ETV Bharat / bharat

Delhi Ordinance Row : দিল্লী অধ্যাদেশ বিষয় সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : Jul 20, 2023, 5:37 PM IST

Delhi Ordinance Row
Delhi Ordinance Row

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে কয়, "আমি বিষয়টো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিম ।"

নিউজ ডেস্ক, ২০ জুলাই : উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে দিল্লী চৰকাৰে প্ৰত্যাহ্বান জনোৱা কেন্দ্ৰৰ অধ্যাদেশ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰৰ (সংশোধনী) অধ্যাদেশ, ২০২৩ এখন সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰে । দিল্লী চৰকাৰৰ আবেদনত দাবী কৰা হৈছিল যে অধ্যাদেশখনে এনচিটি দিল্লী চৰকাৰত সেৱা আগবঢ়োৱা অসামৰিক কৰ্মচাৰীসকলৰ ওপৰত নিয়ন্ত্ৰণ জিএনচিটিডিৰ পৰা কাঢ়ি লৈ অনিৰ্বাচিত লেফটেনেণ্ট গভৰ্ণৰলৈ হস্তান্তৰ কৰিছে ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে কয়, "আমি বিষয়টোক সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিম ।"

উল্লেখ্য, ১৭ জুলাইত শীৰ্ষ ন্যায়ালয়ে কৈছিল যে তেওঁলোকে বিষয়টো সংবিধান বিচাৰপীঠলৈ পঠিয়াবলৈ চিন্তা কৰি আছে । শীৰ্ষ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে প্ৰথমবাৰৰ বাবে কেন্দ্ৰই দিল্লী চৰকাৰৰ আওতাৰ বাহিৰত সেৱা গ্ৰহণ কৰিবলৈ অনুচ্ছেদ ২৩৯এএ-ৰ দফা ৭-ৰ অধীনত প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰিছে আৰু এক প্ৰকাৰে সংবিধান সংশোধন কৰা হৈছে ।

বিচাৰপীঠে কয় যে ন্যায়ালয়ে এইটো অনুমোদিতনে নহয় সেয়া চাব লাগিব আৰু লগতে ইংগিত দিয়ে যে অধ্যাদেশৰ প্ৰত্যাহ্বানটো সংবিধান বিচাৰপীঠে শুনিব পাৰে । শীৰ্ষ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে সংবিধানৰ অনুচ্ছেদ ২৩৯এএ(৭)(ক)-ৰ অধীনত বৰ্তমানৰ প্ৰকৃতিৰ আইন প্ৰস্তুত কৰাৰ বাবে ক্ষমতা প্ৰয়োগ কৰিব পাৰিনে নোৱাৰি সেই বিষয়টো ২০১৮ আৰু ২০২৩ চনত প্ৰদান কৰা সংবিধান বিচাৰপীঠৰ কোনো এটা ৰায়ত বিবেচনা কৰা হোৱা নাছিল ।

আনহাতে, দিল্লী চৰকাৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে তেতিয়া এই বিষয়টো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই বুলি প্ৰতিষ্ঠা কৰিবলৈ যুক্তি দাখিল কৰিবলৈ সময় বিচাৰে । সিংভিয়ে এই কথা জোৰ দি কয় যে ন্যায়ালয়ে তেওঁক সংবিধান বিচাৰপীঠলৈ বিষয়টো প্ৰেৰণৰ প্ৰসংগৰ বিৰোধিতা কৰিবলৈ বৃহস্পতিবাৰে কিছু সময় দিব লাগে ।

ইফালে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে উল্লেখ কৰে যে শীৰ্ষ আদালতে এটা প্ৰশ্ন সুধিছে, যিটো বিবেচনা কৰিব লাগিব পাৰে । অধ্যাদেশখনক প্ৰত্যাহ্বান জনাই দিল্লী চৰকাৰৰ আবেদনত কোৱা হৈছে, "ই ভাৰতৰ সংবিধান, বিশেষকৈ সংবিধানৰ অনুচ্ছেদ ২৩৯এএ সংশোধন নকৰাকৈয়ে এইটো কৰা হৈছে, যাৰ পৰা নিৰ্বাচিত চৰকাৰৰ ওপৰত সেৱাৰ ক্ষেত্ৰত ক্ষমতা আৰু নিয়ন্ত্ৰণ ন্যস্ত কৰাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা কৰ্তন কৰা হৈছে ।"

ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰে যে অধ্যাদেশখনে ফেডাৰেল, ৱেষ্টমিনষ্টাৰ শৈলীৰ গণতান্ত্ৰিক শাসনৰ আঁচনি ধ্বংস কৰে, যিটো অনুচ্ছেদ ২৩৯এএ-ত এনচিটিডিৰ বাবে সাংবিধানিকভাৱে নিশ্চিত । "গণতন্ত্ৰত সামূহিক দায়বদ্ধতাৰ নীতি- অনুচ্ছেদ ২৩৯এএ (৬)-ত অন্তৰ্ভুক্ত কৰা হৈছে য'ত কোৱা হৈছে যে নিৰ্বাচিত চৰকাৰক ইয়াৰ অধিকাৰ ক্ষেত্ৰত নিযুক্ত বিষয়াসকলৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজন ।" আবেদনখনত কোৱা হৈছে ।

লগতে পঢ়ক :Sushil Kumar Gets Interim Bail : মল্লযোদ্ধা সুশীল কুমাৰক অস্ত্ৰোপচাৰৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.