Subrata Mukherjee ৰ মৃত্যু : খহি পৰিল বংগৰ ৰাজনীতিৰ এটা শক্তিশালী স্তম্ভ

author img

By

Published : Nov 5, 2021, 6:41 PM IST

death-news-of-subrata-mukherjee

বৃহস্পতিবাৰে নিশা 9.22 বজাত বংগৰ ৰাজনীতিৰ অন্যতম জনপ্ৰিয় নেতা সুব্ৰত মুখাৰ্জীৰ পৰলোকপ্ৰাপ্তি ঘটে । শেহতীয়াভাৱে পশ্চিম বংগ চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী হৈ আছিল সুব্ৰত মুখাৰ্জী ৷

নিউজ ডেস্ক, 5 নৱেম্বৰ : বংগৰ ৰাজনীতিৰ অন্যতম বৰ্ণময় চৰিত্ৰ সুব্ৰত মুখাৰ্জীৰ বৃহস্পতিবাৰে নিশা 9.22 বজাত পৰলোকপ্ৰাপ্তি ঘটে । বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা মুখাৰ্জী ষ্টেণ্ট থ্ৰম্বোচিছত ভুগি আছিল । ষাঠিৰ দশকৰ এজন তেজস্বী ছাত্ৰ নেতা হিচাপে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল প্ৰয়াত মুখাৰ্জী ৷ পিছলৈ তেওঁ বংগৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিচিত হয় ।

তেওঁ যেতিয়া ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছিল তেওঁ ৰাজ্যখনৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল । আজি পৰ্যন্ত তেওঁৰ সেই অভিলেখ ভংগ হোৱা নাই ৷ শেহতীয়াভাৱে পশ্চিম বংগ চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী হৈ আছিল সুব্ৰত মুখাৰ্জী ৷

তেওঁ 2000 চনৰ পৰা 2005 চনলৈ কলকাতাৰ মেয়ৰ হৈছিল আৰু এই দায়িত্বটো তেওঁ বহুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । ২০১১ চনৰ পৰা পুনৰ ৰাজ্যিক কেবিনেটৰ এজন সদস্য হৈছিল মুখাৰ্জী ।

শুকুৰবাৰে এইজন জনপ্ৰিয় নেতাৰ নশ্বৰ দেহৰ সৈতে তেওঁৰ অনুৰাগীসকলে এটা বিশাল ৰেলীৰে অন্তিম যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে ৷ পিছত প্ৰয়াত মুখাৰ্জীৰ নশ্বৰদেহটো কেওৰাটালালৈ লৈ যোৱা হয় । তাতেই তেওঁক ৰাজ্যিক মৰ্যদাৰে শূণ্যলৈ গুলী ফুটাই শেষ শ্ৰদ্ধা জনোৱা হয় ।

লগতে পঢ়ক : অসহায় ব্যক্তিৰ স্বীকাৰোক্তি; 'গাখীৰ খুওৱাই সাপ পুহিছিলো মই' !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.