ETV Bharat / bharat

G20 Summit: দিল্লীত ৮ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ পুৱা ৪ বজাৰ পৰা চলিব মেট্ৰ’

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:36 PM IST

অহা ৮ৰ পৰা ১০ ছেপ্টেম্বৰলৈ দিল্লীৰ সকলো মেট্ৰ’ লাইনত পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’ব মেট্ৰ’ সেৱা । আৰক্ষী আয়ুক্তৰ পৰা পোৱা অনুৰোধ আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ আয়োজনৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত ।

G20 Summit
দিল্লীত ৮ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ পুৱা ৪ বজাৰ পৰা চলিব মেট্ৰ’

নিউজ ডেস্ক,৬ ছেপ্টেম্বৰ: জি-২০ সন্মিলনৰ বাবে ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ দিল্লীত পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’ব মেট্ৰ’ সেৱা । দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ কাৰ্যবাহী সঞ্চালক অনুজ দয়ালে সদৰী কৰে এই কথা ৷ তেওঁ কয়, আৰক্ষী আয়ুক্তৰ পৰা পোৱা অনুৰোধ আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ আয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে । অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ পুৱা ৪ বজাৰ পৰা পুৱা ৬ বজালৈ ৩০ মিনিটৰ ব্যৱধানত আৰু পুৱা ৬ বজাৰ পিছত সাধাৰণ দিনৰ দৰে মেট্ৰ’ চলিব ।

দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই দিল্লী মেট্ৰ’ৰ পৰিচালন সঞ্চালকলৈ এখন পত্ৰ লিখি কয় যে অহা ৮, ৯ আৰু ১০ ছেপ্টেম্বৰত পুৱা ৪ বজাত মেট্ৰ’ চলাব লাগে, যাতে সাধাৰণ ৰাইজৰ লগতে কৰ্তব্যৰত আৰক্ষীয়ে কোনো অসুবিধাৰ সম্মুখীন নহয় । যান-বাহন নিষেধাজ্ঞাৰ বাবে নতুন দিল্লী আৰু দক্ষিণ-পশ্চিম দিল্লীত সমস্যাৰ সৃষ্টি হ’ব পাৰে । গতিকে পুৱা ৪ বজাত মেট্ৰ’ চলাব লাগে, যাতে আৰক্ষীয়ে সময়মতে উপস্থিত হৈ কৰ্তব্যত যোগদান কৰিব পাৰে ।

উল্লেখ্য যে, জি-২০ৰ নিৰাপত্তাৰ ব্যৱস্থাত নিয়োগ কৰা হ’ব ৪০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষী । সন্মিলনস্থলী অৰ্থাৎ আইইচিচি, আইটিপিঅ' আৰু ৰাজঘাটত অনুষ্ঠান পুৱাৰে পৰা আৰম্ভ হ'ব, সেয়েহে এই স্থানসমূহৰ বাবে কৰ্মচাৰীসকলৰ উপস্থিত হোৱাৰ সময় পুৱা ৫ বজাৰ পৰা নিৰ্ধাৰণ কৰা হৈছে । দিল্লী আৰক্ষী আয়ুক্তগৰাকীয়ে পত্ৰখনত লিখিছে যে জি-২০ৰ সুৰক্ষা আৰু বিভিন্ন কৰ্তব্যৰ বাবে ৪০ হাজাৰৰো অধিক দিল্লী আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । পুৱা ৪ বজাৰ পৰা মেট্ৰ’ চলাব লাগে যাতে জি-২০ শীৰ্ষ সন্মিলনত কৰ্তব্যৰত আৰক্ষী আৰু অন্যান্য কৰ্মচাৰীসকলে নিৰ্দিষ্ট স্থানত সময়মতে উপস্থিত হয় ।

লগতে পঢ়ক: Delhi G20 Summit : কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ বাবে আগতীয়া মেট্ৰো সেৱা বিচাৰিছে দিল্লী আৰক্ষী আয়ুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.