মহীষাসুৰৰ পৰিৱৰ্তে এইবাৰ ডেল্টাসুৰক বধ কৰিব দেৱী দুৰ্গাই !

author img

By

Published : Aug 21, 2021, 7:33 PM IST

Delta Demon God is a popular Puja theme this year
মহীষাসুৰৰ পৰিৱৰ্তে এইবাৰ ডেল্টাসুৰক বধ কৰিব দেৱী দুৰ্গাই ()

মহীষাসুৰৰ পৰিৱৰ্তে এইবাৰ দুৰ্গা পূজাত দেখা যাব ডেল্টাসুৰক ৷ ক'ভিডৰ ডেল্টা ভেৰিয়েন্টক থিম হিচাপে লৈ পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে পূজা কমিটিসমূহ ৷ আগন্তুক পূজাত মহীষাসুৰ(Mahisasura)ক ডেল্টাসুৰ(Deltasur) হিচাপে উপস্থাপন কৰিব পূজা কমিটিয়ে ৷

নেশ্যনেল ডেস্ক, 21 আগষ্ট : ক'ভিডৰ ডেল্টা ভেৰিয়েণ্টে(Delta variant of COVID-19) সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কিন্তু, এই ডেল্টা ভাইৰাছক লৈয়ে আগন্তুক পূজাৰ বাবে এক অভিনৱ পৰিকল্পনা কৰিছে কলকাতাৰ কেইখনমান পূজা কমিটিয়ে ৷ আগন্তুক দুৰ্গা পূজা(forthcoming Durga Puja)ত অতি কমেও তিনিখন সামূহিক পূজা কমিটি(three community pujas)এ ডেল্টা ভেৰিয়েণ্টক মুখ্য থিম(Durga Puja theme) হিচাপে লৈ পূজা অনুষ্ঠিত কৰিব ৷

আগন্তুক পূজাত এই কমিটিকেইখনে মহীষাসুৰ(Mahisasura)ক ডেল্টাসুৰ(Deltasur) হিচাপে উপস্থাপন কৰিব ৷ মূলতঃ ক'ভিডৰ ডেল্টা ভেৰিয়েণ্টক প্ৰতিহত কৰাৰ উদ্দেশ্যে মাস্ক(masks) আৰু হেণ্ড চেনিটাইজাৰ(hand sanitizers) ব্যৱহাৰ কৰিবলৈ উৎসাহ জনোৱাৰ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ এইবছৰ ডেল্টা ভেৰিয়েন্টক থিম হিচাপে লৈ পূজা অনুষ্ঠিত কৰিবলৈ সাজু হোৱা সামূহিক পূজা কমিটিকেইখন হ'ল ক্ৰমে- কাচবাৰ ৰবীন্দ্ৰ মেম'ৰিয়েল স্প'ৰ্টিং ক্লাব(Rabindra Memorial Sporting Club in Kasba), চিঙ্ৰিপটাৰ সামূহিক পূজা(Chingripota Community Puja), শিৱতলা সাধাৰণ সংঘ(Shibtala Sadharon Sangha) ৷

লগতে পঢ়ক : আহিন নহয় আহাৰতেই পালন কৰা হ’ল দুৰ্গা পূজা

হিন্দু ধৰ্ম(Hindu religion)ত প্ৰচলিত জনবিশ্বাস অনুসৰি, যেতিয়াই অশুভ শক্তিয়ে পৃথিৱীত ধ্বংসৰ সৃষ্টি কৰে, তেতিয়াই পৃথিৱীক ৰক্ষা কৰাৰ উদ্দেশ্যে দেৱী দুৰ্গা(Goddess Durga) পৃথিৱীলৈ আহে ৷ সেয়ে এই ডেল্টা ৰাক্ষস দেৱতা(Delta Demon God)ক নিৰ্মাণ কৰি উলিওৱা সৃষ্টিকৰ্তাগৰাকীয়েও এই ধাৰণাত বিশ্বাস কৰে যে, এইবাৰ দেৱী দুৰ্গাইও ক'ভিডৰ আটাইতকৈ ভয়াবহ ডেল্টা ভেৰিয়েন্টক ধ্বংস কৰিব ৷ অৱশ্যে তেওঁ লগতে এই বাৰ্তাও প্ৰেৰণ কৰিব খুজিছে যে, দেৱী দুৰ্গাৰ এই প্ৰচেষ্টাত ক'ভিড প্ৰট'কল(COVID-19 protocols) মানি চলি সাধাৰণ ৰাইজেও সহায় কৰিব লাগে ৷

এই Delta Demon Godৰ ধাৰণাটো ভাবি উলিওৱা কুমাৰ ইন্দ্ৰজিৎ পালে কয় যে, তেওঁ এই থিমৰ জৰিয়তে দিব বিচৰা মুখ্য বাৰ্তাটো হ'ল এয়ে যে, ডেল্টা ভেৰিয়েণ্টক প্ৰতিহত কৰাৰ বাবে দেৱী দুৰ্গাৰ আগমন যদিও নিশ্চিত, এইক্ষেত্ৰত সাধাৰণ ৰাইজেও মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰ কৰি সহায় কৰিব লাগিব ৷ অন্যথা ডেল্টাৰ প্ৰভাৱ অতি ভয়াবহ হ'ব বুলি তেওঁ ইটিভি ভাৰতৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক : পূজাৰ দক্ষিণা বিচাৰি আদালতৰ কাষ চাপিল পুৰোহিত

তেওঁৰ মতে, নিজ সন্তানক ডেল্টাৰ পৰা ৰক্ষা কৰাৰ বাবে দেৱী দুৰ্গা থাকিব যদিও ক'ভিড প্ৰট'কল মানি নিজ কৰ্তব্য সমাপন কৰাটো সন্তানৰো দায়িত্ব ৷ তেওঁ কয়, "যদি আমি ক'ভিড প্ৰট'কল মানি নচলো তেন্তে কৰ'ণা ভাইৰাছৰ তৃতীয়টো ঢৌ অতি ভয়াবহ হ'ব ৷ সেয়েহে মই এই থিমটো সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছিলো ৷ মই তিনিখন সামূহিক পূজা কমিটিৰ সংগঠকসকলৰ সৈতে কথা পাতিছিলো আৰু তেওঁলোকে মোৰ সৃষ্টি প্ৰদৰ্শনৰ বাবে সাজু হৈছিল ৷ বিগত বৰ্ষত মই কৰ'ণাসুৰ(Coronasur) সৃষ্টি কৰিছিলো ৷ সকলোৱে ইয়াক প্ৰশংসা কৰিছিল ৷ মই আশা কৰো এইবাৰ ডেল্টাসুৰৰ ধাৰণাটো প্ৰশংসিত হ'ব" ৷

পালে জানিবলৈ দিয়া মতে, উক্ত থিমটো ব্লেক ফাংগাছ আৰু ডেল্টা ভেৰিয়েণ্টৰ চিহ্নৰ এক মিশ্ৰিত ৰূপ ৷ তেওঁ কয়, "আমি ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সাক্ষী হৈছো ৷ ডেল্টা ভেৰিয়েণ্টৰ প্ৰভাৱ ইয়াতকৈও অধিক ভয়াবহ হ'ব পাৰে ৷ কিন্তু যিমানে ভয়াবহ ন'হলেও অৱশেষত দেৱী দুৰ্গাৰ আশীৰ্বাদ আৰু ৰাইজৰ যুটীয়া শক্তিয়ে ইয়াৰ পতন নিশ্চিত কৰিব ৷"

লগতে পঢ়ক : এইবাৰ দুৰ্গা পূজা হ’বনে ? উৎসাহ হেৰুৱাইছে কৰিমগঞ্জৰ মৃৎ শিল্পী সকলে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.