ETV Bharat / bharat

গুগলৰ আবেদন: কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

author img

By

Published : Jun 2, 2021, 5:02 PM IST

Delhi High Court seeks responses from Centre on Google's plea
গুগলৰ আবেদন সন্দৰ্ভত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

গুগলে দাখিল কৰা আবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ২৫ জুলাইলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিলে দিল্লী উচ্চ ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰ, দিল্লী চৰকাৰ, ভাৰতৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা, ফেচবুক আৰু এগৰাকী মহিলালৈ জাননী জাৰি কৰি দিল্লী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ।

নেশ্যনেল ডেস্ক, ২ জুন : ডিজিটেল মাধ্যমৰ বাবে তথ্য প্ৰযুক্তিৰ নিয়ম গুগলৰ চাৰ্ছ ইঞ্জিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি দাবী কৰিছে গুগল এল এল চিয়ে । এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি ন্যায়লয়ৰ এজনীয়া বিচাৰপীঠে দিয়া আদেশ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে গুগলে ।

দৰাচলতে এগৰাকী মহিলাৰ ফটো একাংশ অসাধু লোকে পৰ্ণ'গ্ৰাফিক ৱেবছাইটত আপলোড কৰিছিল আৰু এই সন্দৰ্ভত আদালতে নিৰ্দেশ দিয়া স্বত্বেও ফটোখন ৱেবছাইটটোৰ পৰা সম্পূৰ্ণৰূপে আঁতৰ কৰিব পৰা নাছিল । ফটোখন আন ৱেবছাইটতো শ্বেয়াৰ কৰা হৈছিল । ইয়াৰ পিছতে এজনীয়া বিচাৰপীঠে তথ্য প্ৰযুক্তিৰ নিয়ম সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰে । পিছতে গুগলে ন্যায়ালয়ত এখন আবেদন দাখিল কৰি কয় যে, তথ্য প্ৰযুক্তিৰ নিয়ম গুগলৰ চাৰ্ছ ইঞ্জিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ।

বুধবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ বিচাৰপীঠে কেন্দ্ৰ, দিল্লী চৰকাৰ, ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা, ফেচবুক, পৰ্ণ'গ্ৰাফিক ৱেবছাইট আৰু উক্ত মহিলাগৰাকীলৈ জাননী জাৰি কৰে আৰু ২৫ জুলাইৰ ভিতৰত গুগলৰ আবেদনৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে এই সময়ত অগ্ৰীম জামিন দিয়া নহ'ব বুলিও আদালতে স্পষ্ট কৰি দিয়ে ।

আনহাতে, গুগলে দাবী কৰিছে যে, এজনীয়া বিচাৰপীঠে ২০ এপ্ৰিলৰ ৰায়ত আবেদনকাৰীৰ চাৰ্ছ ইঞ্জিনত নতুন নিয়ম ২০২১ৰ ভুল ব্যাখ্যা আৰু ভুল প্ৰয়োগ কৰিছে । ইয়াৰ উপৰিও, ন্যায়াধীশে তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰা আৰু ইয়াৰ অধীনত নিৰ্ধাৰিত পৃথক নিয়মবোৰ একত্ৰিত কৰিছে বুলিও গুগলে অভিযোগ কৰিছে ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.