৰম্ভ হয় । লগতে লগতে ইণ্ডিয়া নামটোক লৈ বিতৰ্কৰ সৃষ্টি হয় ।

লগতে পঢ়ক :'President of Bharat' : ইণ্ডিয়াক 'ভাৰত' বুলি কোৱাত কোনো সাংবিধানিক আপত্তি নাই; শশী থাৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.