ETV Bharat / bharat

India vs Bharat controversy : ইণ্ডিয়া মিত্ৰজোঁটৰ নাম ভাৰত কৰিলে বিজেপিয়ে কি কৰিব ? কেজৰিৱালৰ প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 5:24 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপিক প্ৰশ্ন কৰিছে যে যদি শেহতীয়াকৈ গঠন কৰা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই নিজৰ নাম সলনি কৰি ভাৰত কৰে তেন্তে ভৱিষ্যতে পুনৰ ভাৰত নাম সলনি কৰিব নেকি । ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ আপ নেতাগৰাকীয়ে দেশৰ নাম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত তীব্ৰ আপত্তি দৰ্শাইছে ।

India vs Bharat controversy
India vs Bharat controversy

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : বৰ্তমান ইণ্ডিয়া বনাম ভাৰত বিতৰ্ক তুংগত আছে । শাসক-বিৰোধী উভয়ে উঠি-পৰি লাগিছে এই বিতৰ্কত । আনহাতে, চলিত এই বিতৰ্ক সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপিক ভাৰত সন্দৰ্ভত প্ৰশ্ন কৰিছে । কেজৰিৱালৰ প্ৰশ্ন, যদি শেহতীয়াকৈ গঠন হোৱা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই নিজৰ নাম ভাৰতলৈ সলনি কৰে তেন্তে ভৱিষ্যতে পুনৰ এবাৰ ভাৰত নাম সলনি কৰিব নেকি ? আনহাতে, ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ আপ নেতাগৰাকীয়ে দেশৰ নাম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত তীব্ৰ আপত্তি দৰ্শাইছে ।

যদি ইণ্ডিয়া মিত্ৰজোঁটে নিজৰ নাম ভাৰতলৈ সলনি কৰে, তেন্তে বিজেপিয়ে 'ভাৰত'ৰ সলনি আন কিবা নাম ল'ব নেকি ? অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰে । তেওঁ তামিলনাডুৰ মন্ত্ৰী উদয়ানিধিৰ মন্তব্যৰ পৰা সৃষ্টি হোৱা ৰাজনৈতিক ধুমুহাৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে । কেজৰিৱালে এই সন্দৰ্ভত কেৱল কয় যে সকলোৱে ইজনে সিজনৰ ধৰ্মক সন্মান কৰা উচিত আৰু আনৰ বিশ্বাসৰ বিৰুদ্ধে কথা নক'ব লাগে ।

"ময়ো সনাতন ধৰ্মৰ অন্তৰ্ভুক্ত । আমি ইজনে সিজনৰ ধৰ্মক সন্মান কৰা উচিত, আনৰ বিশ্বাসৰ বিৰুদ্ধে কথা কোৱাটো ভুল ।" দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয় ।

আনহাতে, চৰকাৰৰ সূত্ৰই পূৰ্বতে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছিল যে ইণ্ডিয়াক ভাৰত নাম দিয়াৰ বাবে সংসদৰ ১৮ ছেপ্টেম্বৰৰ বিশেষ অধিবেশনত এটা প্ৰস্তাৱ অনাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ আছে । ইফালে ইণ্ডিয়া ব্লকৰ আন এগৰাকী নেতা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে আমি সকলোৱে জানো যে দেশৰ নাম ভাৰত । কিন্তু বাহিৰৰ বিশ্বই আমাক কেৱল ইণ্ডিয়া বুলিহে জানে ।

লগতে পঢ়ক :India vs Bharat Row : বিশ্বই আমাক ইণ্ডিয়া বুলিয়ে জানে; কেন্দ্ৰৰ ভাৰত পদক্ষেপক মমতাৰ উপহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.